আৰিফুল ইছলাম/গুৱাহাটী
মানুহৰ মাজলৈ এটা ভাল আৰু ইতিবাচক বাৰ্তা লৈ যোৱাৰ আজিকালি বিভিন্ন মাধ্যম আছে। তাৰে ভিতৰত এক শক্তিশালী মাধ্যম হৈছে চুটি ছবি। এই জনপ্ৰিয় মাধ্যমটোৰ জৰিয়তে সমাজৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভাল বাৰ্তা দিবলৈ অহৰহ চেষ্টা কৰি আহিছে এজন উচ্চ-শিক্ষিত যুৱকে। যুৱকজনৰ নাম আমিনুল হক।
সমাজত চলি থকা বিভিন্ন বিষয়ৰ ওপৰত আমিনুল হকে বহুকেইখন চুটি ছবি নিৰ্মাণ কৰি ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। শেতীয়াকৈ তেওঁ মানুহৰ মানসিক স্বাস্থ্য আৰু বৰ্ণ বৈষম্যৰ দৰে এক গুৰুতৰ বিষয়ক লৈ নিৰ্মাণ কৰিছে 'ইকীগাই' (IKIGAI) নামৰ এখন চিন্তা উদ্ৰেককাৰী চুটি ছবি। জানুৱাৰীৰ মাহৰ শেষৰ ফালে এই চুটি ছবিখন দৰ্শকৰ বাবে মুক্তি দিবলৈ সাজু হৈছে আমিনুল হক।
আমিনুল হক
'আৱাজ দ্য ভইচ অসম'ৰ সৈতে হোৱা বাৰ্তালাপত আমিনুল হকে কয়; "ইকীগাই নামৰ চুটি চিনেমাখন এগৰাকী ছোৱালীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছোৱালীজনীৰ গাৰ বৰণ কলা আৰু তাই অভিনেত্ৰী হ'ব বিচাৰে। কিন্তু সমাজৰ দৃষ্টিভংগীত গাৰ বৰণ কলা হ'লে কেনেকৈ অভিনেত্ৰী হ'ব পাৰিব ? ছোৱালীজনীয়ে নিজৰ সপোন পূৰাবলৈ বগা হোৱাৰ বাবে বহু চেষ্টা কৰিব ধৰে। বগা হ'বলৈ চেষ্টা কৰি ছোৱালীজনীয়ে কিদৰে মানসিক চাপৰ মুখামুখি হ'বলগীয়া হয়, সেই কথাসমূহ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে।"
তেওঁ পুনৰ কয়, "ইকীগাই চিনেমাখন আমি দুবাৰকৈ চিত্ৰগ্ৰহণ কৰিবলগীয়া হৈছিল। প্ৰথমবাৰ চিত্ৰগ্ৰহণ কৰাৰ পিছত দুৰ্ভাগ্যক্ৰমে আমাৰ সকলোবোৰ ভিডিঅ' ডিলিট হৈ গৈছিল। আমি আকৌ আৰম্ভণিৰ পৰা চিত্ৰগ্ৰহণ কৰিছিলোঁ। যাৰ বাবদ আমাৰ ৫০ হাজাৰৰো বেছি টকা খৰচ হৈছে। 'Hope notout' চিনেমাখনৰ দৰে এইখন চিনেমাটো আমি এটা গান অন্তৰ্ভুক্ত কৰিছোঁ আৰু চুটি ছবিখনৰ জৰিয়তে ৰাইজৰ মাজত এটা গভীৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ ৰাইজে চুটি ছবিখন আদৰণি ল'ব", আমিনুল হকে কয়।
ইয়াৰ পূৰ্বে আমিনুল হকে বহু কেইখন চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তাৰে ভিতৰত অন্যতম 'দ্য চাইলেণ্ট কিলাৰ', 'হ'প নট আউট', পূব-কামৰূপ মহাবিদ্যালয়ৰ পূৰ্ণাংগ তথ্যচিত্ৰ আদি। আমিনুল হকে 'জখলা প্ৰডাকচন' নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে চিনেমাসমূহ মুক্তি দিয়ে। পূৱ-কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আমিনুল হকে নিৰ্মাণ কৰা তথ্যচিত্ৰখন অসমৰ প্ৰথমখন পূৰ্ণাংগ তথ্যচিত্ৰ,য'ত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈ সকলো তথ্য দিয়া হৈছে।
'ইকীগাই'ৰ চিত্ৰগ্ৰহণৰ দৃশ্য
উল্লেখ্য যে, আমিনুল হকে চুটি ছবিসমূহ সাধাৰণতে একাংশ শুভাকাংক্ষীৰ উপস্থিতিত বিনামূলীয়া প্ৰদৰ্শনীৰ জৰিয়তে মুক্তি দিয়ে আৰু ইয়াৰ পিছত ইউটিউবত মুকলি কৰি দিয়ে। কিন্তু এইবাৰ তেওঁ চুটি ছবিখন মুক্তিৰ এক ব্যতিক্ৰমী ব্যৱস্থা হাতত লৈছে। এই অনুসৰি, তেওঁ দৰ্শকক প্ৰদৰ্শনীস্থলীত বিনামূলীয়াকৈ প্ৰৱেশ কৰিবলৈ দিব যদিও তেওঁলোকে চুটি ছবিখন চাই ভাল পালে, নিজৰ ইচ্ছা অনুসৰি আমিনুলক টিকটৰ মূল্য হিচাপে নূন্যতম ধনৰাশি আগবঢ়াব পাৰিব। এইদৰে দৰ্শকে নূন্যতম অৰিহণাৰে যুৱ ছবি নিৰ্মাতাজনক উৎসাহিত কৰিব পাৰিব।
মন কৰিবলগীয়া যে, চুটি ছবি এখন নিৰ্মাণৰ বাবে বিনিয়োগ কৰা ধনৰাশিৰ ৫ শতাংশও আমিনুলে ঘূৰাই নাপায়। চুটি ছবি এখন বনাবলৈ তেওঁক বহু পৰিমাণৰ ধনৰ প্ৰয়োজন হয় আৰু আমিনুলৰ অন্য কোনো উপাৰ্জনৰ পথ নাই। তেনে পৰিস্থিতিতো যুৱকজনে সামাজিক দায়বদ্ধতা আৰু নিজৰ চখ পূৰণৰ বাবে ইটোৰ পিছত সিটো ব্যতিক্ৰমী পদক্ষেপ হাতত লৈ আছে।
সময় উপযোগী চুটি ছবিৰে সমাজক বাৰ্তা দিবলৈ প্ৰয়াস কৰা আমিনুল হকে সমাজত চলি থকা অন্ধবিশ্বাস, যুৱ সমাজক ধ্বংসৰ পথলৈ ঠেলি দিয়া মাদক দ্ৰব্য, ড্ৰাগছ আদিৰ দৰে বিষয়ক তেওঁৰ চুটি ছবিৰ কাহিনী হিচাপে দাঙি ধৰে। 'জখলা প্ৰডাকচন' নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে চুটি ছবিসমূহ মুক্তি দিয়া আমিনুলে কবিতা, প্ৰবন্ধ, নাটক আদিও লিখে।
জখলা প্ৰডাকচনৰ সদস্যসকল
চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ পৰিৱৰ্তে তেওঁৰ সপোন হৈছে এগৰাকী ছবি নিৰ্মাতা হোৱা। তেওঁৰ বহুকেইখন চুটি ছবিয়ে ইতিমধ্যে চৰকাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ভয়াবহতাৰ ওপৰত নিৰ্মাণ কৰা আমিনুল হকৰ 'দ্যা চাইলেণ্ট কিলাৰ' নামৰ চুটি ছবিখনে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিছে। কামৰূপ গ্ৰাম্য জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত তেওঁৰ এই চুটি ছবিখন প্ৰদৰ্শন কৰা হৈছে।
পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত আমিনুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা ২০১৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আমিনুল হকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই চুটিছবি নিৰ্মাণৰ আৰম্ভণি কৰিছিল। যোগাযোগ আৰু সাংবাদিকতা বিভাগত চুটি ছবি পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আমিনুলেও চুটিছবি নিৰ্মাণ কৰিছিল। অসমৰ চৰ চাপৰি অঞ্চলক লৈ আমিনুলে ছাত্ৰ অৱস্থাত প্ৰথমখন তথ্যচিত্ৰ নিৰ্মান কৰিছিল।
আমিনুলৰ প্ৰথম চুটিছবি 'মৰীচিকাৰ ৰং' নিৰ্মান কৰাৰ নামত মাত্ৰ ৫০০ টকা খৰচ হৈছিল যদিও তেওঁৰ 'হ'প নটআউট' নামৰ চুটি ছবিখনৰ বাজেট আছিল প্ৰায় ৩০,০০০ টকা। এতিয়া, জানুৱাৰীৰ শেষৰ ফালে মুক্তি পাবলগীয়া নতুনকৈ নিৰ্মাণ কৰা 'ইকীগাই' চুটি ছবিখনৰ বাজেট প্ৰায় ৫০ হাজাৰৰো অধিক।