মছজিদ আন-নবাৱীৰ ১১ গৰাকী প্ৰধান ইমাম কোন ?

Story by  atv | Posted by  [email protected] • 2 Months ago
মছজিদ আন-নবাৱীৰ ১১ গৰাকী প্ৰধান ইমাম কোন ?
মছজিদ আন-নবাৱীৰ ১১ গৰাকী প্ৰধান ইমাম কোন ?
 
 জাহৰা আছফাক
 
ইছলাম ধৰ্মৰ শেষ নবী হজৰত মহম্মদ (ছঃ)ৰ মছজিদ হিচাপে বিখ্যাত মছজিদ আন-নবাৱী ইছলামৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান। এই মছজিদ কেৱল ইবাদত স্থান নহয়, ইছলামিক শিক্ষাৰ আধ্যাত্মিক পথ প্ৰদৰ্শন আৰু প্ৰচাৰৰ কেন্দ্ৰও। এই পবিত্ৰ স্থানত নামাজৰ নেতৃত্ব দিয়া মছজিদৰ ইমাম তেওঁৰ জ্ঞান, কোৰআন পাঠত উৎকৃষ্টতা, সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰিছে। আমাৰ এই প্ৰতিবেদনত মছজিদ আন-নবাৱীৰ বৰ্তমানৰ কেইগৰাকীমান ইমামৰ বিষয়ে উল্লেখ কৰা হৈছে।
 
১/ শ্বেখ আলী হুদাইফী
 
শ্বেখ আলী হুদাইফী
 
মছজিদ আন-নবাৱীৰ অন্যতম অভিজ্ঞ আৰু সন্মানীয় ইমাম শ্বেখ আলী হুদাইফী। কেইবা দশক ধৰি মছজিদত নামাজৰ নেতৃত্ব আগবঢ়াই অহা শ্বেখ হুদাইফীক কোৰআন, বিজ্ঞান আৰু ইছলামিক পণ্ডিত হিচাপে গণ্য কৰা হয়। তেওঁৰ কোৰআন পাঠৰ শৈলী শান্ত, স্পষ্ট আৰু সুষম, যাৰ বাবে তেওঁক সমগ্ৰ বিশ্বৰ উপাসকসকলৰ মাজত অত্যন্ত প্ৰিয় কৰি তুলিছে। তেওঁৰ কোৰআন আবৃত্তিৰ ৰেকৰ্ডিং বহুলভাৱে প্ৰচাৰিত হয়। তেওঁক কোৰআন পাঠৰ স্পষ্টতাৰ বাবে প্ৰশংসা কৰা হয়।
 
২/ শ্বেখ হুছেইন আলে শ্বেখ
 
শ্বেখ হুছেইন আলে শ্বেখ
 
শ্বেখ হুছেইন আলে শ্বেখৰ ইছলামিক ধৰ্মতত্ত্ব আৰু শ্বৰীয়ত আইনৰ ওপৰত গভীৰ দখল আছে। মছজিদ আন-নবাৱীত ইমাম হিচাপে তেওঁ অত্যন্ত আকৰ্ষণীয়। তেওঁৰ ধাৰ্মিক বাৰ্তাসমূহে সমাজৰ নৈতিক আৰু সামাজিক বিষয়সমূহ স্পৰ্শ কৰে। মুছলমান সম্প্ৰদায়ক ইছলামিক জীৱনশৈলীৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা প্ৰদান কৰে। তেওঁৰ সৰলতা আৰু স্পষ্টতাই তেওঁক এজন প্ৰভাৱশালী বক্তা আৰু প্ৰচাৰক হিচাপে গঢ়ি তুলিছে।
 
৩/ শ্বেখ চালাহ আল বুদাইৰ
 
শ্বেখ চালাহ আল বুদাইৰ
 
শ্বেখ চালাহ আল বুদাইৰ আৱেগিক আৰু অনুৰণনশীল কোৰআন আবৃত্তিৰ বাবে বিখ্যাত। তেওঁৰ কোৰআন পাঠত গভীৰ আৱেগ আছে, যিয়ে ইবাদকাৰী সকলৰ হৃদয় স্পৰ্শ কৰে। ইয়াৰ উপৰিও শ্বেখ আল বুদাইৰৰ ইছলামিক ন্যায়বিজ্ঞানৰ গভীৰ জ্ঞান আছে আৰু তেওঁ ছৌদি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশও। তেওঁৰ পাণ্ডিত্য আৰু ন্যায়িক জ্ঞানে তেওঁক এজন অতি সন্মানীয় ব্যক্তি হিচাপে গঢ়ি তুলিছে।
 
৪/ শ্বেখ আব্দুল বাৰী থুবাইতি
 
শ্বেখ আব্দুল বাৰী থুবাইতি
 
শ্বেখ আব্দুল বাৰী থুবাইতীৰ কোৰআন পাঠ শক্তিশালী আৰু হৃদয়স্পৰ্শী। তেওঁৰ কোৰআন আবৃত্তিয়ে লাখ লাখ উপাসকৰ হৃদয়ত গভীৰ ছাপ পেলাইছে। বছৰ বছৰ ধৰি মছজিদ আন-নবাৱীত ইমাম হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ইছলামিক শিক্ষাৰ ক্ষেত্ৰত শ্বেখ থুবাইতীৰ অৱদান অতিশয় প্ৰশংসনীয়।
 
৫/ শ্বেখ আব্দুল মহচিন আল কাছিম
 
শ্বেখ আব্দুল মহচিন আল কাছিম
 
শ্বেখ আব্দুল মহচিন আল কাছিম ইছলামিক আইন আৰু ধৰ্মতত্ত্বৰ বিশেষজ্ঞ। তেওঁৰ শিক্ষাই আধ্যাত্মিক আৰু নৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মুছলমানসকলক কোৰআন আৰু চুন্নাহৰ শিক্ষা অনুসৰি জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিয়ে। তেওঁৰ কোৰআন আবৃত্তিৰ স্পষ্টতা আৰু সঠিকতাই তেওঁক উপাসকসকলৰ মাজত অতি জনপ্ৰিয় কৰি তুলিছে।
 
৬) শ্বেখ আব্দুল্লা আল বুজান
 
শ্বেখ আব্দুল্লা আল বুজান
 
শ্বেইখ আব্দুল্লা আল বুজান কোৰআনৰ গ্ৰন্থত আয়ত্ত আৰু বাকপটুতাৰ বাবে পৰিচিত। মছজিদ আন-নবাৱীৰ অন্যতম ইমাম হিচাপে তেওঁৰ আবৃত্তিৰ সৌন্দৰ্য্য আৰু সঠিকতাৰ বাবে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় উপাসকসকলৰ মাজত প্ৰশংসা কৰা হয়।
 
৭) শ্বেইখ আহমেদ বিন তালিব হামিদ
 
শ্বেইখ আহমেদ বিন তালিব হামিদ
 
শ্বেখ আহমেদ বিন তালিব হামিদে তেওঁৰ গভীৰ ইছলামিক জ্ঞান আৰু সমসাময়িক বিষয়ৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা ধৰ্মীয় বাৰ্তাৰ বাবে স্বীকৃতি লাভ কৰিছে। মছজিদ আন-নবাৱীত ইমাম হিচাপে তেওঁ বিভিন্ন শৈক্ষিক আৰু ধৰ্মীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, যিয়ে ভৱিষ্যতৰ পণ্ডিতসকলক উৎসাহিত কৰাত সহায় কৰে।
 
৮) শ্বেখ আহমেদ হুদাফী
 
শ্বেখ আহমেদ হুদাফী
 
শ্বেখ আলী হুদাফীৰ পুত্ৰ শ্বেখ আহমেদ হুদাফীও মছজিদ আন-নবাৱীত ইমাম। তেওঁৰ কোৰআন আবৃত্তিৰ শৈলী পিতৃৰ দৰেই সুষম আৰু স্পষ্ট, যাৰ বাবে তেওঁক উপাসকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় কৰি তুলিছে।
 
৯) শ্বেখ খালিদ মুহান্না
 
শ্বেখ খালিদ মুহান্না
 
শ্বেখ খালিদ মুহান্না মছজিদ আন-নবাৱীৰ নতুন ইমামসকলৰ ভিতৰত অন্যতম যদিও তেওঁৰ কোৰআন পাঠ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে তেওঁ দ্ৰুতগতিত সুনাম অৰ্জন কৰিবলৈ লৈছে। তেওঁৰ আবৃত্তিৰ গভীৰতা আৰু আৱেগিক আকৰ্ষণে তেওঁক উপাসকসকলে হৃদয়ত এক বিশেষ স্থান দিছে।
 
১০) শ্বেখ আব্দুল্লা আল কোৰাফী
 
শ্বেখ আব্দুল্লা আল কোৰাফী
 
শেহতীয়াকৈ মছজিদ আন-নবাৱীৰ ইমাম হিচাপে নিযুক্তি পোৱা শ্বেইখ আব্দুল্লাহ আল কোৰাফী ইছলামিক ফকীহ আৰু কোৰআন অধ্যয়নৰ পণ্ডিত। তেওঁৰ ধৰ্মীয় বাৰ্তাসমূহে দৈনন্দিন জীৱনত বিশ্বাস আৰু ধৰ্মীয়তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, উপাসকসকলক ধৰ্মীয় আৰু আইনী পথ প্ৰদৰ্শন কৰে।
 
১১) শ্বেখ মহম্মদ বৰহাজী
 
শ্বেখ মহম্মদ বৰহাজী
 
মছজিদ আন-নবাৱীৰ নৱনিযুক্ত ইমামসকলৰ ভিতৰত অন্যতম শ্বেখ মহম্মদ বৰহাজী। তেওঁৰ কোৰআন পাঠ বাকপটু আৰু আৱেগিক, যাৰ বাবে তেওঁ উপাসকসকলৰ মাজত এক বিশেষ পৰিচয় লাভ কৰিছে। তেওঁৰ নম্ৰতা আৰু ভক্তিয়ে উপাসকসকলৰ মাজত গভীৰ অনুৰণন সৃষ্টি কৰে।
 
মছজিদ আন-নবাৱীৰ এই ইমামসকলে কেৱল নামাজৰ নেতৃত্ব দিয়াই নহয়, বিশ্ব মুছলমান সম্প্ৰদায়ক ধৰ্মীয়, নৈতিক আৰু আইনী নিৰ্দেশনাও প্ৰদান কৰে। কোৰআনৰ জ্ঞান আৰু ইছলামিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎস।