কানাডিয়ানকে কোনে কানাডা এৰিবলৈ ক'লে ?

Story by  atv | Posted by  [email protected] • 6 d ago
কানাডিয়ানকে কোনে কানাডা এৰিবলৈ ক'লে ?
কানাডিয়ানকে কোনে কানাডা এৰিবলৈ ক'লে ?
 
নতুন দিল্লী
 
খালিস্তানীক ৰক্ষণাবেক্ষণ দিবলৈ জাষ্টিন ট্ৰুডো চৰকাৰ উঠি পৰি লাগে। ভাৰতৰ দৰে এখন দেশৰ ওপৰতো সন্দেহৰ আঙুলি আনে। সেই খালিস্তানী সৰ্মথকে কানাডাৰ পৰা খোদ কানাডাৰ নাগৰিকক খেদি পঠিওৱাৰ হুংকাৰ দিছে। কানাডা চৰকাৰৰ গাখীৰ খুৱাই সাপ পোহাৰ দৰে অৱস্থা হৈছে।
 
কিছু দিন পূৰ্ব পোহৰলৈ আহিছিল খালিস্তানীৰে কানাডা চৰকাৰৰ ধনৰ লেনদেনৰ ভয়ংকৰ তথ্য। ভিন্ন একাউণ্টৰ জৰিয়তে জাষ্টিন ট্ৰুডোৰ চৰকাৰৰ সহযোগী দল NDPৰ সোঁহাত স্ৱৰূপ জগমিত সিঙৰ একাউণ্টত ধন জমা হৈছিল। ২০১৪ চনৰ পৰাই নিজ্জৰ, ম’ ঢালিৱালাকে ধৰি অনেক খালিস্তানীয়ে ধন দিয়াৰ প্ৰমান বিশ্ৱৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।
 
পিছে এইবাৰ আন এক ভিডিঅ’ বিশেষভাৱে চৰ্চিত হৈছে। এখন জনসভাৰ বাবে কানাডাৰ এক নিদিষ্ট স্থানত সমবেত হৈছিল একাধিক শিখ সম্প্ৰদায়ৰ ব্যক্তি। পৰম্পৰাগত বাদ্য-যন্ত্ৰৰ সুৰৰ সমান্তৰালভাৱে এক বিশেষ বাক্য বতাহত ভাহি আহিল। য’ত সমবেত হোৱা একাংশই ক’লে -এইয়া কানাডা, আমাৰ আপোন ভূমি। কানাডিয়ান সকলে এই ভূমি শীৰ্ঘ্ৰেই ত্যাগ কৰিব লাগে। নেডাৰলেণ্ড নহ’লে ইংলেণ্ডত কানাডিয়ান সকলে বাস কৰিব লাগে।
 
পূৰ্বৰে পৰা কানাডা চৰকাৰৰ ওপৰত খালিস্তানী সকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আছে। ব্ৰাম্পটনৰ হিন্দু মন্দিৰত হোৱা আক্ৰমণৰ সু-বিচাৰ নহ’ল বুলি প্ৰৱাসী হিন্দু সকলে ক্ষোভ প্ৰকাশ কৰি আহিছে। খালিস্তানীৰ ভাবুকিত মন্দিৰৰ মুখ্য দুৱাৰ প্ৰায়েই বন্ধ ৰাখিছে ভক্তয়ে। কিন্তু সকলো দেখি শুনিও কুম্ভকৰ্ণৰ নিদ্ৰাত কানাডা প্ৰশাসন। আনহে নালাগে নিৰাপত্তাৰ পৰিৰ্বতে অসহায় হিন্দুৰ ওপৰত কানাডা আৰক্ষীয়ে চলোৱা আক্ৰমন বিয়পি পৰিছে বিশ্ৱৰ সংবাদ মাধ্যমত।
 
তাৰ মাজতেই খোদ কানাডিয়ান আৰক্ষীয়েও দিছে হিন্দুৰ বিৰুদ্ধে শ্ল’গান। খালিস্তানী বিৰোধী মন্তব্য কৰা হিন্দুৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ হুমকি খালিস্তানীৰ। ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান, বিভিন্ন কোম্পানীত নিয়োজিত হোৱা চাকৰিয়ালৰ ওপৰতো পৰিছে খালিস্তানী শেন চকু।
 
নিজ্জৰৰ হত্যাকাণ্ডৰ পাছতেই ভাৰত-কানাডাৰ মাজৰ সম্পৰ্ক অৱনমিত হৈছে। কানাডা চৰকাৰৰ দাবী খালিস্তানী সন্ত্ৰাসবাদী নিজ্জৰৰ হত্যাকাণ্ডৰে ভাৰত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে জড়িত আছে। কিন্তু এই দাবী ভাৰতে পোনেপোনে প্ৰত্যাখান কৰিছে। যাক লৈ দুই দেশৰ মাজত মনোমালিন্য ঘটিছে।
 
খালিস্তানী উদগনি যোগাৱা কানাডা চৰকাৰক খালিস্তানীয়ে দেশৰ পৰা বাহিৰৰ শ্ল’গান দিয়া কাৰ্যত অনেকে ৰস পাইছে। ইমানখিনি অপমান পোৱাৰ পাছতো খালিস্তানী প্ৰতি জাষ্টিন চৰকাৰৰ পূৰ্বৰ দৰদ থাকিব নে? তাক লৈ অনেক প্ৰশ্নৰ অৱতাৰণা হৈছে।