প্ৰত্যাৱৰ্তনকলৈ অনিশ্চয়তা; মাৰ্চৰ শেষতহে পৃথিৱীলৈ উভতাৰ আশা সুনীতা উইলিয়ামছৰ

Story by  atv | Posted by  [email protected] • 1 d ago
মহাকাশচাৰী সুনীতা উইলিয়ামছ
মহাকাশচাৰী সুনীতা উইলিয়ামছ
 
নতুন দিল্লী
 
ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ প্রত্যাৱৰ্তনক লৈ পুনৰ অনিশ্চয়তাই গা কৰি উঠিছে। আন্তর্জাতিক মহাকাশ কেন্দ্রত বিগত কেইবামাহো সহযোগী ব্রুছ উইলমোৰৰ সৈতে আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছৰ প্রত্যাৱৰ্তনক লৈ কালি মার্কিন মহাকাশ সংস্থা নাছাই নতুন তথ্য সদৰী কৰিছে।
 
নাছাই পূর্বে কৈছিল যে অহা বছৰৰ ফেব্ৰুৱাৰীত দুয়োগৰাকী নভশ্চৰ পৃথিৱীলৈ উভতি আহিব। কিন্তু কালি নাছাই এইক্ষেত্রত স্পষ্ট কৰে যে দুয়ো অহা বছৰৰ মাৰ্চৰ সামৰণিতহে পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে। যোৱা জুন মাহত ব'য়িঙৰ ষ্টাৰলাইনাৰ মহাকাশ যানেৰে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ গৈছিল।
 
তাত উপস্থিত হোৱাৰ পিচতে ষ্টাৰলাইনাৰৰ বিজুতি ঘটাত পৃথিৱীলৈ দুয়োৰে প্ৰত্যাৱৰ্তনৰ দিন পিচুৱাই যায়। মাত্র আঠ দিনৰ বাবে যোৱা এই অভিযানে এতিয়া ৯ মাহৰো অধিক সময় অতিক্ৰম কৰিছে।