বেলতলা বজাৰৰ পৰা আহমেদাবাদলৈ; পাচলি ব্যৱসায়ী ছামছুদ্দিন আহমেদৰ কন্যা আমিৰুন নেছাৰ প্ৰেৰণাদায়ী যাত্ৰা

Story by  atv | Posted by  Munni Begum • 6 d ago
পাচলি ব্যৱসায়ী ছামছুদ্দিন আহমেদ আৰু তেওঁৰ কন্যা আমিৰুন নেছা
পাচলি ব্যৱসায়ী ছামছুদ্দিন আহমেদ আৰু তেওঁৰ কন্যা আমিৰুন নেছা
 
প্ৰিয়া শৰ্মা / গুৱাহাটী
 
মৰিগাঁও জিলাৰ জাগীৰোডৰ নিবাসী ছামছুদ্দিন আহমেদ পেছাত এগৰাকী পাচলি ব্যৱসায়ী৷ জাগীৰোডৰ তাহানিৰ কাগজ কলৰ পৰা তেওঁৰ ঘৰলৈ বৰ বেছি দূৰ নহয়৷ সেই কাগজ কলটোৰ বহু উত্থান-পতনৰ তেওঁ সাক্ষী৷ বয়সে অৰ্ধশতিকা গৰকা ছামছুদ্দিন আহমেদৰ চকুৰ সন্মুখতে নিশ্চিহ্ন হৈ গ'ল একালত প্ৰাণচঞ্চল হৈ থকা সেই কাগজ কলটো৷ লগতে পৰিত্যক্ত হৈ পৰিল এসময়ত জনাকীৰ্ণ হৈ থকা কাগজ কলৰ কৰ্মাচাৰীসকলৰ সেই বৃহৎ আবাসিক এলেকা৷ 
 
সেই স্থানত এতিয়া ছেমিকন্ডাক্টৰ প্ৰকল্প হ'ব৷ টাটা গোষ্ঠীৰ সহযোগত চৰকাৰে স্থাপন কৰিব লগা এই প্ৰকল্পক চৰকাৰীভাৱে ইতিমধ্যে ব্যাপক প্ৰচাৰ চলোৱা হৈছে৷ এই উদ্যোগে হেনো অসমৰ উদ্যোগিক আৰু অৰ্থনৈতিক ছবিখন সলনি কৰি পেলাব৷ চৰকাৰৰ এই প্ৰচাৰ বাস্তৱত কিমান কাৰ্যকাৰী হ'ব সেয়া হয়তো আৰু কিছু বছৰ পিছত দেখিবলৈ পোৱা যাব৷ কিন্তু, বৰ্তমান সময়ৰ পৰিস্থিতিয়ে ছামছুদ্দিন আহমেদৰ দৰে খাটি খোৱা লোকসকলৰ জীৱনত কোনো ধৰনৰ প্ৰভাৱ পেলাব পৰা নাই৷ 
 
 
গুৱাহাটী মহানগৰীৰ বেলতলাত সপ্তাহত দুদিনকৈ বহা বজাৰখনত পাচলি বিক্ৰী কৰে ছামছুদ্দিন আহমেদে৷ বজাৰখন বৃহস্পতিবাৰ আৰু দেওবাৰে বহে৷ ইয়াত পাচলি বিক্ৰী কৰিবলৈ দিনে জাগীৰোডৰ পৰা আহে ছামছুদ্দিন আহমেদ৷ বজাৰত বিক্ৰী কৰিবলৈ তেওঁ সপ্তাহটোৰ বাকী দিন কেইটাত জাগীৰোড আৰু ইয়াৰ আশে-পাশে থকা গাঁওবোৰত পাচলি সংগ্ৰহ কৰে৷ ঘৰুৱা তথা জৈৱিক পাচলি বিক্ৰী কৰা বুলি বজাৰত ছামছুদ্দিনৰ সুনাম আছে৷
 
বুধবাৰ আৰু শনিবাৰে, অৰ্থাৎ বজাৰ বহাৰ আগৰ দুটা দিনৰ মাজনিশাৰ পৰাই আৰম্ভ হয় তেওঁৰ ব্যস্ততা৷ কাৰণ বেলতলা বজাৰত স্থান দখল কৰিবলৈ নিশা প্ৰায় তিনিৰ পৰা চাৰি মান বজাৰ ভিতৰত আহি পাব লাগে৷ নহ'লে স্থান দখল হৈ যায়৷ দোকানৰ বাবে ভাল স্থান নাপালে বিক্ৰীও ভাল নহয়৷ গতিকে সেয়া কৰিবলৈ হ'লে বজাৰত বেছিব লগা সামগ্ৰীখিনি গোটাই নিশা দুই মান বজাতে ছামছুদ্দিনে বেলতলা অভিমুখে যাত্ৰা আৰম্ভ কৰিব লাগে৷ 
 
বেলতলা বজাৰত পুৱা প্ৰায় পাচ মান বজাৰ পৰাই বেচা-কিনা আৰম্ভ হয়৷ এই বজাৰ নিশা প্ৰায় দহ বজালৈ চলে৷ তাৰ পিছত ছামছুদ্দিনহঁতে দিনটোৰ হিচাব-নিকাচ সামৰি নিশা চাৰে দহ-এঘাৰ মান বজাত যাত্ৰা আৰম্ভ কৰি ঘৰ পায় মানে মাজনিশা হয়গৈ৷ এনেদৰে হাড়ভঙা পৰিশ্ৰম কৰি উপাৰ্জন কৰা টকা কেইটাৰে চলে ছামছুদ্দিনৰ পৰিয়ালটো৷ পৰিয়াল বুলিবলৈ পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰে ছামছুদ্দিনৰ সংসাৰ৷ 
 
পাচলি ব্যৱসায়ী ছামছুদ্দিন আহমেদ তেওঁ পত্নী আৰু সন্তানৰ সৈতে
 
বিগত এপষেক মানৰ পৰা যেন ছামছুদ্দিনৰ পৰিয়ালৰ ছবিখন সলনি হ'ব ধৰিছে৷ তেওঁৰ হাড়ভঙা পৰিশ্ৰমে যেন সাৰ্থকতা লাভ কৰিছে৷ পৰিয়ালটোৰ ওপৰত থকা আৰ্থিক অনাটন আৰু অনিশ্চয়তাৰ কলীয়া ডাৱৰ যেন ক্ৰমাৎ আঁতৰিবলৈ ধৰিছে৷ ইয়াৰ কাৰণ হ'ল ছামছুদ্দিনৰ একমাত্ৰ কন্যা সন্তান আমিৰুন নেছাৰ উল্লেখনীয় সফলতা৷ আমিৰুন নেছাই অলপতে গুজৰাটৰ ৰাজধানী চহৰ আহমেদাবাদত থকা চৰ্দাৰ বল্লৱভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত চাকৰিত যোগদান কৰিছে৷ 
 
পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা জাগীৰোডৰ সেই পৰিয়ালটোৰ কন্যা সন্তানগৰাকীয়ে কেৱল নিজৰ অধ্যৱসায়, পৰিশ্ৰম আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কন্যাৰ এই সাফল্যই ছামছুদ্দিনৰ বাবে কঢ়িয়াই আনিছে অপাৰ-অনাবিল আনন্দ৷ এই প্ৰসংগত ছামছুদ্দিনে কয় যে তেওঁৰ তিনি সন্তানৰ ভিতৰত কন্যা সন্তানগৰাকী আগৰে পৰাই দায়িত্বশীল আৰু নিষ্ঠাবান৷ জীৱনত কিবা এটা কৰাৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহী৷ 
 
সেই খিনিকে মূলধন হিচাবে লৈ আগবাঢ়ি গৈ এই পৰ্যায়ত উপনীত হৈছে আমিৰুন নেছা৷ ছামছুদ্দিনে আৰু কয় যে, সীমিত উপাৰ্জনৰ পৰিয়ালটোত সীমিত সুবিধাৰ মাজতে শিক্ষা গ্ৰহন কৰা তেওঁৰ কন্যা সন্তান গৰাকী জাগীৰোডতে চৰকাৰী স্কুলত অসমীয়া মাধ্যমত পঢ়াশুনা কৰিছে৷ তাৰ পিছত জাগীৰোড কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে৷ কিন্তু হাৰ নমনা মনোভাৱৰ আমিৰুন নেছাই ইমানতে বহি নাথাকিল৷ নিজকে প্ৰতিষ্ঠা কৰিবলৈ চলাই যায় অবিৰত সংগ্ৰাম৷ এই সংগ্ৰামৰ অংশ হিচাবে তেওঁ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া) প্ৰকাশ কৰা বিজ্ঞাপনত চাকৰিৰ বাবে আবেদন জনায়৷ 
 
পাচলি ব্যৱসায়ী ছামছুদ্দিন আহমেদ
 
এই আবেদনৰ ভিত্তিত পিতৃৰ সৈতে জাগীৰোডৰ পৰা গুৱাহাটীলৈ আহি লিখিত পৰীক্ষাত অৱতীৰ্ণ হয়৷ ইয়াতেই যেন খোদিত হৈ আছিল আমিৰুন নেছাৰ কপালৰ লিখন৷ কিয়নো, এই পৰীক্ষাত বহাৰ পিছত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই৷ ছামছুদ্দিনৰ মতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কিছুদিন পিছত ঘৰলৈ খবৰ আহে যে, আমিৰুন নেছা লিখিত পৰীক্ষাত সফল হৈছে৷ সেইমতে তেওঁলোকে পৰৱৰ্তী প্ৰক্ৰিয়া সমাপন কৰি মৌখিক সাক্ষাৎকাৰ সমাপণ কৰে আৰু তাৰ পিছতে আহে নিযুক্তিৰ বতৰা৷ 
 
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ পৰা ছামছুদ্দিন আহমেদক জনোৱা হয় যে, তেওঁৰ কন্যা আমিৰুন নেছাক প্ৰাধিকৰণত সেৱা আগবঢ়াবৰ বাবে প্ৰতিষ্ঠানৰ তৰফৰ পৰা বাছনি কৰা হৈছে৷ খাটি খোৱা পৰিয়ালটোৰ বাবে এই বতৰা আছিল এক অভাৱনীয় প্ৰাপ্তি, অনিশ্চয়তাৰ কলা ডাৱৰ আঁতৰাই দেখা দিয়া এক উজ্জ্বল পোহৰ সদৃশ৷ প্ৰাধিকৰণৰ আমন্ত্ৰন মৰ্মে আমিৰুন নেছাই আহমেদাবাদৰ চৰ্দাৰ বল্লৱভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অ-কাৰিকৰী পদত চাকৰিত যোগদান কৰিছে৷ তাত থাকিবলৈ প্ৰাধিকৰণৰ তৰফৰ পৰা এক আবাসগৃহও লাভ কৰিছে আমিৰুনে৷ ছামছুদ্দিন আহমেদে সপৰিয়ালে গৈ জীয়েকক আহমেদাবাদত সংস্থাপিত কৰি আহিছে৷ 
 
আমিৰুণ নেছাৰ সফলতা কেৱল নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা নহয়, বৰঞ্চ দৰিদ্ৰতা যে সফলতাৰ বাধা হ’ব নোৱাৰে তাৰো এক উজ্জল নিদৰ্শন।
 
(প্ৰিয়া শৰ্মা এগৰাকী  স্বতন্ত্ৰ লেখিকা)