নতুন দিল্লী
২০১৭ চনৰ পৰা য়েমেনৰ এগৰাকী নাগৰিকক হত্যা কৰাৰ অপৰাধত কাৰাদণ্ড ভুগি থকা ভাৰতীয় নাৰ্ছ নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ বাবে অনুমোদন জনাইছে য়েমেনৰ ৰাষ্ট্ৰপতি ৰাছাদ আল আলিমীয়ে। এই শাস্তি এমাহৰ ভিতৰতে কাৰ্যকৰী কৰা হব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে কয় যে, য়েমেনত নিমিছা প্ৰিয়াক শাস্তি প্ৰদানৰ বিষয়ে ভাৰত অৱগত। এম ই এৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এক বিবৃতিত কয় যে, "আমি বুজি পাওঁ যে প্ৰিয়াৰ পৰিয়ালে প্ৰাসংগিক বিকল্পৰ সন্ধান কৰি আছে। চৰকাৰে এই বিষয়ত সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।"
৩৬ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীক মৃত্যুদণ্ডৰ পৰা বচাবলৈ প্ৰচেষ্টা চলাই অহা পৰিয়ালটোৰ বাবে য়েমেনৰ এই সিদ্ধান্তই এক স্তম্ভিত কৰি তুলিছে। ৫৭ বছৰীয়া মাতৃ প্ৰেমা কুমাৰীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে য়েমেনৰ ৰাজধানী ছানায়াত উপস্থিত হৈছিল আৰু তাৰ পিছত মৃত্যুদণ্ডৰ পৰা ৰেহাই লাভ কৰিবলৈ আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে তেজৰ ধনৰ আলোচনা কৰিবলৈ তাতেই থকাৰ খবৰ আহিছে।
য়েমেনীৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্ত পৰিয়ালটোৰ বাবে এক আচৰিত ঘটনা আছিল আৰু তেওঁলোকে ৩৬ বছৰীয়া যুৱতীগৰাকীক মৃত্যুদণ্ডৰ পৰা বচাবলৈ চেষ্টা কৰি আহিছে। যুৱতী গৰাকীৰ মাতৃ প্ৰেমা কুমাৰী ৫৭ এই বছৰৰ আৰম্ভণিতে ছানা য়েমেনৰ ৰাজধানীত উপস্থিত হৈছিল আৰু তেতিয়াৰ পৰা মৃত্যুদণ্ড পৰা নিজৰ কন্যাক ৰক্ষা কৰিবলৈ আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে ক্ষতিপূৰণৰ দিয়াৰ বাবে বুজাবুজি কৰাৰ বাবে তাত আছিল বুলি জানিব পৰা গৈছে।
২০১৭ চনত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগত নিমিছা প্ৰিয়াক দোষী সাব্যস্ত কৰা হৈছিল। এবছৰৰ পাছত য়েমেনৰ বিচাৰ আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই তাইৰ মুক্তিৰ বাবে যুঁজ দি আহিছে তেওঁৰ পৰিয়ালে। বিচাৰ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে তেওঁলোকে য়েমিনীৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, যদিও ২০২৩ চনত তেওঁলোকৰ আবেদন নাকচ কৰা হৈছিল। এতিয়া দেশখনৰ ৰাষ্ট্ৰপতিয়েও প্ৰিয়াৰ আবেদন নাকচ কৰাৰ লগে লগে তেওঁৰ মুক্তি নিৰ্ভৰ কৰিছিল ভুক্তভোগীৰ পৰিয়াল আৰু তেওঁলোকৰ জনজাতীয় নেতাৰ পৰা ক্ষমা লাভ কৰাৰ ওপৰত।
অনলাইনৰ এক প্ৰতিবেদন অনুসৰি, মাতৃ প্ৰেমা কুমাৰীয়ে ক্ষতিপূৰণৰ ধনৰ বাবে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা চলাই আহিছে যদিও ভাৰতীয় দূতাবাসে নিযুক্তি দিয়া অধিবক্তা আব্দুল্লা আমিৰে আলোচনাৰ পূৰ্বে মাচুল দাবী কৰাৰ পিছত ছেপ্টেম্বৰ মাহত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে আলোচনা হঠাতে স্তব্ধ হৈ পৰিছিল $২০,০০০ (প্ৰায় ১৬.৬ লাখ টকা)ত।
ইতিমধ্যে জুলাই মাহত এম ই এয়ে আমিৰক $১৯,৮৭১ প্ৰদান কৰিছে যদিও তেওঁ পুনৰ আলোচনা আৰম্ভ কৰাৰ পূৰ্বে দুটা কিস্তিত প্ৰদান কৰিবলগীয়া মুঠ মাচুল $৪০ৰ ওপৰত জোৰ দিছিল।
ছেভ নিমিছা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিলে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে আমিৰৰ মাচুলৰ প্ৰথম কিস্তি উত্থাপন কৰাত সফল হয়। কিন্তু পিছলৈ তেওঁলোকে এই ধন কেনেকৈ ব্যৱহাৰ কৰিছে সেই সম্পৰ্কে দাতাসকলৰ মাজত স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।
পালাক্কাডৰ বাসিন্দা নিমিছা প্ৰিয়া এগৰাকী প্ৰশিক্ষিত নাৰ্ছ, যিয়ে কেইবছৰমান য়েমেনৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল। আৰ্থিক সমস্যাৰ বাবে তেওঁৰ স্বামী আৰু নাবালক কন্যা ২০১৪ চনত ভাৰতলৈ উভতি আহে। সেই বছৰতে গৃহযুদ্ধই য়েমেনত আৱদ্ধ হৈ পৰিছিল, আৰু তেওঁলোকে উভতি যাব নোৱাৰিলে, কিয়নো দেশখনে নতুন ভিছা প্ৰদান কৰা বন্ধ কৰি দিলে।
পিছলৈ ২০১৫ চনত প্ৰিয়াই ছানাত নিজৰ ক্লিনিক স্থাপনৰ বাবে মাহদিৰ সমৰ্থন বিচাৰিছিল, কিয়নো য়েমেনৰ আইন অনুসৰি কেৱল নাগৰিককহে ক্লিনিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছে।
য়েমানৰ উচ্চতম ন্যায়ালয়ত তেওঁৰ আবেদন অনুসৰি ২০১৫ চনত মাহাদীয়ে এমাহজোৰা ছুটীত অহাৰ সময়ত প্ৰিয়াৰ সৈতে কেৰালালৈ গৈছিল। এই ভ্ৰমণৰ সময়ত তেওঁ তাইৰ বিয়াৰ ফটোখন চুৰি কৰি লৈ গৈছিল, যিখন ফটো পিছত মাহদীয়ে সলনি কৰি তাইৰ সৈতে তেওঁৰ বিবাহ হোৱা বুলি দাবী কৰে।
সিহঁত উভতি অহাৰ লগে লগে প্ৰিয়াই ক্লিনিক আৰম্ভ কৰিলে মহাদীয়ে সকলো ৰাজহ আত্মসাৎ কৰিছিল। ক্লিনিকৰ মালিকীস্বত্বৰ নথি-পত্ৰতো তেওঁ খেলিমেলি কৰিছিল। নিমিছা প্ৰিয়াই যেতিয়া তেওঁক এই আত্মসাৎ সন্দৰ্ভত সোধা-পোছা কৰিছিল, তেতিয়া তেওঁ তাইৰ প্ৰতি শত্ৰুতা প্ৰকাশ কৰিছিল।
তেওঁ প্ৰিয়াক তেওঁৰ পত্নী বুলি সকলোকে কোৱাৰ পিছত তাইৰ মাহিলী উপাৰ্জনৰ পৰা টকা উলিয়াবলৈ ধৰিলে আৰু আনকি তেওঁলোকৰ ছবিবোৰো খেলি মেলি কৰি তেওঁলোক বিবাহিত বুলি দেখুৱাবলৈ ধৰিলে। আবেদনত প্ৰিয়াই অভিযোগ কৰে যে, অতি সোনকালেই হাৰাশাস্তি শাৰীৰিক নিৰ্যাতনলৈ পৰিণত হয় আৰু মাহাদীয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰি লয়।
তাইৰ কাতৰ অনুৰোধ কৰিছিল। প্ৰিয়াই এই সন্দৰ্ভত আনকি ছানাত আৰক্ষীৰ কাষ চাপিছিল, যদিও মাহাদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় দিনৰ কাৰাগাৰত ভৰাই থৈছিল। ২০১৭ চনৰ জুলাই মাহত প্ৰিয়াই তেওঁৰ ক্লিনিকৰ সমীপৰ এখন জেলৰ ৱাৰ্ডেনৰ কাষ চাপিছিল, য’ত পূৰ্বে মাহাদী বিভিন্ন অভিযোগত জেলত আছিল।
ৱাৰ্ডেনে পৰামৰ্শ দিলে যে, তাই তাক বস কৰিবৰ বাবে কিছু ঔষধেৰে শান্ত কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু তাৰ পিছত তেওঁক তাইৰ পাছপ’ৰ্ট দিবলৈ পতিয়ন নিয়াব লাগে। কিন্তু দ্ৰব্য সেৱনকাৰী মাহাদীৰ ওপৰত শান্ত কৰা ঔষধৰ কোনো প্ৰভাৱ পৰা নাছিল। তাই আকৌ তাক চেডেট কৰিবলৈ চেষ্টা কৰিলে, শক্তিশালী চেডেটিভ ব্যৱহাৰ কৰি তাইৰ পাছপ’ৰ্ট উদ্ধাৰ কৰিলে কিন্তু ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ বাবে কেইমিনিটমানৰ ভিতৰতে তেওঁৰ মৃত্যু হৈছিল।