বাবুল আলী হাজৰিকাৰ চমক: মাত্ৰ ২৯৯ টকাতে উন্নতমানৰ থকা-খোৱাৰ সুবিধা গুৱাহাটীত

Story by  Munni Begum | Posted by  Munni Begum • 19 d ago
বাবুল আলী হাজৰিকা আৰু তেওঁৰ পত্নী জিমি ৰহমান (বাওঁফালে) আৰু হাজৰিকা ল'জৰ অট্টালিকা (সোঁফালে)
বাবুল আলী হাজৰিকা আৰু তেওঁৰ পত্নী জিমি ৰহমান (বাওঁফালে) আৰু হাজৰিকা ল'জৰ অট্টালিকা (সোঁফালে)
 
মুন্নী বেগম / গুৱাহাটী
 
'থকা' আৰু 'খোৱা' হৈছে প্ৰতিগৰাকী মানুহে বিচৰা মৌলিক প্ৰয়োজন। যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন জনে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে। কিয়নো কেতিয়াবা হাতত টকা থাকিলেও ভাল থকা ঠাই এডোখৰ আৰু ভাল খাদ্য খাবলৈ বহুতে হাবাথুৰি খাবলগীয়া হয়। 
 
কিন্তু এতিয়া এই বিষয়ে চিন্তা কৰিবলগীয়া নাই, কাৰণ মাত্ৰ ২৯৯ টকাৰ বিনিময়তে উন্নতমানৰ থকা আৰু স্বাস্থ্যসন্মত খাদ্য লাভ কৰিব পাৰিব ব্যয়বহুল গুৱাহাটী মহানগৰীত। হয়, আপোনালোকে ঠিকে শুনিছে। মাত্ৰ ২৯৯ টকাতে গুৱাহাটী মহানগৰীৰ ছয়মাইলত এই বিশেষ ব্যৱস্থা থকা 'হাজৰিকা ল'জ' নামেৰে এখন ল'জ আৰম্ভ কৰিছে এগৰাকী উদ্যমী যুৱকে। তেওঁ হৈছে গোলাঘাট জিলাৰ বাবুল আলী হাজৰিকা।  
 
 
'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উদ্যমী যুৱক বাবুল আলী হাজৰিকাই কয়, "মই আৰু মোৰ পত্নী দুয়ো মিলি গুৱাহাটী মহানগৰীৰ ছয়মাইল উৰণ সেতুৰ সমীপৰ মায়া পথত 'হাজৰিকা ল'জ' নামেৰে এখন ল'জ আৰম্ভ কৰিছো। আমাৰ এই ল'জখনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালে বিশেষ সুবিধা লাভ কৰিব পাৰিব। মই এই ল'জখন মুকলি কৰাৰ পৰিকল্পনা এই কাৰণে কৰিছিলোঁ, কাৰণ মই যেতিয়া আগতে কোনো কামৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া হৈছিল, তেতিয়া মই থকা আৰু খোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ। আমি যিহেতু মধ্যবিত্ত পৰিয়ালৰ লোক, সেয়েহে কেতিয়াবা হাতত পৰ্যাপ্ত টকা নাথাকে আৰু কেতিয়াবা হাতত টকা থাকিও ভাল 'থকা-খোৱা'ৰ সমস্যাত পৰিছিলোঁ। তেতিয়াৰ পৰাই মনতে ভাবিছিলোঁ যে, মই এনে এক 'থকা-খোৱা'ৰ ব্যৱস্থা কৰিম, য'ত মধ্যবিত্ত শ্ৰেণীৰ লোকে আহি আৰামেৰে থাকিব পাৰে, খাব পাৰে। য'ত তেওঁলোকক মই ৰেহাই মূল্যত সকলো সুবিধা প্ৰদান কৰিব পাৰোঁ।"
 
স্বাভাৱিকতে গুৱাহাটীত থকা-খোৱা অতি ব্যয়বহুল ব্যৱস্থা। ইয়াত প্ৰতিটো খোজতে প্ৰয়োজনতকৈ অধিক ধন ব্যয় কৰিবলগীয়া হয়। কিন্তু ইমানৰ পিছতো উন্নতমানৰ সেৱা লাভ কৰাটো নিশ্চিত নহয়। এই ক্ষেত্ৰত অসমীয়া মুছলমান যুৱক বাবুল আলী হাজৰিকাৰ এই পদক্ষেপে বহুতৰে বাবে সকাহ কঢ়িয়াই আনিছে।   
 
হাজৰিকা ল'জৰ কোঠাৰ ভিতৰৰ এক দৃশ্য
 
হাজৰিকাই কয়, "আমি আমাৰ ল'জখন ১২ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিছো। এটা খুব ভাল লগা কথা যে, মুকলিৰ দিনৰ পৰাই ল'জৰ মুঠ ২১ টা কোঠাৰ আটাইকেইটায়ে সম্পূৰ্ণ গ্ৰাহকে ভিৰ কৰি আছে। আৰু যিসকল গ্ৰাহকে আমাৰ এই সেৱা লৈ উভতি গৈছে তেওঁলোকে আমাক খুব প্ৰসংশা কৰিছে আৰু কৈছে যে, গুৱাহাটীৰ দৰে অতি ব্যস্ত মহানগৰ এখনতো যে মানুহে ঘৰুৱা পৰিৱেশ উপভোগ কৰিব পাৰে ইয়ালৈ আহিহে অনুভৱ কৰিব পাৰিছোঁ। তেওঁলোকে ইয়ালৈ পুনৰ অহাৰো প্ৰতিশ্ৰুতি দিছে। যিটো আমাৰ কাৰণে এক বৃহৎ সফলতা।"    
 
সম্পূৰ্ণ এক ঘৰুৱা পৰিৱেশেৰে আৱৰা হাজৰিকা ল'জলৈ উজনি তথা নামনি অসমৰ বিভিন্ন জিলাৰ পৰা লোকৰ সমাগম ঘটিছে। হাজৰিকা লজলৈ কোনোৱে যদি চিকিৎসা, আন কোনোৱে আকৌ শিক্ষামূলক কাৰণত আহিছে। আৰু সকলো অতিথিয়ে ইয়ালৈ আহি আৰামদায়ক অনুভৱ কৰিছে। কিয়নো, হাজৰিকা ল'জখন ছয়মাইল জিএনআৰচি, ৰহমান হাস্পতাল, জিএমছিএইছ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, শিল্পগ্ৰাম, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ নিচেই ওচৰত আছে।   
 
হাজৰিকা ল'জৰ গাড়ী ৰখা পাৰ্কিঙৰ ঠাই
 
হাজৰিকাই কয়, "আমাৰ ইয়াত ২৯৯ টকাৰ পৰা ৬০০০ টকালৈ কোঠা উপলব্ধ আছে। আমাৰ ল'জত এজন ব্যক্তি থকাৰ বাবে ২৯৯ টকা, ৪৯৯ টকাত দুজন ব্যক্তি আৰু সম্পূৰ্ণ পৰিয়ালে আহি বনাই-সিজাই খোৱাৰ বাবে ৯৯৯ৰ পৰা ১৪৯৯ টকাত সুবিধা লাভ কৰিব পাৰিব। আমাৰ ইয়ালৈ অহা প্ৰতিগৰাকী লোকে ইয়াত এক সম্পূৰ্ণ ঘৰুৱা পৰিবেশ উপভোগ কৰিব পাৰিব। ইয়াৰোপৰি ল'জৰ সন্মুখত যথেষ্ট ঠাই আছে, য'ত গ্ৰাহকে নিজৰ দুচকীয়া-চাৰিচকীয়া বাহনবোৰ পাৰ্ক কৰিব পাৰিব। আনহাতে, শিশুসকলে খেল-ধেমালিও কৰিব পাৰে। মই ভাবো এই ল'জখন কেৱল মাত্ৰ মোৰ পৰিয়ালৰ নহয়। মই সমগ্ৰ অসমবাসীলৈ অৰ্পন কৰিছো, যাতে তেওঁলোকে ইয়ালৈ আহি দিহা-পৰামৰ্শ আগবঢ়াই ল'জখন আগুৱাই লৈ যোৱাত সহায় কৰে।"      
 
বৰ্তমান চৌদিশে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ল'জ বা হোটেলসমূহে গ্ৰাহকক আগবঢ়োৱা সেৱাৰ তুলনাত হাজৰিকা ল'জ হৈছে কিছু ব্যতিক্ৰম। কিয়নো ইয়ালৈ অহা প্ৰতিগৰাকী গ্ৰাহকক উন্নতমানৰ থকা আৰু খোৱাৰ সেৱা আগবঢ়োৱাৰ উপৰিও কোঠা বুকিং কৰাৰ পূৰ্বে আতিথ্য আপ্যায়নৰ বাবে বিনামূলীয়াকৈ পানী আৰু চাহৰো যোগান ধৰা হয়।    
 
গ্ৰাহকৰ সৈতে বাবুল আলী হাজৰিকা আৰু তেওঁৰ পত্নী
 
হাজৰিকাই কয়, "অতিথি হৈছে ভগৱানৰ ৰূপ। সেয়ে আমি আমাৰ ল'জলৈ অহা প্ৰতিগৰাকী অতিথিকে প্ৰথমে বিনামূলীয়াকৈ পানী আৰু চাহৰ যোগান ধৰোঁ। ইয়াৰোপৰি কোনো লোকে যদি ১৫ দিনতকৈ অধিক দিনলৈ আমাৰ ইয়াত থাকে তেন্তে তেওঁৰ আৰ্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি তেওঁক ৰেহাই প্ৰদানৰো ব্যৱস্থা ৰাখিছোঁ। আনহাতে, কেতিয়াবা যদি কোনো লোকে কোনো জৰুৰী কামৰ বাবে হোটেল এৰাৰ সময়ত পলম হয়। তেন্তে তেনে লোকক ১-২ ঘণ্টা পৰ্যন্ত অতিৰিক্ত সময় প্ৰদান কৰা হ'ব।" 
 
সততা, নিষ্ঠা আৰু বিশ্বাস থাকিলে মানুহে সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব পাৰে বুলি উল্লেখ কৰা হাজৰিকাই আগন্তুক ৰমজান মাহৰ বাবে তেওঁৰ ল'জত বিশেষ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। হাজৰিকাই কয়, "আমি ৰমজানৰ সময়ত ল'জৰ তৰফৰ পৰা ইফটাৰৰ লগতে প্ৰতিদিনে নিশা বিনামূলীয়াকৈ ছেহেৰীৰ যোগান ধৰিম, যাতে অতিথি ৰোজাদাৰসকলে এই পবিত্ৰ মাহত ছেহেৰীৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে।"  
 
হাজৰিকা ল'জৰ অট্টালিকা
 
শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰি ৰণত জয়ী হোৱা লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কৰিব যাব বুলি উল্লেখ কৰা হাজৰিকাই আৰ্থিকভাৱে দুৰ্বল লোক বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকক যিমান সম্ভৱ সহায় আগবঢ়োৱাৰ এটি আশা মনত পুহি ৰাখিছে। হাজৰিকাই এই ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।  
 
তেওঁ কয়, "যিহেতু বৰ্তমান আমাৰ ল'জৰ কোঠা খালী হৈ থকা নাই, সেয়েহে গ্ৰাহকে ৯৩৯৫২-০৮১৮৪ আৰু ৯৬১৩৭-৩৩৫৭৪ নম্বৰত আগতীয়কৈ ফোন কৰি কোঠা বুকিং কৰিব পাৰে। মই ভাবো মোৰ এই পদক্ষেপে যুৱপ্ৰজন্মৰ মাজত এক জাগৰণৰ সৃষ্টি কৰক আৰু মোৰ দৰে উচ্চ শিক্ষিত যুৱক-যুৱতীসকলেও চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি স্বাৱলম্বী হোৱাৰ লগতে মানুহকো সেৱা আগবঢ়াব পাৰে। মই নিজেই ইঞ্জিনিয়েৰিঙৰ শিক্ষা সম্পূৰ্ণ কৰিছো আৰু মোৰ পত্নী বিএ এলএলবি সম্পূৰ্ণ কৰিছে। কিন্তু আমি আনৰ কোম্পেনীত সাধাৰণ এটা দৰমহা লৈ জীৱন অতিবাহিত কাৰাৰ পৰিৱৰ্তে নিজে এক ব্যৱসায় আৰম্ভ কৰিছো আৰু আনকো কৰ্মসংস্থাপন দিছো। বৰ্তমান মোৰ ল'জত মুঠ ১২ জন কৰ্মচাৰী নিযুক্ত হৈ আছে।"