গুৱাহাটী
ভাৰত আৰু বাংলাদেশৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী দি ব্ৰহ্মপুত্ৰৰ ওপৰত তিবৃতত বিশ্বৰ বৃহত্তম নদীবান্ধ নির্মাণত অনুমোদন জনাইছে চীন চৰকাৰে। ভাৰতৰ সীমান্তৰ নিচেই কাষতে নির্মাণ হ'ব অভিলেখ ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ এই বহুমুখী নদীবান্ধ। হংকঙৰ পৰা প্ৰকাশিত 'দা ছাউথ চাইনা মর্নিং প'ষ্ট'-এ চৰকাৰী বাতৰি প্ৰতিষ্ঠান জিনহুৱাৰ উদ্ধৃতি দি এই বাতৰি প্ৰকাশ কৰিছে।
ব্ৰহ্মপুত্ৰই অৰুণাচল প্রদেশত প্ৰৱেশৰ বাবে যি স্থানত ইউ টার্ন লৈছে, সেই স্থানতে নির্মিত হ'ব দৈতকায় বান্ধটো। মানব ইতিহাসত এই প্রকল্পটোৱে হ'ব আটাইতকৈ একক বৃহৎ প্রকল্প, প্রকল্পটোত এবছৰত উৎপাদন হ'ব ৩০০ বিলিয়ন কিলোৱাট ঘণ্টা বিদ্যুৎ। এয়াও হ'ব বিশ্বব নতুন অভিলেখ। এই বিদ্যুতেৰে ৩০ কোটি লোকৰ বিদ্যুৎ চাহিদা পূৰণ কৰিব। ব্ৰহ্মপুত্ৰৰ ওপৰত (তিবৃতীয় নাম য়াবলুং জাংপো নদী) চীনে নির্মাণ কৰিবলৈ ওলোৱা নদীবান্ধে ভংগ কৰিব নিজৰেই 'থ্রি গর্জেছ ডেম'ৰ অভিলেখ।
থ্রি গর্জেছ বান্ধ নির্মাণত যি সময়ত ব্যয় হৈছিল ২৫৪.২ বিলিয়ন য়ুৱান অর্থাৎ ৩৪.৮৩ বিলিয়ন মার্কিন ডলাৰ। তাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন বৃহৎ বান্ধত ব্যয় হ'ব কমেও ১৩৭ বিলিয়ন মার্কিন ডলাৰ। প্ৰকল্প সম্পূর্ণ হোৱালৈ অধিক বৃদ্ধি পাব পাৰে নিৰ্মাণ ব্যয়। এই সময়লৈকে থ্রি গর্জেছ বান্ধেই হ'ল বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ তথা জলবিদ্যুৎ প্রকল্প। নতুন নদীবান্ধটো হ'ব থ্রি গর্জেছ বান্ধতকৈ চাৰিগুণে বৃহৎ। থ্রি গর্জেছ প্রকল্পত বিদ্যুৎ উৎপাদন হয় ২২.৫ নিযুত কিলোৱাট। ব্রহ্মপুত্র অর্থাৎ য়াৰলুং জাংপো নদীৰ ওপৰত নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পার্টিৰ বার্ষিক বৈঠকত ২০২০ চনত।
দেশখনৰ ২০২১-২৫ চনৰ চতুৰ্দশ সংখ্যক পঞ্চম বার্ষিক পৰিকল্পনাৰ অংশ আছিল ব্ৰহ্মপুত্ৰৰ নদীবান্ধ প্রকল্পটো। চীনৰ সংবাদ প্রতিষ্ঠান জিনহুৱাৰ বাতৰিত কোৱা হৈছে- চীনত কার্বন নির্গমণ ৰোধৰ লক্ষ্যত উপনীত হোৱাৰ লগতে ইঞ্জিনীয়াৰিং সম্পর্কিত উদ্যোগসমূহক শক্তিশালী কৰা আৰু তিবৃতত কর্মসংস্থাপন বৃদ্ধিৰ ক্ষেত্ৰত এই প্রকল্পটোরে গুরুত্বপূর্ণ ভূমিকা পালন কৰিব। প্রকল্প সম্পূর্ণ হ'লে তিবৃত স্বায়ত্তশাসিত অঞ্চলে বছৰি লাভ কৰিব ২০ বিলিয়ন যুৱান (৩ বিলিয়ন মার্কিন ডলাব)।
'দা ছাউথ চাইনা মর্নিং পষ্ট'ৰ বাতৰিত লগতে কোৱা হৈছে- ব্রহ্মপুত্ৰৰ জলবিদ্যুৎ আহৰণৰ বাবে নামচা বাৰৱা পৰ্বতৰ তলেদি ৬টাকৈ ২০ কিঃমিঃ দৈর্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰি প্ৰতি ছেকেণ্ডত প্রায় ২,০০০ কিউবিক মিটাৰ অর্থাৎ ব্ৰহ্মপুত্ৰৰ আধা পানী বোৱাই নিয়া হ'ব। তিবৃতত ব্ৰহ্মহ্মপুত্ৰৰ ওপৰত নদীবান্ধ নির্মাণৰ দায়িত্বত থকা ৰাষ্ট্রায়াত্ত 'পাৱাৰ কনষ্ট্রাকচন কৰ্প'ৰেচন অব্ চাইনা'ৰ তৰফৰ পৰা কোৱা হৈছে যে এই জলবিদ্যুৎ প্রকল্পই কার্বনশূন্য উন্নয়ন সম্ভবেই নহয়, সমগ্র এলেকাটোত সৌৰশক্তি আৰু বায়ু শক্তি উৎপাদনতো সহায় কৰিব, প্রকল্পটো সম্পূর্ণ হৈ উঠিলে বিদ্যুৎ আন্তঃগাঁথনি, জল সংৰক্ষণ আৰু পৰিবহণত বিপ্লৱ আনিব। লগতে তিবুত আৰু দেশখনৰ অন্যান্য এলেকাৰ উন্নয়নত সমগতি আনিব।
অৱশ্যে এই প্রকল্প নির্মাণ হ'ব চীনা অভিযন্তাসকলৰ বাবে এক বৃহৎ প্রত্যাহ্বান। কিয়নো বিশ্বৰ আটাইতকৈ ভূঁইকপপ্রৱণ এলেকাত নির্মাণ হ'বলগা এই প্রকল্পত ল'ব লাগিব ব্যাপক সাৱধানতা। চীনে এই প্রকল্পৰ দ্বাৰা ভটিয়নী এলেকাৰ ভাৰত আৰু চীন ক্ষতিগ্রস্ত নহয় বুলি দাবী কৰা হৈছে যদিও দেশ দুখনৰ পাৰিপার্শ্বিক আৰু ভৌগোলিক অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। বছৰটোৰ অধিককাল ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ বাবে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বৃহৎ এলেকাত দেখা যাব জলসংকট, বিঘ্নিত হ'ব জলজ প্রাণীৰ জীৱন। নতুন ক্ষমতাধৰ ৰাষ্ট্ৰ চীনৰ অভিলাষী নদীবান্ধ প্রকল্পৰ বিৰুদ্ধে ভাৰত আৰু বাংলাদেশে কি স্থিতি গ্রহণ কৰে সেয়া লক্ষণীয় হ'ব।