অসমৰ এখন দূৰ্গম গাঁৱত আনন্দৰ লহৰ; গাঁওবাসীয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়াল

Story by  atv | Posted by  Munni Begum • 1 Years ago
 চৰকাৰী চাকৰিৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকল
চৰকাৰী চাকৰিৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকল
 
গুৱাহাটী
 
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দ্বিতীয় বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটীত আয়োজিত এক বৃহৎ অনুষ্ঠানত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যেতিয়া ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, তেতিয়াই অসমৰ এখন দুৰ্গম গাওঁত এক ব্যতিক্ৰমী আনন্দৰ লহৰৰ সৃষ্টি হৈছিল। কাৰণ শোণিতপুৰ জিলাৰ এই দুৰৱৰ্তী গাঁওখনে প্ৰথমজন চৰকাৰী চাকৰিয়াল লাভ কৰিলে। 
 
উল্লেখ্য যে, ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ৩ নং এৰাসূতি জংঘল গাঁৱৰ শ্বহীদ মংগল কুৰ্কুৰ প্ৰপৌত্ৰ অনিল বোইগাই অসম চৰকাৰৰ বনৰক্ষীৰ চাকৰি লাভ কৰিছে। প্ৰায় ২,০০০ জনজাতীয় লোকে বাস কৰা গাওঁখনৰ পৰা চৰকাৰী চাকৰি লাভ কৰা অনিলে হৈছে প্ৰথমজন ব্যক্তি। দৰাচলতে, এই অঞ্চলটো ইমানেই পিছপৰা আৰু দূৰ্গম যে ইয়াৰ পৰা কোনো লোকে এতিয়ালৈকে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই।
 
 
"মোৰ দেউতাই দৈনিক হাজিৰা কৰে আৰু মাই সৰু চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি মই এটা চৰকাৰী চাকৰি লাভ কৰিছো। ২০২১ চনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত মই ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বিএ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিছিলো। কিন্তু মোৰ দুৰ্বল আৰ্থিক দূৰ্বল হোৱাৰ বাবে এবছৰ পিছত স্নাতক হোৱাৰ সপোন ত্যাগ কৰিছিলো। তাৰ পিছত মই ঘৰত বহি আছিলো আৰু অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ বাবে আবেদন কৰিছিলো। ইয়াৰ ফলাফল মোৰ বাবে লটাৰী পৰীক্ষাত জিকাতকৈ কম নাছিল," গুৱাহাটীৰ পৰা ৩৫০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত বৰচোলা সমষ্টিৰ বাসিন্দা অনিলে এইদৰে কয়। 
 
তেওঁ লগতে কয়, “চাকৰিটো লাভ কৰাৰ ফলত এতিয়া মই মোৰ বৃদ্ধ মা-দেউতা আৰু অষ্টম শ্ৰেণীত পঢ়া মোৰ সৰু ভণ্টীৰ পৰ্যাপ্ত যতন ল’ব পাৰিম।”
 
ইফালে, অনিলৰ পিতৃ কাৰ্তিকে কয়, “মোৰ এটা আশা আছিল যে অনিলে যাতে দৈনিক হাজিৰা কৰিবলগীয়া নহয়। কিন্তু তেওঁ এখোজ আগুৱাই গৈ চৰকাৰী চাকৰি এটা পালে, যিটো আমি কেতিয়াও কল্পনাও কৰা নাছিলো।”
 
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বিশাল ধাননি পথাৰেৰে আগুৰি থকা দুটা কোঠাৰ কেচা ঘৰ এটাত পিতৃ-মাতৃ আৰু সৰু ভনীয়েকৰ সৈতে বাস কৰা অনিলৰ গাঁওখনৰ ৮০% তকৈ অধিক লোক আদিবাসী। গাঁওবুঢ়া জয়ন্ত কেওটে কয় যে গাওঁখনৰ দুই এটা পৰিয়ালে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰাৰ বাহিৰে উন্নয়ন বুলিবলৈ আন একো নাই। 
 
নিযুক্তি লাভ কৰিবলৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত গোট খোৱা প্ৰাৰ্থী
 
তেওঁ আৰু কয়, “কোনো স্নাতক, চৰকাৰী কৰ্মচাৰী বা ধনী পৰিয়াল নথকা গাঁওখনৰ ভূমিহীন লোকসকলৰ অধিকাংশই দৈনিক মজুৰিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। অনিলৰ সফলতা আমাৰ গাঁওৰ বাবে এক মাইলৰ খুঁটি।”
 
আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজতো বৃহস্পতিবাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠানে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। কাৰণ কোনো ৰাজনৈতিক হস্তক্ষেপ বা পইচা নিদিয়াকৈ সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত বহু সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছে।
 
আৱাজ-দ্য ভইচ'ৰ সন্মুখত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী লোকমান আলীয়ে কয়; "মই পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰিছোঁ। আজি মই অত্যন্ত সুখী যে মোৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ নহওতে চাকৰি লাভ কৰিছোঁ। ডাঙৰ কথাটো হ'ল বৰ্তমান মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি প্ৰদান কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো ধৰণৰ টকা-পইচাৰ লেনদেন নোহোৱাকৈ চাকৰি মানুহে চাকৰি পাবলৈ সক্ষম হৈছে। তাৰ বাবে নতুন চাকৰি প্ৰত্যাসীসকল আশা কৰিব পৰা হৈছে।"
 
এগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ পিতৃ
 
এগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ  দেউতাক শুকুৰ আলীয়ে কয়; "ল'ৰাটোৱে চাকৰি পালে ভাল আছিল বুলি সদায় ভাবিছিলোঁ। কিন্তু এটা ধাৰণা আছিল যে, চাকৰি পাবলৈ পইচা দিব লাগে। আমি দুখীয়া মানুহ কেনেকৈ পইচা দি চাকৰি ল'ব পাৰিম। কিন্তু মোৰ লোৰাটোৱে চাকৰি পালে সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত। এটকাও নিদিয়ালৈ আমাৰ দৰে দৰিদ্ৰ ঘৰৰ লৰা এটাই  চাকৰি পালে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ লৰা-ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি পাব বুলি আশা কৰিব পৰা হৈছে।"
 
উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মতে চলিত বৰ্ষৰ জুলাই মাহত পুনৰ ২২৭৬৫ টা নতুন পদৰ বাবে বিজ্ঞাপন মুকলি কৰিব।