এসময়ৰ মধ্যপ্ৰাচ্যৰ আটাইতকৈ প্ৰভাৱশালী দেশ ইৰাকৰ আজিৰ এই দশা কিয়

Story by  atv | Posted by  [email protected] • 12 h ago
ইৰাক
ইৰাক
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
ইজৰাইল-হামাছ যুদ্ধৰ বাবে বাৰুকৈ চৰ্চালৈ আহিছে আৰব ৰাষ্ট্ৰসমূহ। কিয়নো হামাছে পণবন্দী কৰি ৰখা বন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত মধ্যস্থতা কৰি আহিছে মাত্ৰ ২৭ লাখ জনসংখ্যাৰ এখন সৰু দেশ কাটাৰে।
 
অলপতে কাটাৰৰ সৈতে হৈ যোৱা এক আলোচনাৰ পিছতে দুজন আমেৰিকান পণবন্দীক মুকলি কৰি দিয়া হৈছে। শেহতীয়া বছৰবোৰত কাটাৰে মধ্যপ্ৰাচ্যত যথেষ্ট উত্থান ঘটাইছে, তেল আৰু গেছৰ পৰা লাভ কৰা সম্পদৰ সহায় লৈ বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে পৰিগণিত হৈছে দেশখন।
 
অশান্ত ইৰাক
 
এসময়ত ইৰাকেও এই ক্ষেত্ৰত একেধৰণৰ প্ৰাধান্যৰ স্থান লাভ কৰিছিল, যদিও আজি তেওঁলোকে নিজৰ প্ৰাসংগিকতাৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে।
 
ইৰাকৰ সোণালী যুগ
 
ইৰাক এসময়ত আব্বাছি খিলাফতৰ কেন্দ্ৰ আৰু পঞ্চদশ শতিকালৈকে জ্ঞানৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। ইৰাকে বাণিজ্য, সংস্কৃতি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰাৰ লগতে শিক্ষা আৰু প্ৰযুক্তিৰ দিশত অগ্ৰগতি লাভ কৰিছিল।
 
ইৰাকৰ সোণালী যুগ
 
ইৰাকৰ ৰাজধানী বাগদাদ আছিল মধ্যপ্ৰাচ্যৰ আটাইতকৈ সমৃদ্ধিশালী আৰু শক্তিশালী চহৰ। ইৰাকৰ জিডিপি আৰু জনমূৰি আয়ে মধ্যপ্ৰাচ্যৰ আন সকলো ৰাষ্ট্ৰক আগুৰি ধৰিছিল আৰু সেই সময়ছোৱাত ধৰ্মীয় উগ্ৰবাদৰ উপস্থিতি খুব কম আছিল।
 
অট্টোমান যুগ আৰু ইয়াৰ অৱনতি
 
১৫৩৪ চনৰ পৰা ১৯১৮ চনলৈ ইৰাক অট্টোমান সাম্ৰাজ্যৰ এক অংশ আছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত যেতিয়া ব্ৰিটিছে অট্টোমানক পৰাস্ত কৰি বাগদাদ দখল কৰিছিল তেতিয়া ইয়াৰ অৱনতি আৰম্ভ হৈছিল।
 
১৯২১ চনত ব্ৰিটিছে মক্কাৰ শ্বৰীফ হুছেইনৰ পুত্ৰ ফৈছালক ইৰাকৰ প্ৰথম ৰজা হিচাপে নিযুক্তি দি অশান্তি আৰু প্ৰতিবাদৰ সময়ছোৱাৰ সূচনা কৰিছিল। ১৯৩২ চনত ইৰাকে আনুষ্ঠানিক স্বাধীনতা লাভ কৰিছিল, যদিও দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া ব্ৰিটেইনে পুনৰ দেশখন দখল কৰিছিল তেতিয়া দেশখনে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছিল।
 
ছাদ্দাম হুছেইনৰ উত্থান
 
ব্ৰিটিছ যোৱাৰ পিছতো ইৰাকত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছিল। ১৯৬২ চনত ব্ৰিগেডিয়াৰ আব্দুল কৰিম কাছিমে ৰাজতন্ত্ৰ উফৰাই দিছিল যদিও আভ্যন্তৰীণ সংঘাত অব্যাহত আছিল।
 
ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন
 
সেই সময়ত ছাদ্দাম হুছেইনে এজন মূল ব্যক্তি হিচাপে ইৰাকত আত্মপ্ৰকাশ কৰিছিল আৰু বছৰ বছৰ ধৰি অব্যহত থকা কৌশলৰ অন্তত তেওঁ ১৯৭৯ চনত ইৰাকৰ ৰাষ্ট্ৰপতি হৈছিল। তেওঁৰ শাসনকালত ইৰাকে প্ৰথম অৱস্থাত কিছু স্থিতিশীলতা দেখিছিল।
 
ইৰাণ আৰু কুৱেইটৰ মাজত যুদ্ধ
 
কিন্তু ছাদ্দামৰ কাৰ্যকাল অতি সোনকালেই অশান্ত হৈ পৰিছিল। ১৯৮০ চনত ইৰাকে চুবুৰীয়া ৰাষ্ট্ৰ ইৰাণৰ বিৰুদ্ধে বিধ্বংসী যুদ্ধ আৰম্ভ কৰিছিল, যিখন যুদ্ধ আঠ বছৰ ধৰি চলিছিল আৰু যিয়ে ইৰাকৰ অৰ্থনীতিৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।
 
ইৰাণ আৰু কুৱেইটৰ মাজৰ যুদ্ধৰ দৃশ্য
 
যুদ্ধ শেষ হোৱাৰ মাত্ৰ দুবছৰৰ পাছত ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল। ইয়াৰ ফলত ১৯৯১ চনত আমেৰিকা আৰু মিত্ৰশক্তিৰ বাহিনীয়ে কুৱেইটক মুক্ত কৰিবলৈ “অপাৰেচন ডেজাৰ্ট ষ্টৰ্ম” আৰম্ভ কৰিছিল, যাৰ ফলত ইৰাকৰ অৰ্থনীতিৰ আৰু অধিক অৱনতি ঘটিছিল।
 
আমেৰিকাৰ আক্ৰমণ আৰু ইৰাকৰ পতন
 
ইতিমধ্যে যুদ্ধৰ ফলত দুৰ্বল হৈ পৰা ইৰাকে ২০০৩ চনত আমেৰিকাই কৰা আক্ৰমণৰ  সময়ত এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই সময়ত আমেৰিকাই দেশখনক গণধ্বংসী অস্ত্ৰ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ কৰিছিল। ২০ দিনৰ ভিতৰতে আমেৰিকান বাহিনীয়ে ইৰাকৰ অধিকাংশ চহৰ নিজৰ দখলত লৈছিল।
 
ইৰাকত আমেৰিকাই আক্ৰমণ কৰা সময়ৰ দৃশ্য
 
২০০৬ চনত ছাদ্দাম হুছেইনক ফাঁচী দিয়া হৈছিল, যাৰ ফলত ইৰাকত এটা যুগৰ অন্ত পৰিছিল। আজি ইৰাক নিজৰ পূৰ্বৰ স্বৰূপৰ ছাঁ হিচাপে থিয় হৈ আছে আৰু দশক দশক ধৰি চলি অহা সংঘাত আৰু ধ্বংসৰ পৰা উদ্ধাৰৰ বাবে সংগ্ৰাম কৰি আছে।
 
তুৰস্ক, শক্তিশালী মুছলমান দেশ
 
২০২৪ চনত তুৰস্কক আটাইতকৈ প্ৰভাৱশালী ইছলামিক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। বিভিন্ন বিশ্ব সূচকত ৫.২ৰ গড়ৰ সৈতে এই স্থান লাভ কৰিছিল তুৰস্কই।
 
তুৰস্ক
 
দেশখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰতিৰক্ষা উদ্যোগ। ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে ইয়াৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় তিনিগুণ বৃদ্ধি পাইছে, যাৰ ফলত তুৰস্কই বিশ্বজুৰি ১১ নম্বৰ স্থান দখল কৰিছিল। অতি কম ব্যৱধানৰ ফলত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ ১০ ৰ ভিতৰৰ পৰা আতঁৰি যাবলগীয়া হৈছিল দেশখনে।
 
অৰ্থনৈতিক দিশতো তুৰস্কই উল্লেখযোগ্য বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে, ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকত বছৰৰ পিছত বছৰ ধৰি ৫.৭% জিডিপি বৃদ্ধি পাইছে।