নতুন দিল্লী
ভাৰতৰ প্রতিবেশী ৰাষ্ট্র বাংলাদেশত বিগত কেইবামাহ ধৰি অব্যাহত আছে ৰাজনৈতিক অস্থিৰতা।ছাত্র আন্দোলন, ব্যাপক সংঘর্ষ আৰু প্রধানমন্ত্রী হাছিনাৰ দেশ ত্যাগৰ জোৱাৰ অব্যাহত আছিল যোৱা আগষ্ট মাহলৈ। পিচে এনে ৰাজনৈতিক অস্থিৰতা সত্ত্বেও ভাৰতলৈ হঠাতে হ্রাস পাইছে বাংলাদেশী পর্যটকৰ আগমনৰ সংখ্যা।
যিটো সময়ত বাংলাদেশী প্ৰব্ৰজনৰ বিষয়টোৱে ভাৰতত গুৰুত্ব লাভ কৰি আহিছে, সেইটো সময়তে কিন্তু বৈধভাৱে ভাৰতলৈ হ্রাস পাইছে বাংলাদেশী পৰ্যটকৰ আগমন। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ আগষ্ট মাহলৈ ১৩ লাখ বাংলাদেশী পৰ্যটকৰ ভাৰতলৈ আগমন ঘটিছে। এই তথ্য আগবঢ়াইছে কেন্দ্রীয় ইমিগ্রেচন ম্যালয়ে। যোৱা ১০ বছৰত ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যাৰে আমেৰিকাৰ পিচতে আছিল বাংলাদেশৰ লোক।
২০১৯ চনত ভাৰতলৈ আহিছিল ২৫,৭৭,৭২৭ জন বাংলাদেশী পর্যটক। তাৰ পিচৰ তিনি বছৰ ক'ভিডৰ বাবে এই সংখ্যা হ্রাস পায়। ২০২০ চনত প্রায় চাৰে পাঁচ লাখ, ২০২১ চনত প্রায় আঢ়ৈ লাখ আৰু ২০২২ চনত ১২,৭৭,৫৫৭ জন বাংলাদেশী পর্যটক ভাৰতলৈ আহিছিল। যোৱা বছৰ প্ৰায় ২১ লাখ বাংলাদেশী পর্যটক ভাৰতলৈ আহিছিল। কিন্তু হঠাতে দেশখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে যদিও চলিত বর্ষত বাংলাদেশী পৰ্যটকৰ সংখ্যা হ্রাস পাইছে।
যোৱা আগষ্টত ভাৰতলৈ আহিছিল ৯৯,১৭৩ জন বাংলাদেশী পর্যটক। যিসকল বাংলাদেশী লোকে ভ্রমণ, চিকিৎসা বা ব্যৱসায় সংক্রান্তীয় কামত নিয়মিতভাৱে ভাৰতলৈ আহিছিল, তেওঁলোকেও এতিয়া আহিবলৈ এৰি দিছে বুলি প্রতিবেদনখনে সদৰী কৰিছে।