আমেৰিকাত বিধ্বংসী ৰূপ ধাৰণ শীতকালীন বৰফৰ ধুমুহাই

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৱাশ্বিংটন 
 
শনিবাৰৰ পৰা মধ্য আমেৰিকাৰ কিছু অংশ বিধ্বংসী ৰূপ ধাৰণ কৰিছে শীতকালীন বৰফৰ ধুমুহাই। এই বৃহৎ শীতকালীন ধুমুহাত দেশখনৰ ৬ কোটিতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে। কিয়নো এই ধুমুহাই সমগ্ৰ আমেৰিকাৰ ৩০খন ৰাজ্যত বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।
 
বতৰ বিজ্ঞানীসকলে তুষাৰপাতৰ পৰিস্থিতি, ঠাণ্ডা উষ্ণতা আৰু আক্ৰান্ত অঞ্চলসমূহৰ মাজেৰে কৰা যাত্ৰাত ব্যাঘাত জন্মাৰ আশংকাৰ বাবে সতৰ্ক কৰি দিছে। 
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই (এন ডব্লিউ এছ) এক আপডেটত কয় যে, “এই ধুমুহাই ভ্ৰমণ অত্যন্ত বিপজ্জনক কৰি তুলিব। কাৰণ কিছুমান অঞ্চলত ১৫ ইঞ্চি উচ্চতালৈ বৰফ পৰিছে।" 
 
২০২৫ চনৰ এইটোৱেই প্ৰথমটো বৃহৎ বৰফৰ ধুমুহা। ৱেদাৰ চেনেলে পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে যে, কানছাছৰ বৰফেৰে আবৃত ঘাইপথৰ পৰা গাড়ীবোৰ পিছলি যোৱা আৰু ট্ৰেক্টৰৰ ট্ৰেইলাৰে পৰিষ্কাৰ কৰা দেখা গৈছে।  
 
এন ডব্লিউ এছে এক আপডেটত কয় যে, আজি নিশা অ'হিঅ’ উপত্যকা আৰু মধ্য এপ্লাচিয়ানছৰ মাজেৰে পূব দিশলৈ বৃহৎ অঞ্চলত বৰফেৰে  আবৃত হৈ পৰে।  
গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে জৰুৰীকালীন বৈঠকত কয় যে, "এই ধুমুহাই আমাৰ পথসমূহত যথেষ্ট বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু এই ধুমুহাৰ বাবে কেন্টাকিত যথেষ্ট বিদ্যুৎ বিচ্ছিন্ন হ’ব পাৰে।" 
 
ইতিমধ্যে ছখন ৰাজ্য ক্ৰমে কেন্টাকি, ভাৰ্জিনিয়া, পশ্চিম ভাৰ্জিনিয়া, কেনছাছ, আৰ্কান্ সাছ আৰু মিছৌৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।