দুখীয়া শিক্ষাৰ্থীৰ বাবে হামিদ আজিজৰ কোচিং চেণ্টাৰে কঢ়িয়াইছে আশাৰ বতৰা

Story by  atv | Posted by  Munni Begum • 4 d ago
পুথিভঁৰালত শিশুসকলৰ সৈতে হামিদ আজিজ ছাফৱী
পুথিভঁৰালত শিশুসকলৰ সৈতে হামিদ আজিজ ছাফৱী
 
হিনা আহমেদ / কলকাতা
 
হামিদ আজিজ ছাফৱী নামৰ কলকাতাৰ এজন যুৱকৰ মহানুভৱতাই অজস্ৰজনৰ হৃদয় জয় কৰিছে। পশ্চিম বংগৰ হাওৰাৰ উলুবেৰিয়াত এটা কোচিং ইনষ্টিটিউটৰ জৰিয়তে তেওঁ বহু শিক্ষাৰ্থীৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাজু হোৱা আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক হামিদ আজিজ ছাফৱীয়ে সহায়ৰ হাত আগবঢ়াইছে। 
 
দুবছৰ পূৰ্বে ছাফৱীয়ে হাইদৰ আজিজ ছাফৱী কেৰিয়াৰ ডেভেলপমেণ্ট চেণ্টাৰ (Haider Aziz Safwi Career Development Centre) স্থাপন কৰিছিল। চৰকাৰী বিষয়াৰ পিছত প্ৰায় ৭.৫ বছৰ ধৰি এগৰাকী বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা তেওঁৰ পিতৃ হাইদৰ আজিজ ছাফৱীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে হামিদ আজিজে এই প্ৰতিষ্ঠানটো মুকলি কৰিছিল।  
 
‘২০১১ চনত মোৰ দেউতাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সমাজৰ সৈতে এক দৃঢ় সম্পৰ্ক আৰম্ভ কৰিছিল। এজন বিধায়ক হিচাপে তেওঁ নিতৌ মানুহৰ লগত মত বিনিময় কৰিছিল, আৰু মই ১১ বছৰ বয়সৰ পৰাই তেওঁৰ কাম-কামৰ সৈতে জড়িত হৈছিলো।  ২০১৬ চনত পুনৰ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ সমাজত এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি হৈ পৰিছিল। এতিয়া তেওঁৰ নামেৰে এখন উদ্যান আৰু মূৰ্তি আছে। ২০১৮ চনত তেওঁৰ দেহাৱসান ঘটে।"-হামিদে এইদৰে কয়।
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে হামিদ আজিজ ছাফৱী
 
কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানৰ স্নাতক হামিদে কয় যে আজি এই কেন্দ্ৰটোৱে ৬০০ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াই আছে আৰু ইয়াক লৈ তেওঁ অত্যন্ত সুখী। উলুবেৰিয়াৰ তাজমহল পুথিভঁৰালৰ চৌহদৰ ভিতৰতে এই কেন্দ্ৰটো অৱস্থিত। এই স্থানটো তেওঁৰ পিতৃৰ প্ৰিয় আছিল। পুথিভঁৰালটো তাজমহল গ্ৰাম বিকাশ কেন্দ্ৰৰ সহযোগী প্ৰতিষ্ঠান। প্ৰথম অৱস্থাত বন্ধু-বান্ধৱী আৰু স্থানীয় লোকৰ সহায়ত প্ৰতিষ্ঠা হোৱা এই পুথিভঁৰালটোত IIT-JEE, NEET, CAT ইত্যাদি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিকোৱাৰ লগতে ব্যয়বহুল কিতাপ আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হয়।
 
উল্লেখ্য যে, উলুবেৰিয়াৰ অধিকাংশ জনসংখ্যা মুছলমান আৰু ইয়াৰে বেছিভাগ শিক্ষাৰ্থীয়ে পেছাদাৰী কলেজত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশ পৰীক্ষাৰ বাবে ব্যয়বহুল প্ৰশিক্ষণৰ খৰচ বহন কৰিব নোৱাৰে। সেয়েহে, অঞ্চলটোৰ যুৱক-যুৱতীসকলে কেতিয়াও ডাঙৰ সপোন দেখাৰ সাহস নকৰে। হামিদ ছাফৱীয়ে এটা ই-শিক্ষা কেন্দ্ৰ (ডিজিটেল লাৰ্নিং চেণ্টাৰ)ও স্থাপন কৰিছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে লেপটপ, ইণ্টাৰনেট, আৰু ভাৰ্চুৱেল কোচিঙৰ সুবিধা লাভ কৰে। ছাফৱীয়ে কয়, “গ্ৰন্থৰ সুবিধা আগবঢ়োৱাটো মোৰ প্ৰথম পদক্ষেপ আছিল। উলুবেৰিয়াৰ যুৱক-যুৱতীসকলৰ বাবে উন্নত শিক্ষাৰ সুযোগ সঁচা অৰ্থত বৃদ্ধি কৰিবলৈ মই ই-শিক্ষা কেন্দ্ৰ বা ডিজিটেল শিক্ষণ কেন্দ্ৰৰ প্ৰৱৰ্তন কৰিছো।”
 
উল্লেখ্য যে, যোৱা বছৰ তেওঁ মুছলমান সম্প্ৰদায়ৰ মাজত ডিজিটেল নিৰক্ষৰতা দূৰ কৰিবলৈ দুটা ডিজিটেল সাক্ষৰতা কেন্দ্ৰ মুকলি কৰিছিল। এই কেন্দ্ৰসমূহে প্ৰযুক্তিৰ ব্যৱহাৰ নজনাসকলক অলনাইন আবেদন প্ৰ-পত্ৰ পূৰণকে ধৰি অনলাইন ক্লাছৰ সুবিধা আগবঢ়ায়। ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰু পিছতো এনে এখন মঞ্চৰ প্রয়োজনীয়তা তেওঁ অনুভৱ কৰিছিল৷
 
হামিদ আজিজ ছাফৱীয়ে শিক্ষাৰ্থীসকলক লেপটপ উপহাৰ দিয়াৰ এক দৃশ্য
 
এটা কেন্দ্ৰ স্থানীয় ক্লাবৰ সদস্য আৰু আনটো হাৰ্ট মেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ সহযোগত চলি আছে। ছাফৱীয়ে কয়, "স্থানীয় লোকসকলক আহি শিকিবলৈ উৎসাহিত কৰা হয়। সেই ঠাইখিনি ব্যৱহাৰ কৰি আজৰি সময়ত তেওঁলোকে প্ৰ-পত্ৰ পূৰণ কৰে বা অলনাইন ক্লাছত উপস্থিত থাকে। এই প্ৰচেষ্টাসমূহত বিভিন্নজনে আমাক সহায় কৰিছে। কোনোবাই ধন দিছে, কোনোবাই কিতাপ, পুৰণি লেপটপ আদি দান কৰিছে। এই পদক্ষেপ জিৰো কেছ পলিচীৰ আধাৰত চলোৱা হৈছে। আমি নগদ ধনৰ পৰিৱৰ্তে সম্পদ প্ৰদান কৰাত গুৰুত্ব দিওঁ।"
 
"ই-শিক্ষা কেন্দ্ৰই আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীক অত্যাৱশ্যকীয় সম্পদ প্ৰদান কৰে। ই প্ৰতিদিনে সৰ্বাধিক ৩০ জন ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়ায়। তেওঁলোকৰ অধিকাংশই দূৰবৰ্তী অঞ্চলৰ পৰা আহে। এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেন্দ্ৰটোৱে এক গুৰুত্বপূৰ্ণ জীৱনৰেখা হিচাপে কাম কৰে। তেওঁলোকে কেন্দ্ৰৰ পৰা ঘৰলৈ লৈ যাব পৰা সম্পদ আৰু ডিজিটেল প্ৰৱেশৰ সুবিধা লাভ কৰে, যিবোৰ তেওঁলোকে ক্ৰয় কৰিব নোৱাৰে। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে কেন্দ্ৰটো খোলা থাকে।"-এইদৰে কয় স্থানীয় সমন্বয়ক এছ কে ফাৰুকে।
 
ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক সৌভিক মুখাৰ্জীৰ সহযোগত হামিদ ছাফৱীয়ে যিমান পাৰি সিমান ছাত্ৰ-ছাত্ৰীৰ মাজলৈ নিজৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ কয় যে আমি একেলগে সমাজৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণৰ পৰিকল্পনাত কাম কৰি আছো, যাতে প্ৰতিজন ছাত্ৰই তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বাবে গুণগত সম্পদ আৰু সমৰ্থন লাভ কৰাৰ সুযোগ পায়।
 
হামিদ আজিজ ছফৱীয়ে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ এক মূহুৰ্ত
 
নাৰী আৰু শিশু কল্যাণ কেন্দ্ৰত ফিল্ড ফেচিলেটৰ হিচাপে কাম কৰা হাওৰাৰ নাৰ্গিছ পাৰৱীনে কয়, “যেতিয়াই আজৰি সময় পাওঁ তেতিয়াই হাইদৰ আজিজ ছাফৱী কেৰিয়াৰ ডেভেলপমেণ্ট চেণ্টাৰলৈ গৈ সত্যজিৎ ৰায়ৰ গ্ৰন্থ অধ্যয়ন কৰো। এই কাহিনীবোৰে মোৰ জীৱনৰ দৃষ্টিভংগী গঢ় দিয়াত সহায় কৰে।”