এবুকু হ্ৰদৰ পানীৰ পৰা পদুমৰ ঠাৰি ছিঙি পৰিয়ালৰ ভৰণ-পোষণ দি আহিছে ইৰ্শ্বাদ খানে

Story by  atv | Posted by  Munni Begum • 13 d ago
ইৰ্শ্বাদ খান
ইৰ্শ্বাদ খান
 
বসিত জাৰগৰ / শ্ৰীনগৰ
 
পৰিয়ালক ভৰণ-পোষণ দিয়াৰ বাবে প্ৰচণ্ড জাৰত এবুকু ঠাণ্ডা পানীত ডুবি পদুমৰ ডাল ছিঙি অনা কাম কৰি আহিছে কাশ্মীৰৰ এজন যুৱকে। 'আঞ্চাৰ হ্ৰদ'ৰ ঠাণ্ডা পানীত ডুবি জীৱিকা উপাৰ্জনৰ এই অতি কষ্টকৰ কামটো কৰা যুৱকজন হৈছে ইৰ্শ্বাদ খান।
 
হ্ৰদৰ পানীত ঘণ্টাৰ পিছত ঘণ্টা ধৰি সময় কটোৱা ইৰ্শ্বাদে এহাতেৰে নিজৰ নাওখন ধৰি ভাৰসাম্য ৰক্ষা কৰে আৰু আনখন হাতেৰে পানীৰ তলৰ পৰা পদুমৰ ডাল ছিঙি আহিছে। ইয়াৰ পিছত তেওঁ ডালবোৰ পৰিষ্কাৰ কৰি থোপা বান্ধি বজাৰত বিক্ৰী কৰিবলৈ লৈ যায়।
 
স্থানীয় ভাষাত "নাদ্ৰু" বুলি কোৱা পদুমৰ ঠাৰি কাশ্মীৰত অতি জনপ্ৰিয় পাচলি হয়। বিশেষ অনুষ্ঠানত কাশ্মীৰৰ পৰম্পৰাগত খাদ্যত ইয়াক ব্যৱহাৰ কৰা হয়। ক্ৰীম বগা ৰঙৰ আৰু ছিদ্ৰযুক্ত টেক্সচাৰৰ এই ডালবোৰ ৪ ফুটতকৈও অধিক দীঘল হয়। 
 
পদুমৰ ঠাৰিৰ খেতি কৰা হ্ৰদৰ পানী পৰিস্কাৰ কৰা এক দৃশ্য
 
পঢ়া-শুনা আধাতে এৰি অভাৱ-অনাতনৰ বাবে এই বৃত্তিটো বাছি লৈছিল ইৰ্শ্বাদে 
 
দৰিদ্ৰতা আৰু পাৰিবাৰিক সমস্যাৰ বাবে দশম শ্ৰেণীতে পঢ়া সাং কৰি ইৰ্শ্বাদ খানে বিগত ১৫ বছৰে এই কামৰ সৈতে জড়িত হৈ আহিছে। তেওঁ কয় যে, "নাদ্ৰু বিক্ৰী কৰাটোৱেই মোৰ পৰিয়ালক পোহপাল দিয়াৰ একমাত্ৰ উপায়।"  
 
পদুমৰ ঠাৰি কাশ্মীৰ উপত্যকাৰ এক বিশেষত্ব। ডাল হ্ৰদ, ৱুলাৰ হ্ৰদ, মানছাৰ হ্ৰদ আৰু অন্যান্য জলাশয়ৰ কম পানী থকা অংশত ইয়াৰ খেতি কৰা হয়। যদিও, ই এক দামী ব্যঞ্জন, কাশ্মীৰীসকলে ইয়াৰ ব্যঞ্জন খায় খুবেই ভালপায়। উপত্যকাত ইয়াৰ ব্যৱহাৰ মূলতঃ ঠাৰি আৰু বীজৰ মাজতে সীমিত কৰা হয়।  

কঠোৰ পৰিশ্ৰম আৰু যত্নশীল কাম  
 
ইৰ্শ্বাদে কয় যে, "নাদ্ৰু" তথা পদুমৰ গছৰ খেতিবোৰ গোটেই বছৰ যত্ন লোৱাৰ প্ৰয়োজন হয়। বিশেষকৈ গ্ৰীষ্মকালত কৰা "নাদ্ৰু"ৰ খেতিৰ পানী পৰিষ্কাৰ কৰি ৰখা আৰু পচি যোৱা পাত আৰু শেলাইবোৰ আঁতৰাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। ছেপ্টেম্বৰ–অক্টোবৰ মাহত খেতি কৰা পদুমৰ গছবোৰৰ একো যত্ন লোৱা নহয়, যাতে শস্য বাঢ়িব পাৰে। ঠাণ্ডা বতৰ আহি পোৱাৰ লগে লগে পদুম খেতি আৰম্ভ কৰা হয়।          
 

হ্ৰদৰ পৰা পদুমৰ ঠাৰি সংগ্ৰহ কৰা এক দৃশ্য
 
উপাৰ্জন আৰু পুষ্টি
 
ইৰ্শ্বাদে নাদ্ৰু অৰ্থাৎ পদুমৰ ঠাৰিৰ থোপাবোৰ ২০০ টকাৰ পৰা ৩৫০ টকাত বিক্ৰী কৰে। পুষ্টিবিদসকলৰ মতে, পদুমৰ ঠাৰি পটাছিয়াম, ফছফৰাছ, তাম, আইৰণ, মেংগানিজ, ভিটামিন বি ৬, চি আৰু আঁহ আদি পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ।  

কাশ্মীৰী খাদ্যত নাদ্ৰুৰ গুৰুত্ব 
 
বহু জনপ্ৰিয় কাশ্মীৰী খাদ্য নাদ্ৰুৰ পৰা তৈয়াৰ কৰা হয়, যেনে নাদৰ-মোঞ্জে (ফ্ৰিটাৰ্স), কাটলেট আৰু চিপচ। নদৰুয়াখনী, যিটো নৱৰোজত বিশেষভাৱে ৰন্ধা হয়। যিবিধ মগু দাইল বা মাছৰ সৈতে প্ৰস্তুত কৰা হয়। ই কাশ্মীৰী খাদ্যৰ এক অবিচ্ছেদ্য অংগ হয়। 
 
পদুমৰ ঠাৰিৰ খেতিৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰয়োজন, কিন্তু ইৰ্শ্বাদৰ দৰে মানুহে ইয়াৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে, লগতে উপত্যকাৰ সাংস্কৃতিক আৰু পৰম্পৰাগত ঐতিহ্যকো জীয়াই ৰাখিছে।