নতুন দিল্লী
শিক্ষাৰ্থীৰ আত্মহত্যা ৰোধৰ বাবে আই আই টি-গুৱাহাটীয়ে অভিনৱ পৰিকল্পনা হাতত লৈছে। ইয়াৰ ভিতৰত আছে কেম্পাছত প্ৰথম সপ্তাহত নৱাগতসকলৰ বাবে মানসিক স্বাস্থ্যক লৈ আলোচনা, অধ্যাপকৰ সৈতে মৰ্ণিংৱাক, শিক্ষাৰ্থীৰ বিস্তৃত চিকিৎসা পৰীক্ষা, আৰু উদ্বিগ্নতা দূৰ কৰা কৰ্মশালা আদি। ছাত্ৰ-ছাত্ৰীৰ মানসিক সুস্থতা নিশ্চিত কৰা আৰু আত্মহত্যা ৰোধৰ লক্ষ্যৰে আই আই টি-গুৱাহাটীয়ে এই পদক্ষেপসমূহ আৰম্ভ কৰিছে।
যোৱা ষান্মাসিকত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অগা-পিছাকৈ আত্মহত্যা কৰাত প্ৰতিষ্ঠানটোৱে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)-গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জলিহালৰ মতে, প্ৰতিষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যা ৰোধৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে।
"আমি চেণ্টাৰ ফৰ হোলিষ্টিক ৱেলবিঙ (Center for Holistic Wellbeing)ৰ ৰূপত এক মানসিক স্বাস্থ্য আৰু কাউন্সেলিং ব্যৱস্থা স্থাপন কৰিছো। ছাত্ৰ স্বেচ্ছাসেৱকৰে গঠিত এই কেন্দ্ৰৰ অংশ SAATHI কাউন্সেলিং ক্লাবে পেছাদাৰী পৰামৰ্শদাতাৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মানসিক আৰু সামগ্ৰিক সুস্থতাত সহায় কৰিব।"-তেওঁ কয়।
"আমি অৱসৰপ্ৰাপ্ত সেনা জোৱানসকলক হোষ্টেলৰ বিশেষ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছো। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক আৰামদায়ক কৰি তুলিবলৈ নিয়মিতভাৱে মত বিনিময় কৰিব আৰু তেওঁলোকৰ পৰ্যবেক্ষণ পৰামৰ্শদাতাসকলৰ সৈতে আলোচনা কৰিব। এই সকলোবোৰ গোপনীয়ভাৱে আৰু ছাত্ৰ-ছাত্ৰীসকলে যাতে ভয় অনুভৱ নকৰে বা তেওঁলোকৰ গোপনীয়তা উলংঘা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হ’ব।"- জলিহালে জানিবলৈ দিয়ে।
নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত আইআইটি, গুৱাহাটীৰ চৌহদ
তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে যাতে উদ্বেগ আৰু মানসিক চাপৰ সৈতে মোকাবিলা কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ পুষ্টিকৰ খাদ্য তালিকা প্ৰস্তুত কৰা হ'ব আৰু ইয়াৰ বাবে নিউট্ৰিছনিষ্ট নিযুক্তি দিয়া হৈছে। আই আই টি-গুৱাহাটীৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন পেৰুমাল আলগৰছামী (Perumal Alagarsamy)য়ে কেম্পাছত মানসিক সুস্থতাৰ পদক্ষেপত আগভাগ লৈছে।
"আমি সিদ্ধান্ত লৈছো যে প্ৰথম সপ্তাহৰ বাবে যেতিয়া নৱাগতসকল কেম্পাছত উপস্থিত হ'ব, তেতিয়া কোনো ক্লাছ নাথাকিব কিন্তু এক্লিমেটাইজেচন প্ৰগ্ৰেম থাকিব, যাতে তেওঁলোকে এক মুক্ত পৰিৱেশ অনুভৱ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলক অধ্যাপকৰ সৈতে মৰ্নিং ৱাকলৈ আমন্ত্ৰণ জনোৱা হ’ব যাতে তেওঁলোকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে ইজনে সিজনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে।"-পেৰুমাল আলগৰছামীয়ে কয়।
"পিয়ৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমে (Peer Mentorship Programne) নতুন ছাত্ৰ-ছাত্ৰীক পিয়ৰ মেণ্টৰ নিযুক্তি দি এই ধাৰণাটোক আগুৱাই নিব। এই মেণ্টৰসকলে নৱাগতসকলক প্ৰাসংগিক তথ্য প্ৰদান কৰিব, সন্দেহ দূৰ কৰিব, আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। নতুনকৈ অহাসকলে আপোনাজনক হেৰুওৱা অনুভৱ কৰাৰ সময়ত পথ প্ৰদৰ্শক হিচাপে কাম কৰিব,” তেওঁ লগতে কয়।
নৱাগতসকল কেম্পাছত উপস্থিত হোৱাৰ লগে লগে এক উষ্ণ আৰু সৰ্বাংগীন পৰিৱেশ স্থাপন আৰু সংযোগৰ সুবিধাৰ বাবে আকৰ্ষণীয় অধিবেশন অনুষ্ঠিত কৰা হ’ব বুলি আলগৰছামীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই অধিবেশনসমূহৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কাউন্সেলিং চেল আৰু চেণ্টাৰ ফৰ হোলিষ্টিক ৱেলবিঙৰ জৰিয়তে উপলব্ধ সম্পদ আৰু সহায়ৰ সৈতে পৰিচিত কৰা।
তেওঁ লগতে কয় যে এই অধিবেশনসমূহ প্ৰতিটো হোষ্টেলৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব, যাতে ছাত্ৰ-ছাত্ৰীসকলৰ ছ’চিয়েল নেটৱৰ্ক সম্প্ৰসাৰণত সহায়ক হয়। ইয়াৰ ফলত তেওঁলোকে উপভোগ্য খেল আৰু কাৰ্য্যকলাপৰ জৰিয়তে সমনীয়াৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।