খালিস্তানী নেতা নিজ্জাৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ কোনো সঠিক প্ৰমাণ আমাৰ হাতত নাইঃ প্ৰধানমন্ত্ৰীৰ স্বীকাৰোক্তি

Story by  atv | Posted by  [email protected] • 1 d ago
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো

অট'ৱা

খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক কেন্দ্ৰ কৰি ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে। এই হত্যাকাণ্ডত ভাৰত জড়িত থকা বুলি কানাডাই বাৰম্বাৰ অভিযোগ কৰি থকাৰ সমান্তৰালকৈ ভাৰত চৰকাৰে বিষয়টোক নস্যাৎ কৰি আহিছে। এনে সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বৃহস্পতিবাৰে নিৰ্লজ্জভাৱে স্বীকাৰ কৰিছে যে নিজ্জাৰ হত্যাকাণ্ডত ভাৰতীয় এজেণ্ট জড়িত থকা সন্দৰ্ভত কানাডাৰ হাতত কোনো সঠিক বা স্পষ্ট প্ৰমাণ নাছিল। তেওঁৰ মতে কানাডাৰ হাতত কেৱল চোৰাংচোৱা তথ্যহে আছিল।
 
ফেডাৰেল নিৰ্বাচনী প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহত বিদেশী হস্তক্ষেপ সন্দৰ্ভত ৰাজহুৱা তদন্তত ট্ৰুডোৱে দাবী কৰে যে ভাৰতীয় কূটনীতিবিদসকলে নৰেন্দ্ৰ মোদী চৰকাৰৰ সৈতে মত-বিৰোধ থকা কানাডিয়ানসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে আৰু সেই তথ্য ভাৰত চৰকাৰৰ শীৰ্ষ পৰ্যায়লৈ প্ৰেৰণ কৰিছে আৰু লৰেন্স বিষ্ণৈ গেঙৰ দৰে অপৰাধী সংগঠনসমূহক জড়িত কৰিছে।
 
তেওঁ কয়, "মোক এই বিষয়ে অৱগত কৰা হৈছিল যে ফাইভ আইজ মিত্ৰশক্তিৰ পৰা কানাডাৰ হাতত চোৰাংচোৱা তথ্য আছিল যে ভাৰত ইয়াত জড়িত আছিল। ভাৰত চৰকাৰৰ এজেণ্টসকল কানাডাৰ ভূমিত এজন কানাডিয়ানৰ হত্যাত জড়িত আছিল বুলি মোক জনোৱা হৈছিল। এনেকুৱা তথ্যক তেওঁৰ চৰকাৰে অত্যন্ত গুৰুত্বসহকাৰে ল'ব লগা হৈছিল।"
 
ট্ৰুডোৱে কয়, "ফাইভ আইজ নেটৱৰ্ক হৈছে আমেৰিকা, ইউ কে, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজীলেণ্ডক লৈ গঠিত এক চোৰাংচোৱা মিত্ৰজোঁট। ই নিৰীক্ষণ কৰাৰ লগতে ইন্টেলিজেন্স সংকেত দিয়ে। ভাৰত সঁচাকৈয়ে এই ঘটনাত জড়িত আছিল বুলি আমি বিশ্বাস কৰিবলগা হৈছিল কাৰণ এই অভিযোগ চোৰাংচোৱা মিত্ৰজোঁটে আমাক দিছিল।’’ ট্ৰুডোৱে কয় যে তেওঁৰ চৰকাৰৰ তাৎক্ষণিক দৃষ্টিভংগী আছিল ভাৰত চৰকাৰৰ সৈতে একেলগে কাম কৰা।
 
বিগত বছৰ ছেপ্টেম্বৰত ভাৰতে আয়োজন কৰা জি-২০ সন্মিলনৰ কথা স্মৰণ কৰি তেওঁ কয় যে এয়া ভাৰতৰ বাবে এক ডাঙৰ মুহূৰ্ত আৰু কানাডাই যদি এই অভিযোগ ৰাজহুৱা কৰিলেহেঁতেন, তেন্তে ভাৰতৰ বাবে সন্মিলনখন অতি অস্বস্তিকৰ হ'লহেঁতেন। সেয়ে কানাডাই সকলো বিষয় মুকলি কৰাৰ পৰিৱৰ্তে গোপনে কাম কৰি যোৱাৰ সিদ্ধান্ত লৈছিল। 
 
ট্ৰুডোৱে কয় যে ভাৰতীয় পক্ষই প্ৰমাণ বিচাৰিছিল আৰু আমাৰ সঁহাৰি দিছিলো। আমি ক'লো, ঠিক আছে, আহক একেলগে কাম কৰো আৰু আপোনালোকৰ সুৰক্ষা সেৱাবোৰ পৰ্যৱেক্ষণ কৰো আৰু হয়তো আমি তেতিয়া সেইটো সম্পন্ন কৰিব পাৰো।
 
ট্ৰুডোৰ মতে অভিযোগসমূহৰ প্ৰতি ভাৰতীয় সঁহাৰি আৰু কানাডাৰ অনুসন্ধান আছিল কানাডিয়ান চৰকাৰৰ বিৰুদ্ধে আক্ৰমণ। কানাডিয়ান চৰকাৰৰ সততাৰ বিৰুদ্ধে আক্ৰমণ। কিয়নো ভাৰতৰ পৰা ডজন ডজন কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছে।
 
শেহতীয়াকৈ ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে দাবী কৰিছিল যে তেওঁলোকৰ হাতত প্ৰমাণ আছে যে ২০২৩ চনৰ জুনত নিজ্জাৰ হত্যাৰ কথিত ষড়যন্ত্ৰত ৬ গৰাকী ভাৰতীয় কূটনীতিবিদ জড়িত আছিল। তেওঁলোকক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে। ইয়াৰ পিছত পুনৰ অভিযোগ কৰিছিল যে গেংষ্টাৰ লৰেন্স বিষ্ণৈ ভাৰতৰ চৰকাৰৰ সহযোগিতাৰে কানাডাত কাম কৰি আছে।