বিদায় বেলাত ২০২৪: মুছলমান যুৱক-যুৱতীসকলে সপোন বাস্তৱায়িত কৰা এটা স্মৰণীয় বৰ্ষ

Story by  atv | Posted by  Munni Begum • 4 d ago
আলিগড় মুছলিম বিশ্ববিদ্যালয় আৱাসিক প্ৰশিক্ষণ একাডেমীৰ শিক্ষাৰ্থী জুফশ্বান হক, নাজিয়া পাৰৱীন আৰু আব্দুল্লাহ জাহিদ যিয়ে অসামৰিক সেৱাৰ তালিকাত স্থান লাভ কৰিছে
আলিগড় মুছলিম বিশ্ববিদ্যালয় আৱাসিক প্ৰশিক্ষণ একাডেমীৰ শিক্ষাৰ্থী জুফশ্বান হক, নাজিয়া পাৰৱীন আৰু আব্দুল্লাহ জাহিদ যিয়ে অসামৰিক সেৱাৰ তালিকাত স্থান লাভ কৰিছে
 
ফিৰদৌচ খান
 
বিদায় বেলাত উপনীত হোৱা ২০২৪ বছৰটো মুছলমান যুৱক-যুৱতীসকলৰ বাবে সঁচাকৈয়ে খুব ভাল আছিল। বিশেষকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা (UPSC)ত অৱতীৰ্ণ হোৱা যুৱক-যুৱতীসকলৰ বাবে এই বছৰটো সদায় স্মৰণীয় হৈ থাকিব। ৫১ গৰাকী মুছলমান পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সম্প্ৰদায়টোৰ বাবে এক বৃহৎ সফলতা বুলি ক'ব পাৰি।
 
এই সফল মুছলমানসকলৰ হাৰ ৫.০১ শতাংশ। ইয়াৰে পাঁচগৰাকীয়ে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছে। টপাৰসকলৰ ভিতৰত আছে ৰৌহানী, নৌছিন, ৱৰ্দা খান, জুফিছান হক আৰু ফাবি ৰছিদ। শীৰ্ষ দহৰ ভিতৰত নৱম স্থান লাভ কৰিছে নৌছিনে। এই পৰীক্ষাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১০১৬ জন প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে। 
ইউ পি এছ চিৰ এই ফলাফলে মুছলমান যুৱক-যুৱতীসকলক যথেষ্ট উৎসাহিত কৰিছে। নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সকলো লাভ কৰিব পাৰি বুলি তেওঁলোকৰ বিশ্বাস আৰু অধিক দৃঢ় হৈ পৰিছে। উল্লেখযোগ্য যে, ২০২২ চনৰ আৰম্ভণিতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ৯৩৩জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। ইয়াৰে ২৯ জন মুছলমান, যাৰ হাৰ আছিল ৩.১০ শতাংশ।
 
একেদৰে, ২০২১ চনত মুঠ ৬৮৫ জনৰ ভিতৰত মাত্ৰ ২৫ জন মুছলমানেহে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল, যাৰ উত্তীৰ্ণৰ হাৰ আছিল ৩.৬৪ শতাংশ। ২০২০ চনত মুঠ ৭৬১ জন প্ৰাৰ্থীক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। ইয়াৰে ৩১ জন মুছলমান, যাৰ হাৰ আছিল ৪.০৭ শতাংশ। ২০১৯ চনত মুঠ ৮২৯ জন প্ৰাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে ৪৪ জন মুছলমান, যাৰ হাৰ আছিল ৫.৩০ শতাংশ। ২০১৮ চনত উত্তীৰ্ণ হোৱা মুঠ ৭৫৯ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২৮ জন মুছলমান আছিল। তেওঁলোকৰ হাৰ আছিল ৩.৬৮ শতাংশ। ২০১৭ চনত মুঠ ৯৮০ জনে উত্তীৰ্ণ হয়। ইয়াৰে ৫০ জন মুছলমান আছিল, ইয়াৰ হাৰ আছিল ৫.১০ শতাংশ। 
 
ৱৰ্দা খান
 
২০১৬ বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০৯৯ জন লোকক নিৰ্বাচিত কৰা হৈছিল। ইয়াৰে ৫২ জন মুছলমান, যাৰ হাৰ ৪.৭৩ শতাংশ। এইটোও এটা ডাঙৰ হিচাপ আছিল। ২০১৫ চনত মাত্ৰ ৩৭ গৰাকী মুছলমান প্ৰাৰ্থীয়েহে সফলতা লাভ কৰিছিল। ২০১৪ চনত ৪০ জন মুছলমান উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৩ চনত ৩৪ জন মুছলমান প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। 
 
এইবাৰ পশ্চিম বংগ লোকসেৱা আয়োগৰ ন্যায়িক সেৱা পৰীক্ষাত সফলতা অৰ্জন কৰিছে হাৰিয়ানাৰ নুহৰ বাসিন্দা ৰুখছানাই। ন্যায়াধীশ পদৰ বাবে নিৰ্বাচিত হৈছে তেওঁ। ৰুখছানাই কয় যে স্কুলীয়া দিনৰ পৰাই তেওঁ ন্যায়াধীশ হোৱাৰ সপোন দেখিছিল। তেওঁৰ পৰিয়ালৰ লোকে তেওঁক বহুত সহায় কৰিছিল। উন্নত প্ৰশিক্ষণ আৰু ভাল শিক্ষাৰ ফলত এতিয়া ৰুখছানা এগৰাকী বিচাৰক হ'বলৈ সক্ষম হৈছে।
 
যদিও হাৰিয়ানাৰ এই অঞ্চলটো অতি পিছপৰা বুলি গণ্য কৰা হয়। কিন্তু এতিয়া ইয়াৰ মুছলমানসকলে নিজৰ সন্তানক বিশেষকৈ ছোৱালীক ভাল শিক্ষা প্ৰদান কৰিছে যাৰ বাবে ইয়াত পৰিৱৰ্তন দেখা যায়। ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত শিক্ষাক অত্যন্ত গুৰুত্ব দিয়াটো এক সুখদায়ক অনুভৱ। আজি মুছলমান যুৱক-যুৱতীসকলে প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ নিচান উৰুৱাইছে। 
 
ফাবি ৰছিদ তেওঁৰ পিতৃ-মাতৃৰ সৈতে
 
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ শেহতীয়া এনে ফলাফলে মুছলমান সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ কথা প্ৰমাণ কৰিছে। দেশৰ মুছলমানসকল যে আৰ্থিক আৰু সামাজিকভাৱে এতিয়াও অতি পিছপৰা, সেয়া এক কঠোৰ বাস্তৱ। দৰাচলতে স্বাধীনতাৰ পাছত দেশৰ মুছলমানসকল প্ৰতিটো ক্ষেত্ৰতে পিছপৰি থাকে। অৱশ্যে শিক্ষা হৈছে এখন সভ্য সমাজৰ শক্তিশালী ভেটি। শিক্ষিত দেশবোৰৰ সদায় যে অগ্ৰগতি হৈ আহিছে তাৰ সাক্ষী ইতিহাস। যিকোনো ব্যক্তিৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষা অতি গুৰুত্বপূৰ্ণ। মুছলমানসকলে এতিয়া এই কথা বুজিবলৈ আৰম্ভ কৰিছে।
 
দেশত বহু মুছলমান শিক্ষানুষ্ঠান মুকলি হৈছে, যিয়ে শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যুক্তিসংগত মাচুলৰ বাবে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীয়েও সেইবোৰত নামভৰ্তি ল’ব পাৰে। এইবোৰৰ বাহিৰেও বহু মুছলমান স্বেচ্ছাসেৱী সংগঠনে শিশুসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে।
 
দৰাচলতে সাচাৰ কমিটীৰ প্ৰতিবেদন অহাৰ পিছত মুছলমানসকলে মনোযোগ দিবলৈ আৰম্ভ কৰিলে আৰু নিজৰ পৰিস্থিতিৰ প্ৰতি চিন্তা কৰিবলৈ ধৰিলে। মন কৰিবলগীয়া যে ভাৰতৰ মুছলমানসকলৰ অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক অৱস্থাৰ বিষয়ে অধ্যয়নৰ বাবে নিযুক্ত সাচাৰ কমিটীয়ে ২০০৭ চনৰ ১৭ নৱেম্বৰত প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰিছিল যে দেশৰ মুছলমানসকলৰ অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক অৱস্থা আন সম্প্ৰদায়সমূহতকৈ বহুত বেছি বেয়া। 
 
খান চাইমা চেৰাজ আহমেদ
 
মুছলমানসকলৰ অৱস্থা উন্নত কৰাৰ বাবে শিক্ষা আৰু অৰ্থনৈতিক খণ্ডত বিশেষ কাৰ্যসূচী চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল সমিতিখনে। তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ২০০৫ চনৰ অক্টোবৰ মাহত ন্যায়াধীশ ৰাজিন্দৰ সাচাৰৰ নেতৃত্বত এই সমিতিখন গঠন কৰিছিল। ২০০৬ চনৰ ৩০ নৱেম্বৰত সংসদত ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। 
 
দেশৰ বহু ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা পোৱা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা সাতজনীয়া সাছাৰ কমিটীয়ে দেশৰ মুছলমানসকলৰ এক অতি চিন্তনীয় ছবি দাঙি ধৰিছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অৰ্থনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত অন্যান্য সম্প্ৰদায়ৰ তুলনাত দেশৰ মুছলমান সম্প্ৰদায় অত্যন্ত পিছপৰা। এই সম্প্ৰদায়টোৰ শৈক্ষিক সুযোগৰ অভাৱ আৰু জনসংখ্যাৰ তুলনাত চৰকাৰী আৰু ব্যক্তিগত উদ্যোগত ইয়াৰ প্ৰতিনিধিত্ব কম।
 
সাচাৰ কমিটীয়ে ইয়াৰ প্ৰতিবেদনত এইটোও কৈছিল যে বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাত ৩২০৯ জন বিষয়া আছে, ইয়াৰে মাত্ৰ ১২৮ জনহে মুছলমান অৰ্থাৎ এই হাৰ মাত্ৰ প্ৰায় চাৰি শতাংশ। কিন্তু সময়ৰ লগে লগে এই হাৰ বৃদ্ধিৰ পৰিৱৰ্তে কমি গৈ থকাটো দুখৰ বিষয়। ২০১৬ চনৰ জানুৱাৰী মাহত ভাৰতীয় আৰক্ষী সেৱাত কৰ্মৰত ৩,৭৫৪ জন বিষয়াৰ ভিতৰত মাত্ৰ ১২০ জনহে মুছলমান আছিল। এই হাৰ আছিল মাত্ৰ ৩.১৯ শতাংশ। 
 
আন সম্প্ৰদায়ৰ তুলনাত সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ পৰা মুছলমান মহিলাসকল যথেষ্ট পিছপৰা, কিন্তু বিশেষ কথাটো হ’ল যে, সকলো অসুবিধাৰ মাজতো তেওঁলোকে বিভিন্ন ক্ষেত্ৰত খ্যাতি অৰ্জন কৰি আছে৷ কিছুদিনৰ পৰা মুছলমান সমাজতো শিক্ষাৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে। গতিকে আগন্তুক সময়ে মুছলমান যুৱক-যুৱতী বিশেষকৈ মহিলাসকলৰ বাবে শিক্ষাৰ পোহৰেৰে এক উজ্জ্বল পুৱা কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি।
 
(লেখক এজন কবি, গল্পকাৰ আৰু সাংবাদিক)