ভাৰতীয় খাদ্যৰ প্ৰচাৰেৰে কানাডাত জনপ্ৰিয় হোৱা ফুড ব্লগাৰ মিজান ছিদ্দিকি

Story by  atv | Posted by  Munni Begum • 19 d ago
ফুড ব্লগাৰ মিজান ছিদ্দিকি
ফুড ব্লগাৰ মিজান ছিদ্দিকি
 
আৱাজ দ্য ভইচ ব্যুৰ' / গুৱাহাটী
 
ক’ত খাব আৰু কি খাব...সেয়া পচন্দ কৰাটো জীৱনৰ এটা অন্যতম ডাঙৰ কাম বুলিয়ে ক'ব লাগিব। কাৰণ, খাদ্য বাচনিত ভুল হ'লে আপুনি সোৱাদক লৈ অশান্তিৰ সন্মুখীন হ'ব, ধনৰ অপচয় হ'ব আৰু আপোনাৰ ভোক আৰু লোভ আধৰুৱা হৈ ৰ'ব।
 
কিন্তু সৌভাগ্যক্ৰমে সমাজত কিছুমান এনেকুৱা মানুহো আছে, যিয়ে আপোনাৰ সুস্বাদু আহাৰ নিশ্চিত কৰিবলৈ নিজৰ কেৰিয়াৰ উৎসৰ্গা কৰিছে। ইয়াৰ ভিতৰত অন্যতম ব্যক্তি হৈছে মিজান ছিদ্দিকি। জনপ্ৰিয়ভাৱে তেওঁ 'দিল্লী কা ভুক্কড' (যিজন ব্যক্তিয়ে খাই ভাল পায় আৰু প্ৰচুৰ পৰিমাণে খাদ্য খায়) বুলি কোৱা হয়। অতুলনীয় ভাৰতীয় খাদ্যৰ প্ৰচাৰৰ বাবে 'দিল্লি কা ভুক্কড' নামৰ এটা জনপ্ৰিয় ফুড ব্ল'গ চলাই থকা ছিদ্দিকীয়ে কানাডাৰ এগ্লিনটনত আনন্দৰে বসতি স্থাপন কৰিছে।
 
 
ভাৰতৰ নয়ডাৰ পৰা প্ৰথম শ্ৰেণীৰ আইন আৰু অৰ্থনীতিৰ স্নাতক মিজান ছিদ্দিকীয়ে প্ৰথম অৱস্থাত নিজৰ আইনজ্ঞ পিতৃ আত্যব ছিদ্দিকীৰ পদাংক অনুসৰণ কৰিব বিচাৰিছিল যদিও সময়ৰ পাকচক্ৰত তেওঁ কানাডাত ভাৰতীয় খাদ্যৰ বেচৰকাৰী দূত হৈ পৰে। আদালতৰ কক্ষত ন্যায়াধীশক আপ্লুত কৰাৰ পৰিৱৰ্তে মিজানে এক লাখৰো অধিক অনুগামী থকা নিজৰ ব্লগত সুস্বাদু আৰু ব্যতিক্ৰমী খাদ্যৰ তথ্যৰে অজস্ৰজনৰ হৃদয় জয় কৰিছে।
 
তেওঁৰ অনুগামীসকল শ্ৰীলংকা, নেপাল, বাংলাদেশ, উপসাগৰীয় দেশ, ফ্ৰান্স, ছুইডেন, স্পেইন, ব্ৰিটেইন, কানাডা, আমেৰিকাৰ দৰে দেশত বিস্তৃত হৈ আছে। এতিয়া তেওঁৰ জীৱনটো হৈছে খাদ্য, ৰন্ধা-বঢ়া, আৰু ক’ৰ্টৰ এক নিখুঁত সংমিশ্ৰণ।
 
ব্ল'গ পোষ্টৰ জৰিয়তে তেওঁ “মেংগো লাছি”, “কচ্চে গোষ্ট কি বিৰিয়ানী” “শিখ কাবাব” আদিৰ দৰে ভাৰতীয় খাদ্যশৈলীক সংৰক্ষণ কৰাৰ চেষ্টা কৰিছে। মিজানৰ ফুড ব্লগিঙৰ আন এক ব্যতিক্ৰমী লক্ষ্য হৈছে দ্ৰুতগতিত হ্ৰাস পোৱা পাৰ্চী খাদ্য যেনে, “বটি কীমা”, “পাভ, “ধনছাক”, “বুমলা ফ্ৰাই”, “তাট্ৰেলু গোছ” “পাপেটা” আৰু “বেৰী পুলাও”ৰ পৰম্পৰা সংৰক্ষণ কৰা। এইবোৰ কামৰ বাবে এতিয়া মিজান ছিদ্দিকীয়ে অতি কম বসয়তে মুম্বাইৰ “কায়ানী বেকাৰী”ত পাৰ্চী খাদ্য, বেকাৰীৰ সামগ্ৰী আৰু বিস্কুটৰ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ লাভ কৰে।
 
মিজান ছিদ্দিকি
 
উল্লেখ্য যে, মিজানৰ পুৰণি দিল্লীৰ সৈতে গভীৰ সম্পৰ্ক আছে। কাৰণ তেওঁৰ ককাক আফতাব ছিদ্দিকী উত্তৰ ৰেলৱে পুৰুষ সংঘৰ সভাপতি আছিল। তেওঁৰ তাত এটা ঘৰ আছিল। যদিও এই ঘৰটো বিক্ৰী হৈছে, তথাপিও মিজান ছিদ্দিকী মাজে মাজে তালৈ আহে আৰু পূৰ্বপুৰুষৰ ঘৰ হিচাপে লালন-পালন কৰে।
 
ঐতিহাসিক শ্বাহজাহানাবাদ অঞ্চলৰ অকোঁৱাপকোৱা পথবোৰেৰে খোজ কাঢ়ি যোৱাৰ সময়ত তেওঁৰ নাকত লাগিছিল মাটন "কোৰমা", মুখত পানী ওলোৱা "শ্বাৱাৰমা", সুগন্ধি "হায়দৰাবাদী বিৰিয়ানী", খৰখৰীয়া "কাচৌৰী", ভজা মাছ, আৰু অনন্য কেশৰ সোৱাদযুক্ত মিঠাই "শ্বাহী টুকড়ে" আদি সুস্বাদু খাদ্যৰ মোহনীয় সুগন্ধি। 
 
মিজানে অনুভৱ কৰে যে ঘৃণা, যুদ্ধ, অস্ত্ৰ-শস্ত্ৰ আৰু সংঘাতৰ মাজত বিশ্ববাসীক খাদ্যৰ সোৱাদ আৰু সুগন্ধিৰ এক সুখদায়ক অভিজ্ঞতা প্ৰদান কৰাটো তেওঁৰ নৈতিক কৰ্তব্য। ভাৰতীয় খাদ্য সামগ্ৰী পশ্চিমীয়া বিশ্বলৈ ৰপ্তানি কৰাৰ বাবে তেওঁক বিশেষভাৱে কৃতিত্ব দিয়া হয়। তিনি বছৰ পূৰ্বে কানাডালৈ যোৱা মিজানে দেশখনত ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি অভিজাত পৰিয়ালৰ লোক, ব্যৱসায়ী, ৰাজনীতিবিদ আৰু খেলুৱৈ, সকলোৱে বাহিৰত খাদ্য খাবলৈ ওলাই যোৱাৰ আগতে মিজান ছিদ্দিকীৰ খাদ্য ব্লগবোৰ এবাৰ চাই লয়। 
 
 
তেওঁৰ পিতৃ এজন প্ৰখ্যাত উকীল আত্যব ছিদ্দিকিয়ে মানি লৈছে যে তেওঁৰ পুত্ৰই নিজৰ ইচ্ছাৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ পৰিৱৰ্তে ফুড ক’ৰ্টত নিজৰ চিনাকি দাঙি ধৰিছে। 
 
মিজানে খাদ্য ৰসিকসকলক বিভিন্ন সুস্বাদু খাদ্যৰ তথ্য দিবলৈ ইনষ্টাগ্ৰামত খাদ্যৰ ছবি পোষ্ট কৰে আৰু বাহিৰত খাবলৈ উত্তম ঠাইৰ পৰামৰ্শ দিয়ে। তেওঁ পৰামৰ্শ দিয়া সকলো খাদ্যৰ দোকান কিবা নহয়  কিবা দিশত ব্যতিক্ৰম হয়, আৰু গ্ৰাহকে এবাৰ ইয়াৰ সোৱাদ লাভ কৰিলে, তালৈ বাৰে বাৰে যাব বিচাৰে। 
 
বৰ্তমান তেওঁ লণ্ডনৰ নোয়াকি টাউনৰ ওচৰত এখন “দিল্লিকাভুক্কড” ৰেষ্টুৰেণ্ট আৰম্ভ কৰিবলৈ মন মেলিছে। তাত তেওঁৰ ডাঙৰ ভগ্নী টিবাহে এগৰাকী উকীল হিচাপে কাম কৰে। কানাডাৰ এগ্লিনটনত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিবলৈ আগ্ৰহী, য’ত তেওঁৰ মাতৃ হিচাপে গাইড!