ছিংগাপুৰ
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ(এছ এম ডব্লিউ)ত গ্ল’বেল মেৰিটাইম নেতৃত্বৰ সৈতে যোগদান কৰি সুৰক্ষিত, বহনক্ষম আৰু সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যতৰ বাবে আলোচনা কৰে। এই বিষয়ত সুসহংহত কৌশল উদ্ভাৱনৰ বিষয়ত মন্ত্ৰী সোণোৱালে গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ক্ষেত্ৰৰ প্ৰত্যাহ্বানসমূহ আৰু তাৰ সমান্তৰালভাবে সামুদ্ৰিক খণ্ডৰ বিকাশৰ পথসমূহ উন্মোচন কৰাৰ বিষয়ত আলোকপাত কৰে। সোণোৱালে সামুদ্ৰিক সংযোগ আৰু যোগান শৃংখল শক্তিশালী কৰাৰ লগতে সেউজ বহনক্ষম সামুদ্ৰিক ভৱিষ্যতৰ দিশত সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।
ডিজিটেলাইজেচন আৰু ভৱিষ্যতৰ ৰেডি শ্বিপিং সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই কেনেকৈ ভাৰতৰ সামুদ্ৰিক নীতিৰ মূল কৌশল হিচাবে বিবেচিত হৈছে, সেই বিষয়ত মন্তব্য কৰে। সোণোৱালে কয় যে ভাৰতৰ অ’এনঅ’পি, এনএলপি (মেৰিন), আৰু মৈত্ৰীৰ দৰে সামুদ্ৰিক নীতিয়ে বন্দৰ সেৱাসমূহ সুশৃংখলিত কৰিছে, লেনদেনৰ সময় কৰ্তন কৰিছে, আৰু বাস্তৱ সময়ৰ তথ্য সক্ষম কৰিছে। ভাৰতে ইউ এ ই আৰু ছিংগাপুৰৰ সৈতেও অংশীদাৰিত্ব কৰি নিৰৱচ্ছিন্ন কাৰ্গো চলাচলৰ বাবে ভাৰ্চুৱেল ট্ৰেড কৰিডৰ সৃষ্টি কৰিছে।
এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘বসুধৈৱ কুটুম্বকম’ৰ ভাৱনা শিপাই থকা ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগীয়ে সহযোগিতা আৰু ভাগ-বতৰাৰ মাজেৰে সমৃদ্ধিৰ প্ৰসাৰ ঘটায়। এক নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে ভাৰতে এক সেউজ, সুৰক্ষিত, আৰু সৰ্বাংগীন সামুদ্ৰিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ছিংগাপুৰ আৰু বিশ্ব অংশীদাৰসকলৰ সমান্তৰালভাৱে আমি এক সুস্থিৰ উদ্ভাৱন আৰু সামূহিক কাৰ্য্যৰে সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছো।”
সোণোৱালে এই সন্মিলনৰ সময়তে ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰাক্তন পি এম লি ছিয়েন লুঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ আইন মন্ত্ৰালয় আৰু পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মুৰালী পিল্লাইৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনশক্তি মন্ত্ৰী তথা ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ড০ টান ছি লেংকেকে ধৰি চৰকাৰৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়।
ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালকৃষ্ণনৰ সৈতেও তেওঁ মত বিনিময় কৰে। সোণোৱালে কয় যে ভাৰতে বাণিজ্যিক পথ সুৰক্ষিত কৰিবলৈ আই এম ই ই চি, ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ, আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে মূল কৰিডৰ বিকশিত কৰি যোগান শৃংখলৰ আঁসোৱাহসমূহ দূৰ কৰিছে। ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগে লজিষ্টিক, বন্দৰ সংযোগ, আৰু বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব।
ভাৰতে নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচটা জাহাজ নিৰ্মাণৰ স্থান লাভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। বন্দৰসমূহে ২০৪৭ চনৰ ভিতৰত তেওঁলোকৰ বিশ্বব্যাপী মালবাহী অংশীদাৰিত্ব ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, যিটো বহৰ আৰু জাহাজ নিৰ্মাণ কাৰখানা সম্প্ৰসাৰণৰ বাবে সামুদ্ৰিক উন্নয়ন পুঁজিৰ দ্বাৰা সমৰ্থিত। জিফ্ট চিটিয়ে সামুদ্ৰিক বিত্ত আৰু জাহাজ লিজিঙৰ বাবেও বিশ্বব্যাপী কেন্দ্ৰ হিচাপে উত্থান ঘটিছে, যিয়ে বিশ্ব পুঁজিলৈ প্ৰতিযোগিতামূলক প্ৰৱেশদ্বাৰ প্ৰদান কৰিছে।
সামৰণি ভাষণত সোণোৱালে কয়, "সাগৰে আমাক একত্ৰিত কৰে। অংশীদাৰিত্বৰ জৰিয়তে আমি আজিৰ সামুদ্ৰিক প্ৰত্যাহ্বানসমূহক বহনক্ষম সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি সেউজ জাহাজ কৰিডৰ নিৰ্মাণ আৰু সকলোৰে বাবে সুস্থিৰ সামুদ্ৰিক ভৱিষ্যত নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"