পেৰিছ
শতিকাটোৰ আটাইতকৈ প্রবল আৰু ঘাতক সামুদ্রিক ধুমুহা ছিডোৱে মোহাৰি লৈ গ'ল ভাৰত মহাসাগৰত থকা ফ্ৰান্সৰ দ্বীপ প্রদেশ মেয়ট্টেক। দক্ষিণ-পশ্চিম আফ্রিকাৰ এই দ্বীপত ঘূর্ণিত কেইবাহেজাৰো লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। শনিবাৰে নিশা ঘণ্টাত ২২৬ কিলোমিটাৰ বেগত অহা ঘূর্ণি ছিডোৰ সংহাৰ ইমানেই ভয়াৱহ আছিল যে দ্বীপটোৰ প্রায় এক লাখ লোকৰ বসতিৰ বৃহৎ এলেকা এটা সম্পূর্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়।
সর্বাধিক লোক এই এলেকাটোতে নিহত হয় বুলি আশংকা কৰা হৈছে। মূল ফ্ৰান্সৰ পৰা কেইবাশ কিলোমিটাৰ নিলগত অৱস্থিত আফ্ৰিকাৰ উত্তৰ-পশ্চিম মাদাগাস্কাৰ আৰু উত্তৰ-পশ্চিম মোজাম্বিকৰ মেয়ট্টেৰ মুঠ জনসংখ্যা তিনি লাখৰ অধিক। ঘূর্ণি ছিডোৰ সংহাৰৰ পিচতে দ্বীপ প্রদেশখনত ফ্রান্সে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন প্রতিষ্ঠান আৰু বিদেশী ৰাষ্ট্ৰই সাহায্য প্ৰেৰণৰ প্রতিশ্রুতি দিছে ফ্রান্স চৰকাৰক। উল্লেখযোগ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র'ৱে ঘূর্ণি ছিডোক 'মানৱীয় সংকট' বুলি অভিহিত কৰি আক্ৰান্তসকলৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সাহায্যৰ আহ্বান জনাইছিল।
বতৰ বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিবৰ্তনৰ প্রত্যক্ষ ফল হ'ল সামুদ্রিক ঘূর্ণি ছিডোৰ সংহাৰ। জলবায়ু পৰিবৰ্তনৰ বাবে ভাৰত মহাসাগৰ অধিক উত্তাল হৈ উঠিছে, সৃষ্টি হৈছে সঘন ঘূর্ণিৰ। মেয়ট্টেলৈ ইতিমধ্যে ফ্ৰান্সৰ পৰা উদ্ধাৰকৰ্মী, সেনা, চিকিৎসক আৰু অত্যাৱশ্যকীয় সাহায্য প্ৰেৰণ কৰা হৈছে। ফ্রান্সৰ নিকটৱর্তী অঞ্চল ৰিইউনিয়নৰ পৰা তাৎক্ষণিক সাহায্য প্ৰেৰণ কৰিছে ফ্রান্স চৰকাৰে।
উল্লেখযোগ্য যে, ফ্ৰান্সৰ অধীনস্থ হ'লেও মেয়ট্টে ইউৰোপিয়ান ইউনিয়নৰ অধীনৰ আটাইতকৈ দৰিদ্র ভূখণ্ড। তৎসত্ত্বেও মোজাম্বিক উপকূলৱর্তী এলেকাৰ ভিতৰত মেয়ট্টেই হ'ল আটাইতকৈ প্রাচুর্যপূর্ণ এলেকা, তাৰ বাবেই দ্বীপটোলৈ প্রব্রজন ঘটি আহিছে। দ্বীপটোৰ মূল অধিবাসীসকল পূব আফ্ৰিকাৰ পৰা অহা যদিও পিচৰ কালত আৰবৰ পৰা বয় জনস্রোত। দ্বীপ প্রদেশখনৰ ৭৩ শতাংশ লোকেই ইছলামধর্মী।
শনিবাৰৰ নিশাৰ ঘূৰ্ণিত মেয়ট্টেৰ হেজাৰ হেজাৰ বাসভৱন ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে পথ, দলং আৰু বিমান বন্দৰৰ বিস্তৰ ক্ষতি হয়। সম্পূর্ণৰূপে ধ্বংস হৈ পৰিছে দ্বীপটোৰ বিদ্যুৎ যোগান ব্যৱস্থা। টেলি যোগাযোগ ব্যৱস্থা ধ্বংস হৈ পৰাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে দ্বীপবাসী, ব্যাহত হৈছে উদ্ধাৰ অভিযানো।