সত্ৰীয়া সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ সংকল্পবদ্ধ প্ৰতিভাৱান শিল্পী আৰিশ্বা শ্বেখ

Story by  Mukut Sarma | Posted by  [email protected] • 1 Months ago
নৃত্য পটিয়সী আৰিশ্বা শ্বেখক গুৰু ৰামকৃষ্ণ তালুকদাৰে নৃত্য বিশাৰদ উপাধি প্ৰদান কৰাৰ মূহুৰ্ত
নৃত্য পটিয়সী আৰিশ্বা শ্বেখক গুৰু ৰামকৃষ্ণ তালুকদাৰে নৃত্য বিশাৰদ উপাধি প্ৰদান কৰাৰ মূহুৰ্ত
 
মুকুট শৰ্মা / গুৱাহাটী
 
সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই অসমত প্ৰচলিত সত্ৰীয়া নৃত্যক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ সংকল্পবদ্ধ অসমৰ বিৰল প্ৰতিভাসম্পন্ন নৃত্যশিল্পী আৰিশ্বা শ্বেখ।
 
সত্ৰীয়া নৃত্য, ভাৰতনাট্যম, বিহু নৃত্য আৰু অভিনয় প্ৰতিভাৰে দেশে-বিদেশে সুনাম অৰ্জন কৰা ১৭ বছৰীয়া আৰিশ্বাই অৱশ্যে আধুনিকতাৰ নামত সত্ৰীয়া নৃত্যৰ প্ৰচলিত ধাৰা আৰু ইয়াৰ বিশুদ্ধতাত আঘাত হানিব নিবিচাৰে।
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত উদীয়মান শিল্পীগৰাকীয়ে কয়, "সত্ৰীয়া নৃত্যক মই নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিব বিচাৰো আৰু দেশৰ সীমা পাৰ কৰি ইয়াৰ প্ৰসাৰৰ বাবে ভৱিষ্যতলৈ কাম কৰি যাম। কিন্তু আমি ইয়াৰ বিশুদ্ধতা আৰু পৰম্পৰা পূৰ্বৰ দৰে অটুট ৰাখিব বিচাৰো। জনপ্ৰিয় কৰাৰ স্বাৰ্থত বা আধুনিকতাৰ নামত আমাৰ আদৰৰ সত্ৰীয়া শিল্পৰ পৰম্পৰাত আঘাত হানিব দিব নোৱাৰো। তদুপৰি, ‘গুৰু শিষ্যৰ পৰম্পৰা’ সদায় অব্যাহত থকাটো বিচাৰো। সত্ৰীয়া নৃত্যত বিশাৰদ ডিগ্ৰী লাভ কৰি মই শৈক্ষিক যাত্ৰা সমাপ্ত কৰিছো যদিও মই নিজকে এই শিল্পৰূপটোৰ জটিলতাসমূহ উন্মোচন কৰিবলৈ এতিয়াহে আৰম্ভ কৰা বুলি অনুভৱ কৰোঁ। মই এতিয়াও নিজকে এগৰাকী শিকাৰু বুলিয়ে গণ্য কৰো।"
 
গুৰু-শিষ্য পৰম্পৰা বৰ্তাই ৰাখিছে আৰিশ্বা শ্বেখে
 
উল্লেখ্য যে, আৰিশ্বা শ্বেখ হৈছে গুৱাহাটীৰ আৰ্মান শ্বেখ আৰু অঞ্জুমা শ্বেখৰ কনিষ্ঠ কন্যা। তেওঁ বৰ্তমান গুৱাহাটীৰ বেতকুছিস্থিত ৰয়েল গ্ল’বেল স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। নৃত্যৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণ অতি কম বয়সতে দেখিবলৈ পোৱা গৈছিল। আৰিশ্বাই ২০০৯ চনৰ ১৫ আগষ্টত প্ৰাগ চেনেলত সম্প্ৰচাৰিত হোৱা এক সাংস্কৃতিক অনুষ্ঠানৰ সময়ত কেইটামান নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৩ বছৰ।
 
শৈশৱৰে পৰা নৃত্যৰ প্ৰতি এই আগ্ৰহ প্ৰত্যক্ষ কৰি আৰিশ্বাৰ পিতৃ-মাতৃয়ে তেওঁক পদ্মশ্ৰী ইন্দিৰা পি পি বৰাৰ অধীনত ভাৰতনাট্যম শিকাবলৈ আৰম্ভ কৰে। "মই ২০১১ চনত ৫ বছৰ বয়সত ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিলো, আৰু ৭ বছৰ বয়সত মই সত্ৰীয়া নৃত্য শিকিবলৈ আৰম্ভ কৰিছিলো। সত্ৰীয়া নৃত্যৰ বাবে মই নৰ্তন কলা নিকেতনত নামভৰ্তি কৰিছিলো। তাত মই সংগীত নাটক একেডেমী বঁটা বিজয়ী প্ৰখ্যাত নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ পত্নী নৃত্য পটিয়সী ৰুমী তালুকদাৰৰ তত্বাৱধানত সত্ৰীয়া কলা-সংস্কৃতি শিকাৰ গৌৰৱ অৰ্জন কৰো। তেওঁলোকৰ তত্ত্বাৱধানত মই শেহতীয়াকৈ বিশাৰদ লাভ কৰিছো আৰু যোৱা জানুৱাৰী মাহত মোৰ সত্ৰীয়া নৃত্যৰ ৰংগ যাত্ৰা পৰিৱেশন কৰিছিলো। "-আৰিশ্বাই কয়।
 
সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত দূৰদৰ্শন কেন্দ্ৰৰ 'বি-গ্ৰেড' চাৰ্টিফিকেট থকা শিল্পী আৰিশ্বাই অসমৰ লগতে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থান, যেনে মুম্বাই, পুৰী, বাংগালুৰু, দিল্লী আদিত সত্ৰীয়া নৃত্যৰে অজস্ৰজনক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ কেনিয়াৰ নাইৰোবিত আয়োজিত ৰাউণ্ড স্কোৱেৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন ২০২৩-ত আৰিশ্বাই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছিল।
 
নৃত্য পটিয়সী আৰিশ্বা শ্বেখৰ ৰংগ যাত্ৰা অনুষ্ঠান
 
সত্ৰীয়া নৃত্যৰ প্ৰতি কিদৰে আকৰ্ষিত হ'ল বুলি সোধাত, আৰিশ্বাই কয়, "এদিন মোৰ মাক এটা ‘ভোৰতাল’ নৃত্যই মোহিত কৰিছিল। ইয়াৰ পিছত তেওঁ মোক সত্ৰীয়া শিকিবলৈ নৰ্তন কলা নিকেতনত নামভৰ্তি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এই নৃত্য-শিল্পটোৰ প্ৰতি মোৰ গভীৰ প্ৰেম গঢ় লৈ উঠিবলৈ বেছি সময় নালাগিল। সত্ৰীয়া নৃত্যৰ নিৰ্মল সৌন্দৰ্য্য আৰু গভীৰতাই মোক মন্ত্ৰমুগ্ধ কৰিছে।"
 
উল্লেখ্য যে, ২০২৩ চনত আৰিশ্বাই বজালীৰ পাঠশালাত Sanskriti Sangam নামৰ এটা অনুষ্ঠানত অংশ লৈছিল। তাত তেওঁ 'অভিমন্যু বধ' নামৰ এখন নাটকত 'দ্ৰোণাচাৰ্য'ৰ চৰিত্ৰ ৰূপায়ন কৰি সংস্কৃতিপ্ৰেমী লোকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাইছিল। সেই অনুষ্ঠানটোৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয়, "সপ্তঋষিৰ ভিতৰত অন্যতম দ্ৰোণাচাৰ্যৰ চৰিত্ৰ লাভ কৰাত মই গভীৰভাৱে সন্মানিত হৈছিলোঁ। চৰিত্ৰটোৰ মনোজগতৰ গভীৰতাৰ স্পৰ্শ কৰা, তেওঁৰ প্ৰজ্ঞা আৰু সংঘাতক মূৰ্ত কৰি তোলা এক গভীৰ অভিজ্ঞতা আছিল। প্ৰতিটো খোজতে, প্ৰতিটো অভিব্যক্তিৰ লগে লগে মই দ্ৰোণাচাৰ্যৰ সত্তাত উশাহ ল’বলৈ চেষ্টা কৰিছিলোঁ। মোৰ গুৰুৱে মোৰ ওপৰত যি আস্থা ৰাখিছিল, সেই আস্থা পূৰণ কৰিবলৈ মই চৰিত্ৰটো জীৱন্ত কৰি তুলিবলৈ সংকল্প লৈছিলো আৰু অদম্য নিষ্ঠাৰে মই চৰিত্ৰটো উপস্থাপন কৰিবলৈ বিচাৰিছিলো।"
 
নৃত্যৰ প্ৰতি একনিষ্ঠা আৰু অধ্যাৱসায়ৰ বাবে তেওঁ ভাৰত নাট্যম শাখাত লক্ষ্ণৌৰ ভাটকাণ্ডেৰ অধীনত বিশাৰদ পইণ্ট ২ প্ৰমাণপত্ৰ লাভ কৰে। কলকাতাত ভাৰত নাট্যমৰ সন্মানীয় প্ৰতিনিধি গুৰু ৰাম বৈদ্যনাথনৰ নেতৃত্বত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি আৰিশ্বাই নিজৰ দক্ষতা আৰু অধিক উন্নত কৰাৰ সুযোগ পায়।
 
গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অসম চৰকাৰৰ এক অনুষ্ঠানত আৰিশ্বাৰ নৃত্য
 
সত্ৰীয়া আৰু ভাৰত নাট্যমৰ মাজতে তেওঁৰ প্ৰতিভা সীমাবদ্ধ নহয়, আৰিশ্বাই নৃত্য বিশেষজ্ঞ হিচাপেও কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। পশ্চিমীয়া নৃত্যত তিনি বছৰীয়া ডিপ্লমা লাভ কৰা শিল্পীগৰাকীয়ে দ্য ডান্স ৱৰ্ক্সে আগবঢ়োৱা পিডিচিপি প্ৰগ্ৰেমত প্ৰিফাউণ্ডেচন লেভেলৰ প্ৰমাণপত্ৰ লাভ কৰিছে। মনোমোহা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে আৰিশ্বাই ‘মৌ কুঁৱৰী’ উপাধিৰে সন্মানিত হোৱাৰ লগতে অসংখ্য প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
 
এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিলেও সত্ৰীয়া সংস্কৃতি, অভিনয় অথবা বিহু নৃত্যৰ জগতখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰিশ্বাই কেতিয়াও কোনো বাধা বা সমালোচনাৰ সন্মুখীন হোৱা নাই। তেওঁ কয়, "মই অত্যন্ত সৌভাগ্যৱান যে, মোৰ জন্ম এটা সংস্কৃতিৱান পৰিয়ালত হৈছিল। ঘৰত সৰুৰে পৰা কলা-সংস্কৃতিৰ পৰিৱেশ দেখিবলৈ পাইছিলো। মা-দেউতাই সৰুতে মোৰ প্ৰতিভা চিনাক্ত কৰিব পাৰিছিল আৰু নৃত্য বা অভিনয়ৰ জগতত আগুৱাই যাবলৈ তেওঁলোকে মোক সৰুৰে পৰা অনুপ্ৰাণিত কৰি আহিছে।"
 
উল্লেখ্য যে, অহা ২২ মে'ত ১৮ বছৰত ভৰি দিবলগীয়া আৰিশ্বাই ২০২১ চনত নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে ৰয়েল গ্ল’বেল স্কুলৰ ‘টেলিগ্ৰাফ এৱাৰ্ড’ৰ বাবে নিৰ্বাচিত হয়। তদুপৰি, তেওঁ আই আই ডি এফ গুৱাহাটীৰ ‘Future Face Award’ দুবাৰকৈ লাভ কৰে। ২০১৯ চনত এবাৰ ভাৰত নাট্যমৰ বাবে আৰু ২০২২ চনত সত্ৰীয়া নৃত্যৰ উৎকৃষ্টতাৰ বাবে যুৱতীগৰাকীক এইদৰে সন্মানিত কৰা হয়।
 
গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী তালুকদাৰৰ সৈতে আৰিশ্বা শ্বেখ
 
নৃত্যৰ দক্ষতাৰ উপৰিও আৰিশ্বা শ্বেখে গুৱাহাটী আৰ্টিষ্ট গিল্ডত সূক্ষ্ম কলাৰ তিনি বছৰীয়া এক বিস্তৃত কাৰ্যসূচীৰ জৰিয়তে নিজৰ কলাত্মক দক্ষতাক সুন্দৰভাৱে গঢ়ি তুলিছে। সুদক্ষ অভিনেতা বাহাৰুল ইছলাম আৰু অভিনেত্ৰী ভাগীৰথী বাই কদমৰ নেতৃত্বত তিনিমাহৰ পাঠ্যক্ৰমত তেওঁ নাট্য প্ৰতিভাক আৰু অধিক বৃদ্ধি কৰে।
 
কেইবাখনো টিভি ছিৰিয়েলত অভিনয়েৰে সৰু পৰ্দাত ভুমুকি মৰা আৰিশ্বাই জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সৈতে 'মণিকূট' নামৰ এখন এলবামতো কণ্ঠ নিগৰাইছে।