সহপাঠীৰ তুচ্ছ-তাচ্ছিল্যৰ বলি হোৱা লৰা জন আজি MMA ফাইটাৰ

Story by  Ariful Islam | Posted by  Munni Begum • 1 Months ago
আৰ্ছাদ আলী
আৰ্ছাদ আলী
 
আৰিফুল ইছলাম / গুৱাহাটী
 
স্কুল-কলেজসমূহত কিছুমান শান্ত-শিষ্ট ছাত্ৰ-ছাত্ৰীয়ে উৎপতীয়া সতীর্থৰ পৰা ঠাট্টা-মস্কৰা আৰু উপলুঙাৰ সন্মুখীন হোৱা আমি সততে দেখিবলৈ পাই আহিছো। পঢ়াশালিত তেনেকুৱা আচহুৱা পৰিস্থিতিৰ সন্মুখীন হৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মানসিকভাৱে ভাঙি পৰাও দেখা যায়। স্কুলীয়া দিনত আৰ্ছাদ আলীও তেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল। কিন্তু মানসিকভাৱে তেওঁ আছিল কিছু দৃঢ়, শক্তিশালী আৰু ব্যতিক্ৰমী। সহপাঠীৰ ঠাট্টা-মস্কৰাত অতিষ্ঠ হৈ তেওঁ স্কুল ত্যাগ কৰা নাছিল বা মানসিকভাৱেও ভাঙি পৰা নাছিল। ইয়াৰ পৰিৱৰ্তে আৰ্ছাদে আত্মৰক্ষাৰ বাবে শিকিছিল মিক্স মাৰ্চিয়েল আৰ্টছ (এমএমএ)। আৰু সমৰ-কলাত লাভ কৰা এই দক্ষতাৰ বাবেই এতিয়া আৰ্ছাদ আলী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। 
 
২৭ বছৰীয়া এম এম এ ফাইটাৰজনে চলিত বৰ্ষৰ ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ কম্ব’ডিয়াৰ প’ন’ম পেনত অনুষ্ঠিত দ্বিতীয় এচিয়ান মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। আৰ্ছাদ আলী গুৱাহাটীস্থিত লেগেচি কমবেট এমএমএ জিমৰ প্ৰশিক্ষাৰ্থী আৰু গড়চুকৰ বাসিন্দা। 
 
 
তেওঁ এতিয়া ২০২৪ চনৰ এচিয়ান ইনড'ৰ গেমছৰ বাবে বাছনি হৈছে, যিটো এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান য’ত ভাৰতৰ সকলো খেলৰ স্বীকৃত কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰে। এছিয়ান এমএমএ চেম্পিয়নশ্বিপ হৈছে এচিয়াৰ আটাইতকৈ কঠিন এমএমএ প্ৰতিযোগিতা, য’ত এচিয়াৰ প্ৰতিখন দেশৰ প্ৰতিযোগীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়।
 
আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আৰ্ছাদ অলীয়ে কয়; "প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাই মোৰ যথেষ্ট ভাল লাগিছে। আমাৰ ভাৰতবৰ্ষৰ দলটোত ৮ জন খেলুৱৈ আছিলোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মই অকলে। ইয়াৰ পূৰ্বে মই কীক-বক্সিঙ আৰু ৱুচু খেলিছিলোঁ। তাৰপিছত মই এমএমএলৈ আহিলোঁ। ২০১৭ চনৰ শেষৰ ফালে আত্ম সুৰক্ষাৰ বাবে মই এমএমএ কৰিছিলোঁ, কিন্তু এতিয়া মোৰ ভাল লগা হৈ গ'ল। ইয়াৰ পূৰ্বে মই বহুকেইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ।"
 
আৰ্ছাদ আলীয়ে গুৱাহাটীৰ চান্দমাৰীস্থিত 'লিগেছী কমবেট কোচ' নামৰ এমএমএ জীমটোত প্ৰখ্যাত এমএমএ ফাইটাৰ ছাকিল ইনজামৰ নেতৃত্বত দৈনিক অনুশীলন কৰে। অনুশীলনৰ কোনো নিৰ্দিষ্ট সময় নাই যদিও তেওঁ প্ৰায়ে ২-৩ ঘণ্টাকৈ অনুশীলন কৰে।
 
কম্বোডিয়াত বঁটা গ্ৰহণ কৰা মুহূৰ্তত আৰ্ছাদ আলী আৰু অন্য খেলুৱৈসকল
 
"এমএমএক বহুতে মাৰপিতৰ খেল বুলিয়ে ভাবে, আচলতে এইটো কোনোধৰণৰ মাৰপিতৰ খেল নহয়। প্ৰকৃত মাৰ্শ্বিয়েল আৰ্টছৰ ল'ৰা বা ছোৱালীয়ে কেতিয়াও মাৰপিত কৰিব নাযায়। অধিকাংশই এমএমএত আত্মৰক্ষাৰ বাবেই আহে। এমএমএ সম্পূৰ্ণভাবে মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ শিকাই। বৰ্তমান যুৱ প্ৰজন্মই বহুত বেছি এলেহুৱা হৈ গৈছে। আজিৰ যুৱ প্ৰজন্মই দৈনিক এমএমএৰ প্ৰশিক্ষণ ল'লে বিভিন্ন ক্ষেত্ৰত লাভম্বিত হ'ব। এমএমএত অহাৰ পৰা মই ব্যক্তিগত ভাবে বহুত উপকৃত হৈছোঁ", আৰ্ছাদ আলীয়ে কয়।
 
এই প্ৰতিযোগিতাখনৰ উপৰিও আৰ্ছাদ আলীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক-বক্সিঙত সোণৰ পদক আৰু উশ্বু প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
 
উল্লেখ্য যে, আৰ্ছাদ আলীয়ে এমএমএত যোগদান কৰাৰ পৰা এতিয়ালৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰম্ভণিতে আৰ্ছাদ আলী ক্ষীণ আছিল বাবেই বহুতে তেওঁক কৈছিল যে 'তই এইবোৰ কৰিব নোৱাৰিবি। এমএমএৰ একো কাম নাই।' কিন্তু এই সকলো বাধা নেওচি তেওঁ আগুৱাই যায় আৰু আজি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
 
খেল জয়ী হোৱা মুহূৰ্তত
 
"এমএমএ খেলিলে শৰীৰত বহুত আঘাত পোৱা যায়, যাৰ ফলত ঘৰৰ মানুহেও ভয় খায়। কেতিয়াবা ঘৰৰ মানুহেও কয় যে এইবোৰ আৰু খেলিব নালাগে। কিন্তু মই ভাবো যে যিমানেই প্ৰত্যাহ্বানৰ সন্মুখীন নহওক কিয়, মোৰ কাম মই কৰি যাম। বৰ্তমান মোৰ মা আৰু দেউতাই মোক লৈ বহুত বেছি গৌৰাবাম্বিত। নিজৰ ওপৰত ৰখা বিশ্বাসটোৱে সকলো। যদি মই কৰিব পাৰিছোঁ, তেন্তে সকলোৱে কৰিব পাৰিব।", আৰ্ছাদ আলীয়ে কয়। 
 
এতিয়ালৈকে আৰ্ছাদ আলীয়ে যিবোৰ প্ৰতিযোগিতাত বিজয়ী হৈছে তাত তেওঁ সন্তুষ্ট। কিন্তু এমএমএৰ যাত্ৰা আৰ্ছাদে ইমানতে সমাপ্ত কৰিব বিচৰা নাই। ভৱিষ্যতে তেওঁ নিজকে এমএমএৰ আটাইতকৈ ডাঙৰ মঞ্চ UFCৰ ৰিঙত নিজকে চাব বিচাৰে। তেওঁ অনাগত দিনত বিশ্ব চেম্পিয়নশ্বিপো খেলাৰ সপোন পুহি ৰাখিছে। শেহতীয়াকৈ আৰ্ছাদে এছিয়ান ইনড'ৰ মাৰ্চিয়েল আৰ্টছ খেলিবলৈ নিৰ্বাচিত হৈছে। 
 
এমএমএ বৰ্তমানলৈ যিহেতু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত খেল নহয়। সেয়েহে, আৰ্ছাদ আলীয়ে বিভিন্ন ঠাইত খেলিবলৈ যাওঁতে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ সাহাৰ্য্য নাপায়। এমএমএ ইণ্ডিয়া ফেডাৰেচনৰ পৰাই সকলো সহায় সহযোগিতা লাভ কৰি আৰ্ছাদ আলীয়ে খেলিব যায়। তাৰোপৰি নিজৰ পকেটৰ ধনো খৰছ কৰিবলগীয়া হয়। এতিয়ালৈ যিসমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আৰ্ছাদ আলীয়ে সুনাম কঢ়িয়াই আনিছে, সেইসমূহত অধিকাংশ নিজৰ পিকেটৰ টকা খৰছ কৰিয়ে আগবাঢ়িছে। তেওঁ এই ক্ষেত্ৰত চৰকাৰৰ সহায়-সহযোগিতা আশা কৰে।