জীৱনৰ মান উন্নত কৰিবলৈ আমি সকলোৱে কৃত্ৰিম বুদ্ধিমত্তা (AI)ক আঁকোৱালি ল'ব লাগিবঃ শ্বাহনৱাজ হুছেইন

Story by  atv | Posted by  [email protected] • 3 h ago
আই আই টি খড়গপুৰৰ শ্বাহনৱাজ হুছেইন
আই আই টি খড়গপুৰৰ শ্বাহনৱাজ হুছেইন
 
মেহফুজ আলম/পাটনা

কৃত্ৰিম বুদ্ধিমত্তা হৈছে এনে এক প্ৰযুক্তি যিয়ে মানুহৰ মগজুৰ দৰেই কাম কৰে। ইয়াৰ প্ৰয়োগে কঠিন কামবোৰ সৰল কৰি তুলে আৰু মানুহৰ সময়, ধন আৰু প্ৰচেষ্টা ৰাহি কৰে। কিন্তু প্ৰযুক্তিৰ ক্ষেত্ৰত যিদৰে হয়, ঠিক সেইদৰে ইয়াৰো ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱে আছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ অধ্যয়ন কৰা শ্বাহনৱাজ হুছেইনে আৱাজ-দ্য ভইচৰ সৈতে এক বাৰ্তালাপত এই মতামত প্ৰকাশ কৰে। আই আই টি খড়গপুৰৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত বি টেকৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ শ্বাহনৱাজ হুছেইনে কয় যে AI হৈছে কৃত্ৰিম আৰু মেচিন লাৰ্নিং প্ৰযুক্তি, যিটো অনাগত দিনত সকলোৱে গ্ৰহণ কৰিব লাগিব। যিসকলে ইয়াক গ্ৰহণ নকৰে তেওঁলোক পিছ পৰি থাকিব।

শ্বাহনৱাজ হুছেইনৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাই তথ্যৰ ওপৰত ভিত্তি কৰি কাম কৰে, অৰ্থাৎ ইয়াত যিমানেই ভাল তথ্য যোগান ধৰা হ’ব সিমানেই ইয়াৰ কাৰ্য্যক্ষমতা উন্নত হ’ব। আজিকালি কম্পিউটাৰকো মানুহৰ দৰে বুদ্ধিমান কৰি তোলা হৈছে। প্ৰতিটো সৰু-ডাঙৰ কথা আনকি আমিও কম্পিউটাৰত মানুহৰ কাম আৰু বিভিন্ন ভাষাৰ তথ্য যোগান ধৰিছো।
 
প্ৰতিনিধিত্বমূলক ফটো
 
এই তথ্যৰ ভিত্তিত কম্পিউটাৰে বুজিবলৈ আৰম্ভ কৰিছে যে মানুহে কেনেকৈ কাম কৰে আৰু তেওঁলোকৰ প্ৰয়োজন কি। ইয়াক কৃত্ৰিম বুদ্ধিমত্তা বোলা হয়। অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া গম পোৱা হৈছে যে এজন মানুহে কি কাম, কেতিয়া, কেনেকৈ কৰে। ইণ্টাৰনেটৰ ওপৰত এআইৰ  সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু তাৰ ওপৰত ভিত্তি কৰি ই নিজৰ সঁহাৰি আৰু কৰ্মসূচী প্ৰস্তুত কৰে।

এটা উদাহৰণ দি তেওঁ কয় যে ধৰি লওক এজন ব্যক্তিয়ে এনে এটা বিষয়ত লিখিব লাগিব যাৰ বিষয়ে তেওঁ একো নাজানে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তেওঁ যথেষ্ট সোনকালে এটা উৎকৃষ্ট লেখা লিখি উলিয়াব পাৰে। কৃত্ৰিম বুদ্ধিমত্তাই ভাল লেখা এটা বেয়া লেখাৰ পৰা পৃথক কৰিব জানে; আনকি ই মুখমণ্ডল চিনাক্ত কৰিব পাৰে আৰু কেৱল মুখ চিনাক্তকৰণৰ জৰিয়তে ছাত্ৰ বা কৰ্মচাৰীৰ উপস্থিতি দাখিল কৰে।

তেওঁ কয় যে ভাষা প্ৰক্ৰিয়াকৰণ, ছবি প্ৰক্ৰিয়াকৰণ, আৰু মেচিন লাৰ্নিঙত ইয়াৰ ব্যাপক ব্যৱহাৰ হৈছে। একেদৰে, স্বাস্থ্য, শিক্ষা, বাণিজ্য আৰু আন বহু ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ ঘটিছে। ইয়াৰ নিৰন্তৰ উন্নতি আৰু বিকাশ ঘটি আছে। তেওঁ কয় যে এআইৰ বিকাশ ইমানেই দ্ৰুত আৰু গতিশীল যে ছমাহৰ ভিতৰত আজিৰ কাৰ্যসূচী অপ্রাসংগিক হৈ পৰিব পাৰে৷ ইয়াক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে একত্ৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও শ্বাহনৱাজ হুছেইনে উল্লেখ কৰে। 

সমাজত প্ৰভাৱঃ

শ্বাহনৱাজ হুছেইনে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই সমাজত নিঃসন্দেহে গভীৰ প্ৰভাৱ পেলাব। যেনেকৈ আগতে মানুহে ক'ডিঙৰ সহায়ত কম্পিউটাৰ চফটৱেৰ প্ৰস্তুত কৰিছিল। কিন্তু এতিয়া এআইয়ে ক’ডিং সৃষ্টি কৰে, যিটো আগতে চফটৱেৰ ইঞ্জিনিয়াৰৰ কাম আছিল। গতিকে অভিযান্ত্ৰিক ক্ষেত্ৰৰ চাকৰিতো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ পৰিব বুলি কোৱাটো অযুক্তিকৰ নহয়। 
 

প্ৰতিনিধিত্বমূলক ফটো
 
কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আমি আমাৰ সময় ৰাহি কৰিব পাৰো। কিন্তু এআইয়ে মানুহৰ মগজুৰ স্থান ল’ব পাৰে আৰু কামৰ বাবে মানুহৰ প্ৰয়োজন নহ’ব বুলি কোৱাটো ভুল কথা। একেদৰে, কৃত্ৰিম বুদ্ধিমত্তাই নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰি চাকৰিৰ বজাৰত পৰিৱৰ্তন আনিব। সেইবাবেই বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা বিশেষজ্ঞ (artificial intelligence experts), তথ্য বিশ্লেষক (data analysts), আৰু ৰবটিক্স অভিযন্তা (robotics engineers)ৰ চাকৰিৰ সুযোগ ইতিমধ্যে বৃদ্ধি পাইছে। 

শ্বাহনৱাজ হুছেইনে এই পৰিস্থিতিক মোবাইল বিপ্লৱৰ সৈতে তুলনা কৰিছে। তেওঁ কয় যে পৰিৱৰ্তন তেতিয়াৰ দৰেই হ’ব। এআইৰ আগমনৰ লগে লগে যি পৰিৱর্তন হ’ব সেয়া জীৱনৰ প্রতিটো ক্ষেত্রতে অনুভৱ আৰু দেখা যাব আৰু ইয়াৰ ফলত মানৱ জীৱনৰ মান উন্নত হ’ব৷ মোবাইলে যেনেকৈ মানুহৰ শিক্ষা, স্বাস্থ্য, জীৱনশৈলী, আৰু অনলাইন বাণিজ্যলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে, তেনেকৈয়ে পৰৱৰ্তী পৰ্যায়ৰ বিপ্লৱ আহিব কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে।

কৃত্তিম বুদ্ধিমত্তাৰ ইতিবাচক দিশঃ

শ্বাহনৱাজ হুছেইনে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই কেৱল তথ্য বিশ্লেষণ কৰি আমাক উন্নত বিষয়বস্তু প্ৰদান কৰাই নহয়, কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও ইয়াক মেইল, নিজৰ কাম বিশ্লেষণ, পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰিছে। লগতে ফটো তৈয়াৰ আৰু সম্পাদনাত কৃত্ৰিম বুদ্ধিমত্তাই আচৰিত ধৰণৰ কাম কৰি আছে। আগতে ফটো এখন বনাবলৈ মানুহে বিশেষজ্ঞৰ ওচৰলৈ গৈ ডিজাইন কৰিব লাগিছিল যদিও কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া নিমিষতে সেয়া সৃষ্টি কৰি দিছে।

নিঃসন্দেহে কৃত্ৰিম বুদ্ধিমত্তাই মানুহক নতুন নতুন কথা শিকিবলৈ সুযোগ দিব যিবোৰ ভৱিষ্যতৰ চাকৰিৰ বাবে প্ৰয়োজনীয় হ’ব। শ্বাহনৱাজ হুছেইনৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাই ছাত্ৰ-ছাত্ৰীৰ বাবে আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব আৰু শিক্ষা খণ্ডক উন্নত দিশলৈ সলনি কৰিব। ছাত্ৰ-ছাত্ৰী, পাঠদান, আৰু গৱেষণা এই ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে কৃত্ৰিম বুদ্ধিমত্তাৰে নিজৰ জ্ঞান বৃদ্ধি কৰিছে, আৰু ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষাৰ ক্ষেত্ৰখনক বহুখিনি দিবলৈ গৈ আছে। ২০২১ চনৰ পিছত এআইয়ে সমাজ সলনি কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সকলোতে এআইৰ কাৰ্য্য আৰু উপস্থিতিৰ বিষয়ে আলোচনা হৈছে।
 

প্ৰতিনিধিত্বমূলক ফটো
 
চাকৰিত কৃত্তিম বুদ্ধিমত্তাৰ প্ৰভাৱঃ

শ্বাহনৱাজ হুছেইনে কয় যে যিকোনো প্ৰযুক্তিৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ থাকে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো তেনেকুৱাই। ই হৈছে ডাটা আৰু এলগৰিদমৰ ওপৰত চলি থকা এক ছফটৱেৰ। তথ্য যিমানেই ভাল হ’ব সিমানেই ফলাফল ভাল হ’ব। যিহেতু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ মানুহে কৰিব আৰু ইয়াক মানুহেই বিকশিত কৰিছে, গতিকে ক’ব পাৰি যে ই মানুহৰ চাকৰিলৈ বিপদ অনাৰ সম্ভাৱনা নাই। বৰং ই মানুহৰ সহায়কহে হ'ব। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই বহু মেচিন স্থান দখল কৰিব পাৰে। 

কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা কিছু পৰিমাণৰ দৈনন্দিন কাম-কাজ সম্পন্ন কৰাৰ প্ৰয়াস চলি আছে। এইদৰে, নিয়োজিত লোকৰ সংখ্যাও কমি যাব পাৰে, কিয়নো কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি ব্যৱহাৰ কৰি কম সংখ্যক লোকৰ জৰিয়তেও অধিক কাম কৰিব পাৰি। গতিকে, সত্যটো হ’ল যে কৃত্ৰিম বুদ্ধিমত্তা ভালদৰে ব্যৱহাৰ কৰা লোকসকলে তেওঁলোকৰ সহকৰ্মীসকলতকৈ ভাল প্ৰদৰ্শন কৰিব, গতিকে চাকৰিৰ আশংকা নিৰ্ভৰ কৰিব কৃত্ৰিম বুদ্ধিমত্তাক মানুহে কিধৰণে বুজি পাইছে, বা ইয়াক কিধৰণে আঁকোৱালি লৈছে, তাৰ ওপৰত। গতিকে মই কওঁ যে সকলোৱে কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে মানুহ এতিয়াই সাজু হ’ব লাগে।

কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰভাৱঃ

নিঃসন্দেহে কৃত্ৰিম বুদ্ধিমত্তাই কিছুমান ক্ষেত্ৰত চাকৰিৰ ওপৰত প্ৰভাৱ পেলাব। উদাহৰণস্বৰূপে, তথ্য বিশ্লেষণ আৰু গ্ৰাহক সেৱাত এআইয়ে নিজৰ চফ্টৱেৰ সঁজুলিসমূহ ব্যৱহাৰ কৰি মানুহৰ কামসমূহ নিজে সম্পন্ন কৰিব। লগতে, যিহেতু কৃত্ৰিম বুদ্ধিমত্তাই বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰে, সেয়েহে ই ব্যক্তিগত তথ্য সুৰক্ষিত কৰাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভুৱা ফটো, ভুৱা বাতৰি বা অপপ্ৰচাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিলে নেতিবাচক প্ৰভাৱ পৰিব। ইয়াৰ বাবে চৰকাৰে যাতে কোনোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে এক সঠিক কৌশল ৰচনা কৰিব লাগিব বা এনে ব্যৱস্থা গঢ়ি তুলিব লাগে যাতে সঠিক আৰু ভুৱা কি সেই কথা ধৰিব পৰা যায়। শ্বাহনৱাজ হুছেইনৰ মতে এআইৰ ব্যৱহাৰে মানুহৰ সৃষ্টিশীলতা হ্ৰাস কৰিব পাৰে, সেয়ে এআই ব্যৱহাৰ কৰাসকলে তেওঁলোকৰ সৃষ্টিশীলতাক পাহৰি নগৈ ইয়াক জীয়াই ৰাখিব লাগিব।

এআই সৰ্বব্যাপী হ’বঃ

ভাৰত এতিয়াও এআইৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। কিছুমান কোম্পানীয়ে এই ক্ষেত্ৰত কাম কৰি আছে, ৰবটে এতিয়া খাদ্য চাৰ্ফিং কৰি আছে, ৰবটত এআই সুমুৱাই দিয়া হ’ব আৰু ডাঙৰ কাম কৰা হ’ব। AI এ সকলো জানে কাৰণ ইয়াত সকলোৰে ডাটা থাকে। AI হৈছে এটা চফটৱেৰ আৰু ইয়াৰ জৰিয়তে ৰবটক হাত-ভৰি দিয়া হৈছে। ভৱিষ্যতে এআই ৰবট সহজে উপলব্ধ হ’ব। এটা স্মাৰ্ট হোম নিৰ্মাণৰ কাম চলি আছে, এটা কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবটে ঘৰটো অন আৰু অফ কৰি ল’ৰা-ছোৱালীবোৰৰ ওপৰত চকু ৰাখিব।
 

প্ৰতিনিধিত্বমূলক ফটো
 
শিশুটি ঘৰত শুই আছে আৰু আপুনি এআইক এই নিৰ্দেশ দি গৈছে যে শিশুটোৱে যদি লৰচৰ কৰে বা সাৰ পায়, তেন্তে আমাক মেছেজ কৰিব। শিশুটোৰ সৈতে কৰিব লগা সকলো কাম এআই ৰবটে কৰি আছে, আৰু অভিভাৱকে কেমেৰাৰে সকলো চাই আছে।

সকলোৱে নিজকে উন্নীত কৰিব লাগিবঃ

শ্বাহনৱাজ হুছেইনে কয় যে সামগ্ৰিকভাৱে মই ক’ব পাৰো যে আমি সকলোৱে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত নিজকে আপডেট কৰিব লাগিব। যিদৰে পুৰণি প্ৰজন্মৰ মানুহে মোবাইলৰ সহায়ত নিজকে আপডেট কৰি চলিবলৈ শিকিছিল, ঠিক সেইদৰে আমিও কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে নিজকে আপডেট কৰিব লাগিব। যিসকলে তেনে নকৰে তেওঁলোকৰ উদ্বেগ বাঢ়িব পাৰে। যিসকল লোক নিৰক্ষৰ বা সাক্ষৰতাৰ হাৰ কম, তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা বুজি পোৱা আৰু ব্যৱহাৰ কৰাত আৰু পিছ পৰি ৰোৱাৰ সম্ভাৱনা থাকে।

"মোৰ বিভাগ হৈছে কম্পিউটাৰ বিজ্ঞান আৰু মই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতো কাম কৰি আছো। গতিকে মই ক’ব পাৰো যে বৰ্তমান সময় কৃত্ৰিম বুদ্ধিমত্তাৰ। ইয়াৰ সঠিক ব্যৱহাৰে কেৱল শিক্ষাৰ মানদণ্ড উন্নত কৰাই নহয়; ই স্বাস্থ্য, বাণিজ্য, আৰু অৰ্থনীতিৰো উন্নতি সাধন কৰিব পাৰে।"-শ্বাহনৱাজ হুছেইনে কয়।