ট্ৰাম্পৰ ২৫ শতাংশ শুল্ক ভাবুকিয়ে তেল আমদানিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব ভাৰতক

Story by  atv | Posted by  Munni Begum • 5 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নিউয়ৰ্ক
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ পৰা ৰপ্তানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকিয়ে ভাৰতক যথেষ্ট পৰিমানে প্ৰভাৱিত কৰিব।   
 
সোমবাৰে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে ঘোষণা কৰিছে যে, যিসকল দেশে ভেনিজুৱেলাৰ পৰা তেল আৰু গেছ ক্ৰয় কৰে, আমাৰ দেশৰ সৈতে কৰা যিকোনো বাণিজ্যৰ ওপৰত আমেৰিকাক ২৫ শতাংশ শুল্ক দিবলৈ বাধ্য হ’ব।
 
খবৰ অনুসৰি ২০২৪ চনত ভাৰতে প্ৰতিদিনে ৬৩,১১৫ বেৰেল (bpd) তেল আমদানি কৰিছিল। ইয়াৰ উপৰিও ভেনিজুৱেলাৰ সৈতে পেট্ৰলিয়াম ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ নতুন দিল্লীৰ পৰিকল্পনাক প্ৰভাৱিত কৰিব। 
 
ট্ৰাম্পে কয় যে, ২৫ শতাংশ শুল্ক ২ এপ্ৰিলৰ পৰা বলৱৎ কৰা হ’ব, যেতিয়া তেওঁ সকলো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। পাৰস্পৰিক শুল্ক কম কঠোৰ আৰু কিছুমান খণ্ডৰ প্ৰতি নিৰ্দেশিত হ’ব পাৰে বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে এই নতুন ভাবুকি পোহৰলৈ আহিছে।
 
আন কেইবাখনো দেশ এই শুল্কৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। সেইয়া চীনকে ধৰি যিবোৰ ভেনিজুৱেলাৰ আটাইতকৈ ডাঙৰ আমদানিকাৰক দেশ হয়। 
 
কিন্তু আমেৰিকা নিজেই ভেনিজুৱেলাৰ তেল আমদানিকাৰক দেশসমূহৰ ভিতৰত অন্যতম যিয়ে যোৱা বছৰ ইয়াৰ পৰা ২ লাখ ২৮ হাজাৰ বিপিডি লাভ কৰিছিল। 
 
ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ তেল কোম্পানী চেভ্ৰনক দুমাহৰ সময় দিছিল ভেনিজুৱেলাত আমেৰিকালৈ তেল ৰপ্তানি কৰা কাৰ্য্যকলাপ শেষ কৰিবলৈ।
 
ভাৰতে ভেনিজুৱেলাৰ সৈতে বাণিজ্য সম্প্ৰসাৰণৰ বাবে চেষ্টা চলাই আহিছে। পেট্ৰলিয়াম পৰ্টফলিঅ’ৰ দায়িত্বত থকা ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ফেব্ৰুৱাৰী মাহত শক্তি ভাৰত সপ্তাহৰ অনুষ্ঠানৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল। 
 
ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু অন্যান্য বিষয়াৰ সৈতে সাক্ষাৎ কৰে। এনাৰ্জি ৱাচে কয় যে পুৰীয়ে ভেনিজুৱেলাৰ পৰা আমদানি বৃদ্ধিৰ আশাবাদী যেন লাগিছে।