ঈদ-উল-ফিটৰ কেতিয়া; ৩১ মাৰ্চ নে ১ এপ্ৰিল ?

Story by  atv | Posted by  [email protected] • 7 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ ব্যুৰ
 
চলি আছে পবিত্ৰ ৰমজান মাহ। আজি ৰমজানৰ ২০ টা ৰোজা সম্পূৰ্ণ হ'ব। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰা আৰম্ভ কৰিছে। কিন্তু তেওঁলোকৰ ঈদ উদযাপনৰ দিন এতিয়ালৈ স্পষ্ট হোৱা নাই। সকলোৰে মনত এটাই প্ৰশ্ন, ৩১ মাৰ্চ নে ১ এপ্ৰিল ?
 
ভাৰতবৰ্ষৰ মুছলমানসকলে ঈদ-উল-ফিটৰক লৈ দোমোজাত থকাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে যে ২০২৫ চনৰ ২৯ মাৰ্চত (শনিবাৰে) আৰৱ আৰু ইয়াৰ নিকটৱৰ্তী ইছলামিক দেশ সমূহত শ্বাৱাল (ইছলামিক মাহ) মাহৰ অৰ্ধচন্দ্ৰ(কাঁচিজোন) দেখা পোৱা নাযায়।
 
আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰই ( আই এ চি) এক্সত এক বিবৃতিযোগে ব্যাখ্যা কৰে যে খালী চকু, টেলিস্কোপ বা এষ্ট্ৰ’ফ’ট’গ্ৰাফী ব্যৱহাৰ কৰিও এই অঞ্চলসমূহত অৰ্ধচন্দ্ৰ দেখা নাপাব। কাৰণ সূৰ্যৰ পোহৰ থাকোতেই চন্দ্ৰ অস্ত যাব বা সূৰ্যাস্তৰ পিছত সংযোগ ঘটিব। যাৰ ফলত অৰ্ধচন্দ্ৰ দেখা অসম্ভৱ হৈ পৰিব।
প্ৰতিনিধিত্বমূলক ছবি
 
মধ্য আৰু উত্তৰ আমেৰিকাৰ কিছু অংশত টেলিস্কোপ ব্যৱহাৰ কৰিহে অৰ্ধচন্দ্ৰটো দেখা যাব পাৰে, কিন্তু তাতো দেখা পোৱাটো অত্যন্ত কঠিন হ’ব। খালী চকুৰে যদি দেখা পোৱা যায়, তেন্তে কেৱল আমেৰিকাৰ পশ্চিমে থকা প্ৰশান্ত মহাসাগৰৰ কিছু অংশৰ ওপৰৰ পৰা দেখা পাব পাৰে।
 
আইএচিয়ে বিভক্ত কৰা ৪ প্ৰকাৰৰ অঞ্চল:
 
ৰেড এৰিয়াছ: চন্দ্ৰ অতি সোনকালে অস্ত যোৱাৰ বাবে দেখা পোৱা অসম্ভৱ।
 
ব্লু এৰিয়াছ: কেৱল টেলিস্কোপৰ সহায়তহে দেখা যায়।
 
পিংক এৰিয়াছ: টেলিস্কোপৰ সহায়ত দেখা পোৱা যায় আৰু নিখুঁত পৰিস্থিতিত খালী চকুৰে দেখা পোৱা যায়।
 
গ্ৰীণ এৰিয়াছ: খালী চকুৰে স্পষ্টকৈ দেখা পোৱা যায়।
 
যিহেতু সংযুক্ত আৰব আমিৰশ্বাহীৰ দৰে দেশসমূহে নতুন মাহৰ আৰম্ভণি নিশ্চিত কৰিবলৈ অৰ্ধচন্দ্ৰ চোৱাৰ  ওপৰত নিৰ্ভৰশীল, সেয়েহে এইবাৰৰ ৰমজান ৩০ দিনীয়া হোৱাৰ সম্ভাৱনা আছে। ৩০ দিনীয়া ৰোজা পালন কৰিলে আৰৱ আৰু ইয়াৰ নিকটৱৰ্তী দেশসমূহে ঈদ উল-ফিটৰ ৩১ মাৰ্চ অৰ্থাৎ সোমবাৰে পালন কৰিব লাগিব। আনহাতে ভাৰতবৰ্ষত ঈদ উল ফিটৰ উদযাপন হ'ব ১ এপ্ৰিলত। কিন্তু স্থানীয় ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান আৰৱীয় দেশত ৩০ মাৰ্চ দেওবাৰে ঈদ ঘোষণা কৰিব পাৰে।
 
ইয়াৰ উপৰিও ২৯ মাৰ্চত মৰিটানিয়া, মৰক্কো, আলজেৰিয়া, টিউনিছিয়াৰ ওপৰত আংশিক সূৰ্যগ্ৰহণ হ’ব, যিয়ে এই অঞ্চলত অৰ্ধচন্দ্ৰ অদৃশ্য হোৱাটো অধিক নিশ্চিত কৰিব।
 
ৰমজানৰ ইফটাৰৰ সময়
শ্বাৱাল মাহ কি?
 
ইছলামত শ্বাৱাল হৈছে ইছলামিক কেলেণ্ডাৰৰ দশম মাহ, ইয়াক হিজৰী কেলেণ্ডাৰ বা চন্দ্ৰ কেলেণ্ডাৰ বুলিও কোৱা হয়। ইছলামিক কেলেণ্ডাৰ মহৰম মাহৰ পৰা আৰম্ভ হৈ জুল-হিজ্জা মাহত শেষ হোৱা বাৰটা মাহৰ দ্বাৰা গঠিত।
 
মুছলমানসকলৰ বাবে শ্বাৱাল মাহৰ বিশেষ গুৰুত্ব আছে। এই মাহতেই আল্লাহে ঈদ উল-ফিটৰ দান কৰিছে। পবিত্ৰ ৰমজান মাহ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত এই মাহটোক আল্লাহৰ পুৰস্কাৰ হিচাপে গণ্য কৰা হয়।
 
শ্বাৱাল মাহত ছয় দিনৰ বাবে ৰোজা ৰখাটো মুছলমানসকলৰ বাবে অপৰিসীম গুণগত। ইয়াৰ উপৰিও ৰমজানৰ ৰোজাৰ সময়ত হোৱা যিকোনো ভুল শুধৰোৱাত সহায় কৰে।