নতুন দিল্লী
ৰাছিয়াৰ সৈন্যবাহিনীক বাধা দিয়াৰ বাবে ইউৰোপীয় সেনাবাহিনী গঠনৰ আহ্বান জনাইছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। জার্মানীৰ মিউনিখত বর্তমান চলি থকা এখন নিৰাপত্তা সম্মিলনত অংশগ্রহণ কৰি কালি জেলেনস্কিয়ে ৰাছিয়াৰ ভাবুকিক প্রতিহত কৰিবলৈ সম্মিলিত ইউৰোপীয় সৈন্য বাহিনীৰ প্রয়োজন আহি পৰিছে বুলি যুক্তি আগবঢ়ায়।
বিগত প্রায় তিনি বছৰ ধৰি ৰাছিয়াৰ বিৰুদ্ধে সফলভাৱে ইউক্রেইনে দি থকা যুঁজেই ইউৰোপীয় সৈন্যবাহিনীটোৰ বাবে বুনিয়াদ হ'ব পাৰে বুলি মত প্রকাশ কৰিছে। ৰাছিয়া আৰু চীনৰ ভাবুকিৰ পৰা ৰক্ষা পৰিবলৈ ইউৰোপৰ বিভিন্ন দেশত সৈন্য বাহিনীৰ ব্যয় বৃদ্ধি কৰিবলৈ আমেৰিকাই অহৰহ হেঁচা দি থকাৰ মাজতেই জেলেনস্কিৰ এই আহ্বানে বিশেষ তাৎপর্য বহন কৰিছে।
ইফালে ইউক্রেইনৰ সৈতে চলি থকা যুঁজ সন্দৰ্ভত ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই যো-জা চলাইছে বুলি বাতৰি ওলাইছে। মার্কিন বৈদেশিক মার্কো ৰুবিয়কে ধৰি ট্রাম্প প্রশাসনৰ কেই বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগত কেইটামান দিনৰ ভিতৰতে ইউক্রেইন যুদ্ধৰ অন্ত পেলোৱাৰ বাবে শান্তি আলোচনাত ৰাছিয়াৰ সৈতে মিলিত হ'ব।