উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰত জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক বন্ধ হৈ পৰিছে। ভাৰত এই অভিযোগ নাকচ কৰি ইয়াক “অৰ্থহীন” আৰু “উদ্দেশ্য প্ৰণোদিত” বুলি অভিহিত কৰে।#WATCH | New York: On India-Canada row, Sri Lanka’s Foreign Minister Ali Sabry says "Some of the terrorists have found safe haven in Canada. The Canadian PM has this way of just coming out with some outrageous allegations without any supporting proof. The same thing they did for… pic.twitter.com/J2KfzbAG99
— ANI (@ANI) September 25, 2023
‘মই নাভাবো যে কোনোৱে আন দেশত নাক সোমাই কেনেকৈ দেশ শাসন কৰিব লাগে সেই কথা ক’ব লাগে। আমি আমাৰ দেশক আন সকলোতকৈ বেছি ভাল পাওঁ। সেইবাবেই আমি আমাৰ দেশত আছো। তেওঁৰ বক্তব্যক লৈ আমি একেবাৰেই সুখী নহয়। ভাৰত মহাসাগৰৰ পৰিচয় অতি গুৰুত্বপূৰ্ণ আৰু আমি আঞ্চলিক স্থাপত্যক শক্তিশালী কৰাৰ প্ৰয়োজন। আমি আমাৰ অঞ্চলটো চোৱাচিতা কৰিব লাগিব। আমি একেলগে কাম কৰিব লাগিব। তেনেকৈয়ে আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব পাৰো। আমি আমাৰ কাম-কাজ কেনেকৈ চলাব লাগে সেই বিষয়ে আন কাৰোবাই নিৰ্দেশ দিয়া উচিত নহয়”, তেওঁ লগতে কয়।#WATCH | New York: On the current situation in the country and India's assistance, Sri Lanka’s Foreign Minister Ali Sabry says "The situation is much better compared to last year. Inflation has come down, the Rupee has stabilised, reserves have risen, and tourism has increased...… pic.twitter.com/rt7seSdqBV
— ANI (@ANI) September 25, 2023