নতুন দিল্লী
দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পাছতে কেইবাটাও গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত ট্ৰাম্পৰ। ট্ৰাম্পে বাতিল কৰিলে বাইডেনৰ দিনত লোৱা ৭৮টা সিদ্ধান্ত। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ সদস্য পদ ত্যাগ আমেৰিকাৰ। পেৰিছ জলবায়ু চুক্তিৰ পৰাও আঁতৰিব আমেৰিকা। কেপিটল হিলছ আক্ৰমণৰ ১৫০০ অভিযুক্তক ক্ষমা দান।
ফেব্ৰুৱাৰীৰ পৰা মেক্সিক’-কানাডাৰ ওপৰত ২৫ শতাংশ শুল্ক। আমেৰিকাত তৃতীয় লিংগক অমান্য ঘোষণা। আমেৰিকা-মেক্সিক’ সীমান্তক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা। আঁতৰালে ‘টিক-টক’ৰ ওপৰত থকা নিষেধাজ্ঞা। প্ৰথম অৱস্থাত ৭৫ দিনলৈকে সময়সীমা বৃদ্ধি।
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি তথা দেশখনৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰে। ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত দেশ বিদেশৰ ১০০ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। পৰম্পৰাগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৱেষ্ট লনৰ মুকলি ঠাইত শপতগ্ৰহণ কৰাৰ সলনি এইবাৰ প্ৰচণ্ড শীতৰ বাবে ড’নাল্ড ট্ৰাম্পে কেপিটল হলতহে শপতগ্ৰহণ কৰে আৰু আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ড’নাল্ড ট্ৰাম্পক জন ৰবাৰ্টে শপত বাক্য পাঠ কৰায়।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লৈ ড’নাল্ড ট্ৰাম্পে আমেৰিকাক লৈ অনাগত চাৰিবছৰৰ পৰিকল্পনা প্ৰকাশ কৰে। ড’নাল্ড ট্ৰাম্পৰ লগতে জে ডি ভেন্সে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত সবাতোকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰে। শপতগ্ৰহণৰ দিনটোত ড’নাল্ড ট্ৰাম্পৰ বয়স ৭৮ বছৰ ২২০ দিন। চাৰি বছৰ পূৰ্বে আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে ৭৮ বছৰ ৬১ দিন বয়সত জ’ বাইডেনে শপত গ্ৰহণ কৰিছিল।
য়াৰ পূৰ্বেও ড’নাল্ড ট্ৰাম্পৰ নামতে এই অভিলেখ আছিল। ২০১৭ চনৰ ২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে প্ৰথমবাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰোঁতে ট্ৰাম্পৰ বয়স আছিল ৭০ বছৰ ২২০ দিন। ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ সময়ত অধিক বয়সস্থ হিচাপে পূৰ্বৰ অভিলেখ আছিল ৰনাল্ড ৰেগন আৰু ইউলিয়াম হেৰিছনৰ নামত। ৰ’নাল্ড ৰেগনৰ শপত গ্ৰহণৰ সময়ত বয়স আছিল ৬৯বছৰ ৩৪৮ দিন। আৰু উইলিয়াম হেৰিছনৰ বয়স আছিল ৬৮ বছৰ ২৩ দিন।