সা ৰে গা মা পা ২০২৪ত জিলিকিল অসমৰ বিদিশা হাতীমুৰিয়াই; তৃতীয় ৰানাৰ্ছ আপৰ স্থান দখল

Story by  atv | Posted by  Munni Begum • 1 d ago
বিদিশা হাতীমুৰিয়া
বিদিশা হাতীমুৰিয়া
 
গুৱাহাটী 
 
অসমীয়া গায়িকা বিদিশা হাতীমুৰিয়াই জি টিভিৰ জনপ্ৰিয় সংগীতৰ ৰিয়েলিটি শ্ব' 'সা ৰে গা মা পা ২০২৪'ত সফলতা অৰ্জন কৰি তৃতীয় ৰানাৰ্ছ আপৰ স্থান দখল কৰিছে।
 
ডিব্ৰুগড় জিলাৰ দুলীয়াজান চহৰৰ বিদিশাই সমগ্ৰ অনুষ্ঠানটোত অসাধাৰণ পৰিবেশন কৰিছিল, যিয়ে তেওঁক শীৰ্ষ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত স্থান লাভ কৰাত সহায় কৰিছিল।  
 
যুৱ গায়িকাগৰাকীয়ে বিজয়ীৰ ট্ৰফী দখল কৰিব নোৱাৰিলেও বিদিশাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয়। ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফিনালেত মুম্বাইৰ শ্ৰদ্ধা মিশ্ৰক বিজয়ী হিচাপে ঘোষণা কৰা হয়। 
 
ফাইনেলত শ্ৰদ্ধা মিশ্ৰ, উজ্ৱাল মতিৰাম গজভৰ, সুভাশ্ৰী দেৱনাথ, বিদিশা হাতীমুৰিয়া, পাৰ্বতী মীনাক্ষী, মহৰ্ষি সনাত পদ্যকে ধৰি ৬গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজত কঠোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গুৰু ৰন্ধাৱা, শচীন-জিগাৰ আৰু সচেত পৰম্পৰাৰ অধীনত গায়কসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল।