১৮ মাহৰ কষ্টৰ অন্তত কাঠৰ তাজমহলে প্ৰাণ পাই উঠিল ৰাজস্থানত

Story by  atv | Posted by  Munni Begum • 8 d ago
শিল্পী চেলিম খানৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাঠৰ তাজমহল
শিল্পী চেলিম খানৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাঠৰ তাজমহল
 
ফিৰদৌছ খান
 
আগ্ৰাৰ যমুনা নদীৰ পাৰত  বগা মাৰ্বলেৰে নিৰ্মাণ কৰা তাজমহলৰ কথা সকলোৱে জানে। কিন্তু আমাৰ আজিৰ এই প্ৰতিবেদনত কাঠেৰে নিৰ্মাণ কৰা এটা ধুনীয়া তাজমহলৰ কথা ক'বলৈ ওলাইছোঁ। এই কাঠৰ তাজমহলটো নিৰ্মাণ কৰিছে ৰাজস্থানৰ হনুমানগড় জিলাৰ কৰণপুৰা গাঁৱৰ চেলিম খানে। প্ৰায় ডেৰ দশক ধৰি তেওঁ কাঠেৰে ধুনীয়াকৈ বিভিন্ন বস্তু তৈয়াৰ কৰি আহিছে। 
 
চেলিম খানে কয় যে, মোৰ শৈশৱকালত স্কুল ছুটী হ’লেই মোৰ দেউতা ছাহাবুদ্দিনে মোক এই কাম শিকাবলৈ আৰু চাহ-পানী যোগান ধৰাত সহায় কৰিবলৈ তেওঁৰ লগত দোকানলৈ লৈ গৈছিল। মই তেওঁলোকক চাহ বনাই দিছিলোঁ আৰু তেওঁলোকৰ কামতো সহায় কৰিছিলোঁ। সেই সময়তে কাম কৰোঁতে জমা হোৱা কাঠৰ আৱৰ্জনাবোৰেৰে মই এটা জুপুৰি সাজিছিলোঁ, যিটো মানুহে বহুত ভাল পাইছিল। মই প্ৰস্তুত কৰা জুপুৰিটো দেখি দেউতাই মোক ক’লে যে, ডাঙৰ চহৰৰ মানুহ আৰু  বিদেশী পৰ্যটকে এই ধৰণৰ শিল্পকলা বহুত ভাল পায়। তেতিয়াৰ পৰাই মই কিছু অনন্য শিল্পকৰ্ম সৃষ্টি কৰাৰ কথা ভাবিবলৈ ধৰিলোঁ। ঘৰৰ পৰিস্থিতি ভাল নাছিল বাবে দ্বাদশ শ্ৰেণীৰ পিছত পঢ়া-শুনা এৰিব লগা হ’ল।
 
শিল্পী চেলিম খানে নিৰ্মান কৰা কাঠৰ তাজমহল
 
তেনেকৈ মই দেউতাৰ দোকানত কাম আৰম্ভ কৰিলোঁ। এনেকৈয়ে দহ বছৰ পাৰ হৈ গ’ল। তাৰ পিছত দেউতাৰ মৃত্যু হয়। তাৰ ঠিক পাঁচ মাহৰ পিছত মোৰ ডাঙৰ ভনীয়ে সাতটা সন্তান এৰি এই পৃথিৱীখন এৰি থৈ গ’ল। দৰিদ্ৰতা আৰু দুখৰ পৰা আৰোগ্য নহওঁতে মোৰ লগত আন এটা দুৰ্ঘটনা সংঘটিত হ’ল। কামৰ সময়ত মোৰ হাতখন মেচিনৰ সংস্পৰ্শলৈ অহাত মোৰ দুটা আঙুলি কাটি গৈছিল। যাৰ ফলত মই এবছৰ কাম কৰিব নোৱাৰি  ঘৰতে থাকিলোঁ। মোৰ বাবে পৰিস্থিতি বহুত বেয়া হৈছিল যদিও মই হাৰ মনা নাছিলোঁ।
 
মই কাঠৰ তাজমহল এটা সাজিব বিচাৰিছিলো। ইয়াৰ বাবে তাজমহলটো ওচৰৰ পৰা নিবিড়ভাৱে চোৱাটো প্ৰয়োজনীয় আছিল। কিছু টকা ধাৰ লৈ তাজমহল চাবলৈ খুলশালীৰ  লগত আগ্ৰালৈ গৈছিলোঁ। তাৰপৰা আহি অলপ অলপকৈ তাজমহল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰায় ১৮ মাহ ধৰি তাজমহলটো বনোৱা কাম কৰি থাকিলোঁ। অৱশেষত তাজমহলটো সম্পূৰ্ণৰূপে সাজু কৰিলোঁ।
 
তেওঁ কয় যে মই মোৰ বয়োজ্যেষ্ঠসকলৰ পৰা এই দক্ষতা উত্তৰাধিকাৰী সূত্ৰে পাইছো। আমাৰ বয়োজ্যেষ্ঠসকলে বিগত ৭০ বছৰ ধৰি এই কাম কৰি আহিছে। প্ৰথমতে আতাই (দেউতাকৰ দেউতাক) এই কামটো কৰিছিল আৰু পিছলৈ দেউতাই তেওঁৰ পৰা এই দক্ষতা শিকিছিল। পিছত দেউতাই মোক শিকাইছিল। আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বজ কৰা কাম হ’ল ঘৰত ব্যৱহাৰ কৰা পাত্ৰ, হণ্ডিয়া, পৰত, মৰ্টন আদি মাটিৰ বাচন তৈয়াৰ কৰা। পিছত তেওঁলোকে এই কাম এৰি দিছিল।
 
শিল্পী চেলিম খানে নিৰ্মান কৰা কাঠৰ তাজমহল 
 
তেওঁৰ সপোনৰ কথা উল্লেখ কৰি তেওঁ কয় যে, তাজমহলৰ বাহিৰেও মই আৰু এনেধৰণৰ অনন্য শিল্পকৰ্ম নিৰ্মাণ কৰি দেশ-বিদেশলৈ প্ৰেৰণ কৰিব বিচাৰো। সমগ্ৰ বিশ্বই তাজমহলক চিনি পায় আৰু ইয়াক পৃথিৱীৰ সাতটা আশ্চৰ্য্যকৰ বস্তুৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। তাজমহল হৈছে প্ৰেমৰ প্ৰতীক। কোনোবাই যদি নিজৰ পত্নী বা প্ৰেমিকাক মূল্যৱান উপহাৰ দিব বিচাৰে তেন্তে এই কাঠৰ তাজমহল দিব পাৰে। তেওঁৰ নিৰ্মাণ কৰা তাজমহলটোৰ বিশেষত্বৰ বিষয়ে তেওঁ কয় যে ইয়াৰ সকলো অংশ পৃথক, যাৰ বাবে ইয়াক ক’ৰবালৈ লৈ যোৱাত কোনো সমস্যা নহয়।  ইয়াৰ ভিতৰত দুখন গোপন চেফো তৈয়াৰ কৰা হৈছে, যিবোৰ সকলোৱে খুলিব নোৱাৰে। ইয়াক বনোৱাটোও সহজ কাম নাছিল বুলিও তেওঁ কয়।
 
বনাবলৈ বিশেষ ধৰণৰ সঁজুলিৰ প্ৰয়োজন আছিল আৰু সেইবোৰ মই নিজেই তৈয়াৰ কৰিব লাগিছিল। প্ৰথমে তাজমহলটোৰ ছবিখন কাগজত আঁকিছিলোঁ। তাৰ পিছত কাঠৰে বনাব আৰম্ভ কৰিছিলোঁ। ইয়াৰ বাবে প্ৰায় ১,৭০,০০০ টকা খৰচ হৈছিল। ইফালে মোৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। মই বহুত ঋণ লৈছিলো, আনকি মই মোৰ মাটিও বিক্ৰী কৰিবলগীয়া হৈছিল।
 
তেওঁৰ শিল্পকৰ্মক যিমানে আদৰ কৰিব লাগিছিল বা যিমানৰ তাত গৈ পাব লাগিছিল, সিমান সঁহাৰি  নাপালে বুলি তেওঁ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে, মোৰ হাতত প্ৰদৰ্শনীত ষ্টল স্থাপন কৰিবলৈ টকা নাই। ঘৰখন চলাবলৈ তেওঁ কাঠমিস্ত্ৰীৰ কাম কৰে। এয়াই তেওঁৰ জীৱন সংগ্ৰাম আৰু সপোনৰ কাহিনী।
 
(লেখক এজন কবি, গল্পকাৰ আৰু সাংবাদিক)