'কাশ্মীৰিজিপিটি': কাশ্মীৰী ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ লক্ষ্যৰে ছাকলাইন ইউছুফৰ অভিনৱ এআই মডেল

Story by  atv | Posted by  [email protected] • 16 d ago
কাশ্মিৰীজিপিটি প্ৰস্তুত কৰা ছাকলাইন ইউছুফ
কাশ্মিৰীজিপিটি প্ৰস্তুত কৰা ছাকলাইন ইউছুফ
 
শুজাত আলী কোৱাড্ৰি / নতুন দিল্লী

আধুনিক প্ৰযুক্তিৰ জৰিয়তে কাশ্মীৰী ভাষা সংৰক্ষণৰ দিশত অসাধাৰণ অৱদান আগবঢ়াইছে এজন উদীয়মান যুৱকে। দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ নাইনা গাঁৱৰ কম্পিউটাৰ বিজ্ঞানৰ স্নাতক ছাকলাইন ইউছুফে "কাশ্মীৰিজিপিটি" (KashmiriGPT) নামৰ এটা এআই চালিত লেংগুৱেজ এছিষ্টেণ্ট (AI-powered Kashmiri language assistant) প্ৰস্তুত কৰি উলিয়াইছে।
 
২০২৩ চনত ডিগ্ৰী সম্পূৰ্ণ কৰা যুৱকজনৰ লক্ষ্য হৈছে বিপন্ন ভাষা কাশ্মীৰী আৰু আধুনিক কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ মাজৰ ব্যৱধান দূৰ কৰা। এই উদ্ভাৱনী সঁজুলিয়ে ব্যৱহাৰকাৰীসকলক নিজৰ মাতৃভাষাত AIৰ সৈতে যোগাযোগ কৰিব পৰাকৈ এক আকৰ্ষণীয় মঞ্চ প্ৰদান কৰে।
 
ইউছুফৰ এআই আৰু ভাষা সংৰক্ষণৰ যাত্ৰা আৰম্ভ হৈছিল কাশ্মীৰী ভাষাৰ ভৱিষ্যতৰ প্ৰতি গভীৰ চিন্তাৰ পৰা। তেওঁ উল্লেখ কৰে যে হিন্দী, তামিল, বাংলা আদি প্ৰধান ভাৰতীয় ভাষাসমূহক চেটজিপিটিৰ দৰে আধুনিক প্ৰযুক্তিয়ে সামৰি লৈছে যদিও কাশ্মীৰী ভাষাটো উপলব্ধ হোৱা নাছিল। ইউছুফে ব্যাখ্যা কৰে যে, "কাশ্মীৰীৰ বাহিৰে দেশৰ সকলো প্ৰধান ভাষা চেটজিপিটিত উপলব্ধ। এই উপলব্ধিয়ে মোক এক ব্যৱস্থা ল'বলৈ অনুপ্ৰাণিত কৰিলে।"
 
কাম কৰি থকা মুহূৰ্তত ছাকলাইন ইউছুফ
 
এই চিন্তাধাৰাই তেওঁক কেইবামাহো কাশ্মীৰিজিপিটিৰ বিকাশৰ বাবে উৎসৰ্গা কৰিবলৈ বাধ্য কৰাইছিল, যিয়ে প্ৰযুক্তিগত ব্যৱধান দূৰ কৰাই নহয়, কাশ্মীৰী ভাষাত নিহিত হৈ থকা সাংস্কৃতিক ঐতিহ্যকো সংৰক্ষণ কৰিব পাৰিছে।
 
ইউছুফে পাঁচ মাহতকৈ অধিক সময় প্লেটফৰ্মটোৰ ক’ডিং, টেষ্টিং আৰু ৰিফাইনিঙৰ বাবে উৎসৰ্গা কৰিছিল। ইয়াৰ ফলত কেৱল অনুবাদৰ বাহিৰলৈ যোৱা এক অতি বিশেষ এআই মডেল সাজু হৈ উঠিছে। ইউছুফে কয় যে, "কাশ্মীৰীজিপিটি কেৱল অনুবাদৰ সজুলি নহয়, ই কাশ্মীৰৰ প্ৰাচীন ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই সুবিধাৰ সহায়ত ব্যৱহাৰকাৰীসকলে কাশ্মীৰী ভাষা শিকিব পাৰিব।"
 
ইয়াৰ ফলত কাশ্মীৰীজিপিটি নামৰ এই মঞ্চখন অনন্য হৈ পৰে, কিয়নো ইয়াত সাংস্কৃতিক শিক্ষাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰা হৈছে। এই প্ৰযুক্তিবিধৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কাশ্মীৰৰ ৫০০০ বছৰীয়া ইতিহাসৰ অন্বেষণ কৰিব পাৰে। কাশ্মীৰীজিপিটিৰ প্ৰধান লক্ষ্য হৈছে কাশ্মীৰী সংস্কৃতিক সংৰক্ষণ কৰা। ইউছুফৰ মতে বহু কাশ্মীৰী যুৱক নিজৰ মাতৃভাষাৰ সৈতে কম পৰিচিত হোৱাৰ সময়ত কাশ্মীৰীজিপিটিয়ে প্ৰজন্মৰ মাজত সেতু হিচাপে কাম কৰিব পাৰে।
 
"কাশ্মীৰী ভাষা কোৱা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাই আছে। এয়া এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ, কম ভাষা কোৱা লোকৰ ফলত ভাষাটো নতুন প্ৰজন্মই পাহৰি যোৱাৰ ভাবুকি আহিব পাৰে। কাশ্মীৰীজিপিটিয়ে কনিষ্ঠ কাশ্মীৰীসকলৰ মাজত আগ্ৰহ জগাই তুলিব, তেওঁলোকক ভাষাটো আৰু ইয়াৰ চহকী ইতিহাসৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰিব। প্ৰত্যাহ্বানৰ মাজতো কাশ্মীৰীজিপিটিৰ প্ৰতি সঁহাৰি অতিশয় ইতিবাচক।"-ইউছুফে এইদৰে কয়।
 
নিজৰ কম্পিউটাৰৰ সন্মুখত ছাকলাইন ইউছুফ
 
উল্লেখ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত কাশ্মীৰীজিপিটিয়ে ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। মুকলিৰ তিনিদিনৰ ভিতৰতে ইয়াৰ ৪,০০০ৰো অধিক চাইন আপ হৈছে। ইউছুফৰ মতে, তেওঁ আশা কৰাতকৈ বহু বেছি সঁহাৰি লাভ কৰিছে।
 
কাশ্মীৰীজিপিটিৰ প্ৰাৰম্ভিক সফলতাই কাশ্মীৰী ভাষা সংৰক্ষণৰ প্ৰতি প্ৰকৃত আগ্ৰহৰ কথা সূচায়, আৰু মানুহে এনে এটা সঁজুলিৰ সৈতে জড়িত হ’বলৈ আগ্ৰহী যিয়ে তেওঁলোকক নিজৰ সাংস্কৃতিক ঐতিহ্য শিকিবলৈ আৰু মত বিনিময় কৰাত সহায় কৰিব পাৰে। অৱশ্যে ইউছুফে স্বীকাৰ কৰে যে কাশ্মীৰীজিপিটি বিটা-টেষ্টিং পৰ্যায়ত আছে আৰু ইয়াক অধিক বিকাশৰ প্ৰয়োজন আছে। তেওঁ প্লেটফৰ্মটোৰ ক্ষমতা পৰিশোধন আৰু নতুন বৈশিষ্ট্য যোগ কৰাত মনোনিৱেশ কৰিছে।
 
"আমি বৰ্তমান প্ৰযুক্তিবিধৰ উন্নতিৰ বাবে ব্যৱহাৰকাৰীৰ পৰা মতামত সংগ্ৰহ কৰি আছো। আমি ইয়াক বিকশিত কৰি যোৱাৰ লগে লগে আমি ইয়াক অধিক সুলভ আৰু ব্যৱহাৰকাৰী-অনুকূল কৰি তুলিবলৈ কণ্ঠস্বৰ চিনাক্তকৰণ আৰু অন্যান্য উন্নত বৈশিষ্ট্যসমূহ একত্ৰিত কৰিবলৈ বিচাৰিছো,” ইউছুফে ব্যাখ্যা কৰে।
 
ইউছুফে আশা কৰিছে যে কাশ্মীৰৰ ইতিহাস, সংস্কৃতি, আৰু পৰম্পৰাৰ গভীৰ অন্বেষণ আগবঢ়োৱা এটা সম্পূৰ্ণ কাষ্টমাইজড এআই মডেল নিৰ্মাণ কৰিব। কাশ্মীৰৰ এক অনন্য সাংস্কৃতিক ঐতিহ্য আছে, আৰু ইউছুফে ইয়াক নথিভুক্ত কৰি বিশ্বৰ সৈতে ভাগ-বতৰা কৰিবলৈ বদ্ধপৰিকৰ।
 
ছাকলাইন ইউছুফ
 
তেওঁ কয়, "কাশ্মীৰৰ ইতিহাস ৫ হাজাৰ বছৰতকৈও অধিক, আৰু ভাৰতৰ আন কোনো ঠাইৰ সৈতে কাশ্মীৰৰ চহকী ঐতিহ্যৰ মিল নাই। ইয়াক সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। কাশ্মীৰীজিপিটিক এক ব্যাপক সাংস্কৃতিক সম্পদলৈ বিকশিত কৰি কাশ্মীৰৰ ইতিহাস আৰু পৰম্পৰা সংৰক্ষণ কৰিব বিচাৰিছো, যাতে ই সময়ৰ বুকুত হেৰাই নাযায়।"
 
শৈক্ষিক আৰু ভাষিক সম্প্ৰদায়েও ইউছুফৰ প্ৰচেষ্টাক ভাষা সংৰক্ষণৰ এক অগ্ৰণী পদক্ষেপ হিচাপে স্বীকৃতি দিছে। কাশ্মীৰী ভাষা-সাহিত্যৰ ছাত্ৰ আছিফ শ্বাফীয়ে এই প্ৰকল্পটোক ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক তেওঁলোকৰ কামত সহায় কৰাৰ সম্ভাৱনাৰ বাবে প্ৰশংসা কৰে। "কাশ্মীৰী ভাষা আৰু সংস্কৃতিৰ অধ্যয়নৰ বাবে এই মডেলৰ মূল্য অপৰিসীম হ'ব। ই শৈক্ষিক উদ্দেশ্য আৰু ব্যক্তিগত শিক্ষণ দুয়োটা দিশতে এক মূল্যৱান সম্পদ হিচাপে কাম কৰিব পাৰে।"-কাশ্মীৰী ভাষা-সাহিত্যৰ ছাত্ৰ আছিফ শ্বাফীয়ে কয়।
 
উল্লেখ্য যে, কাশ্মীৰীৰ দৰে আঞ্চলিক ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে এআইৰ ব্যৱহাৰ এক যুগান্তকাৰী প্ৰচেষ্টা যিটো ক্ষেত্ৰৰ বিশেষজ্ঞসকলে প্ৰশংসা কৰিছে। এআই প্ৰযুক্তিৰ জৰিয়তে কাশ্মীৰী ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ বাবে ইউছুফৰ দায়বদ্ধতাই ভৱিষ্যত প্ৰজন্মৰ বাবে পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনৰ শক্তিৰ প্ৰমাণ হিচাপে চিহ্নিত হৈছে।
 
কাশ্মীৰীজিপিটিৰ সামৰ্থ্য বৃদ্ধিৰ বাবে পুঁজিৰ প্ৰয়োজনীয়তা আৰু এক নিষ্ঠাবান দলৰ প্ৰয়োজন আছে। এই প্ৰত্যাহ্বানসমূহৰ মাজতো ইউছুফ অত্যন্ত আশাবাদী। নিৰন্তৰ সমৰ্থন আৰু উন্নয়নৰ দ্বাৰা ডিজিটেল যুগত আঞ্চলিক ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ বিশ্বব্যাপী প্ৰচেষ্টাত কাশ্মীৰীজিপিটি এক গুৰুত্বপূৰ্ণ আহিলা হ’ব পাৰে। ভৱিষ্যতে ইউছুফে এনে এক মঞ্চৰ কল্পনা কৰিছে যিয়ে কেৱল ভাষা শিক্ষণত সহায় কৰাই নহয়, কাশ্মীৰ আৰু ইয়াৰ বাহিৰৰ জনসাধাৰণৰ বাবে সাংস্কৃতিক কেন্দ্ৰ হিচাপেও কাম কৰিব।