নতুন দিল্লী
আমেৰিকাত সংঘটিত বিয়াগোম যৌন কেলেংকাৰীসমূহৰ ফাইল খুলিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। ক্ষমতালৈ অহাৰ পিচৰে পৰা ট্রাম্পৰ ইটোৰ পিচত সিটো সিদ্ধান্তই ৰাজনৈতিক মহলত খলকনি তুলি আহিছে।
এইবাৰ ট্রাম্পে জেফ্রি এপষ্টিনৰ যৌন কেলেংকাৰীৰ ফাইল মুকলি কৰিব। আমেৰিকাৰ ৰাজনীতিত ইতিমধ্যে এপষ্টিনৰ যৌন কেলেংকাৰীৰ সৈতে বহু বিয়াগোম নেতাৰ নাম সাঙোৰ খাই থকাটো চর্চিত হৈছে।
আমেৰিকাৰ এটর্নি জেনেৰেল পাম-বণ্ডীয়ে সদৰী কৰামতে ট্রাম্পৰ এই সিদ্ধান্তৰ সবিশেষ অচিৰেই পোহৰলৈ আহিব। স্মর্তব্য যে ২০১৯ চনত কাৰাগাৰতে চিপ লৈ আত্মহত্যা কৰিছিল এপষ্টিনে।