ফজল পাঠান
সকলোৰে জীৱনত এনে এটা মুহূৰ্ত আহে যেতিয়া ব্যক্তিৰ জীৱন সলনি হয়। পৰিস্থিতিয়ে সকলোকে সুযোগ দিয়ে। সেই সুযোগৰ সুবিধা খুব কম সংখ্যক লোকেহে গ্ৰহণ কৰিব পাৰে। যদি আপুনি অবিৰতভাৱে চেষ্টা কৰে আৰু সৎ কাম কৰি যায়, তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰে।
এনে এক জীৱন সলনি কৰা সুযোগ লাভ কৰিছিল উত্তৰ সোলাপুৰৰ ৱাডালা গাওঁৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান খোৱাজা তাম্বোলিয়ে। খোৱাজাই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা নিজৰ সপোনক গঢ় দিছে। মাকৰ লগত তেওঁ ক্ৰিকেট বেটৰ ব্যৱসায় আৰম্ভ কৰি প্ৰতিষ্ঠা লাভ কৰিছে। এই লেখাটোত আমি জানিম খোৱাজা তাম্বোলিৰ সফলতাৰ যাত্ৰাৰ বিষয়ে, যিটো যুৱ উদ্যোগীসকলৰ বাবে প্ৰেৰণাদায়ক।
খোৱাজা তাম্বোলিয়ে নিৰ্মান কৰা ক্ৰিকেট বেট
আৰম্ভণিৰ যাত্ৰাৰ বিষয়ে খোৱাজাই কয়, “প্ৰাথমিক আৰু হাইস্কুল শিক্ষা সমাপ্ত কৰাৰ পিছত কলেজত যোগদান কৰি মই ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছো। আমাৰ ঘৰৰ অৱস্থা বৰ বেয়া আছিল। যিহেতু যোৱা ১৪ বছৰে দেউতাই কাম কৰিব পৰা নাই, সেয়েহে মাই পৰিয়ালটো চম্ভালিব লগা হৈছে। যিকোনো উপায়েৰে মই টকা উপাৰ্জন কৰিব বিচাৰিছিলো। মায়েও মোক সহায় কৰিব বিচাৰিছিল।"
তেওঁ আৰু কয়, ‘শৈশৱৰ পৰাই ক্ৰিকেটৰ প্ৰতি মোৰ যথেষ্ট আগ্ৰহ আছিল। সেইবাবেই আমি আগতে ক্ৰিকেট প্ৰতিযোগিতা চাবলৈ গৈছিলোঁ আৰু খেলুৱৈসকলৰ বেটসমূহে মোক আকৰ্ষিত কৰিছিল। কলেজত পঢ়া সময়ত এক এলাৰ্জী আক্ৰমণৰ বাবে মই খেলা-ধূলাত বেছি মন দিব পৰা নাছিলো। কিন্তু এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ এক সপোন আছিল। সেয়েহে, এদিন হঠাতে এখন খেলৰ সমাগ্ৰীৰ দোকান এখন খুলিবলৈ মনস্থ কৰিলোঁ। মায়ে পৰিয়ালটো পোহপাল দিও কিছু টকা সঞ্চয় কৰিছিল। মায়ে মোক নিজৰ সঞ্চয়ৰ সকলো ধন দি ব্যৱসায়টো আৰম্ভ কৰাত সহায় কৰিলে। মই এই দোকানখনৰ পৰাই বিভিন্ন কোম্পানীৰ ট্ৰেক পেণ্ট, টি-চাৰ্ট আৰু বেট বিক্ৰী কৰিছিলোঁ।”
উল্লেখ্য যে, খোৱাজাৰ পিতৃ আজমালুদ্দিন তাম্বোলিয়ে আগতে মালা আৰু গহনা বনোৱাৰ ব্যৱসায় কৰিছিল। ১৪ বছৰ পূৰ্বে তেওঁৰ মানসিক ৰোগ ধৰা পৰিছিল। তেতিয়াৰ পৰা তেওঁ কাম কৰিব পৰা নাই। খোৱাজাৰ মাকে ঘৰৰ সৰু সৰু সামগ্ৰী বিক্ৰী কৰি সাপ্তাহিক বজাৰ যোগাৰ কৰিছিল।
খোৱাজাই কয়, "মই দুখীয়া বুলিয়েই সপোন দেখিবলৈ পাহৰা নাছিলো। টোপনিত সপোন দেখাৰ সলনি মই চকু মেলি কিছুমান সপোন দেখিছিলো। সকলোৱে সপোন দেখা উচিত আৰু সেই সপোন পূৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা উচিত। সততাৰে কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ সপোনবোৰ নিশ্চয় বাস্তৱায়িত হ'ব।"
যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ সময়ত সকলো কথাতে ব্যাপকভাৱে চিন্তা কৰিব লাগিব। ব্যৱসায় কৰি থাকোঁতে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। সেই অসুবিধাবোৰ অতিক্ৰম কৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগিব। ব্যৱসায়ৰ আৰম্ভণিৰ কথা কওঁতে খোৱাজাই কয়, “মোৰ মায়ে মোক টকা দিছিল আৰু মই ‘কে টি বেটছ’ নামেৰে এটা ব্যৱসায় আৰম্ভ কৰিছিলো। এই ব্যৱসায়ত মই বেট বিক্ৰী কৰিছিলো। সেই সময়ত কিছুমান ডাঙৰ কোম্পানীয়ে মোক কৈছিল যে আপুনি বৃহৎ পৰিমাণৰ সামগ্ৰী কিনিলেহে আমি আপোনাক সামগ্ৰী দিম। কিন্তু সেই সময়ত মোৰ হাতত টকা নাছিল। টকাই সঁচাকৈয়ে বহুত সমস্যাৰ সৃষ্টি কৰিছিল। দোকানত ষ্টক বঢ়াব বিচাৰিছিলো। কিন্তু মই একো কৰিব পৰা নাছিলো।"
খোৱাজা তাম্বোলিৰ বেট নিৰ্মানৰ কাৰখানা
তেওঁ আৰু কয়, “মই দোকানখন ডাঙৰ কৰিবলৈ অধিক টকা উপাৰ্জন কৰিব বিচাৰিছিলো। গতিকে টি-চাৰ্ট ছপা কাম আৰম্ভ কৰিলোঁ। উৎসৱ উপলক্ষে বিভিন্নজনে মোক ছপা কৰাৰ বাবে টি-চাৰ্ট দিছিল, যাৰ ফলত মই ব্যৱসায়িকভাৱে উপকৃত হৈছিলো। সেই সময়ত মই ভাবিছিলো যে মই নিজে ষ্টীকাৰ বনাই বিক্ৰী কৰিম আৰু যিবোৰ বেটত ষ্টীকাৰ নাছিল সেইবোৰত নিজৰ ষ্টীকাৰ লগাই দিম। সমস্যাটো আছিল গ্ৰাহকে বিচৰা ধৰণে বেটবোৰ বনোৱা হোৱা নাছিল। ফলত সামগ্ৰী বিক্ৰী হোৱা নাছিল।"
উদ্যমী ব্যৱসায়ীজনে পুনৰ কয়, "মই ডাঙৰ কাম কৰিব বিচাৰিছিলো। গ্ৰাহকৰ চাহিদা অনুসৰি বজাৰত বেট পোৱা নাছিল। তাৰ পিছত নিজৰ মেচিন কিনি নিজে বেট বনোৱাৰ কথা ভাবিলোঁ। এই পৰিকল্পনা লৈ কাশ্মীৰলৈ গ'লো আৰু তাত কিছুদিন থাকি ভাল বেট বনাবলৈ প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ কাঠ চাইছিলো। তাত মই বেট বনোৱা মেচিনটো চলাবলৈ শিকিলোঁ। তাৰ পাছত গাঁৱলৈ আহি মেচিনটো কিনিলো। যেতিয়া মই নিজৰ বেট বনাবলৈ আৰম্ভ কৰিছিলো, তেতিয়া আৰম্ভণিৰে পৰাই গ্ৰাহকৰ পৰা সমৰ্থন পাইছিলো। মোৰ নিজৰ বেটৰ বিক্ৰী বৃদ্ধি হ'বলৈ ধৰিলে আৰু তেতিয়াৰ পৰাহে আমাৰ প্ৰকৃত ব্যৱসায় আৰম্ভ হ'ল।"
খোৱাজাৰ মাতৃ ৰাছাদে এই ব্যৱসায়ৰ বিষয়ে কয়, "ল'ৰাটো সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আছিল। সৰুৰে পৰাই তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু যিদৰে সম্ভৱ মোক সহায় কৰিছিল। তাৰ দৃঢ়তা দেখি মই গোটেই জীৱনৰ উপাৰ্জন তাৰ ব্যৱসায় বিস্তাৰৰ বাবে ব্যয় কৰিছো। মই সন্তুষ্ট যে খোৱাজাইও মোৰ বিশ্বাসক সঠিক প্ৰমাণ কৰিলে।”
উল্লেখ্য যে, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড আদি ৰাজ্যৰ খেলুৱৈৰ মাজত খোৱাজাই প্ৰস্তুত কৰা বেটবোৰ অতি জনপ্ৰিয়। খেলুৱৈক নিজৰ পছন্দ অনুসৰি বেট দিয়া হয়। এই বিষয়ে তেওঁ কয়, “যেতিয়া মই অধ্যয়ন কৰিছিলো তেতিয়া মই উপলব্ধি কৰিছিলো যে খেলুৱৈক বিভিন্ন ধৰণৰ বেটৰ প্ৰয়োজন হয়। অৰ্থাৎ কোনো খেলুৱৈয়ে খেলপথাৰৰ সকলো দিশত অৰ্থাৎ ৩৬০ ডিগ্ৰীত খেলিব বিচাৰে, তেতিয়া তেওঁক ৯৭০ গ্ৰাম ওজনৰ বেটৰ প্ৰয়োজন হ’ব। সকলো খেলুৱৈয়ে ৯৭০ গ্ৰাম ওজনৰ বেট ব্যৱহাৰ কৰিব পাৰে। যদি কোনো খেলুৱৈয়ে কেৱল ভি আকৃতিৰ খেলপথাৰত খেলি আছে, তেন্তে তেওঁক ১০৩০ৰ পৰা ১০৫০ গ্ৰাম ওজনৰ বেটৰ প্ৰয়োজন হ’ব।"
তেওঁ আৰু কয়, “মই দৰিদ্ৰতা অতি ওচৰৰ পৰা দেখিছো। কেতিয়াবা খেলুৱৈৰ হাতত নতুন বেট এখন কিনিবলৈ টকা নাথাকে। তেনে খেলুৱৈৰ বাবে মই কম মূল্যৰ বেট বনাওঁ। টকা নাই বুলিয়েই মই কাকো বাধা নিদিওঁ। মই উচ্চাকাংক্ষী খেলুৱৈসকলক মোৰ ষ্টীকাৰৰ সৈতে বেট দিওঁ। শেহতীয়াকৈ গুজৰাটৰ এজন খেলুৱৈক প্লেয়াৰ এডিচনৰ বেট উপহাৰ দিছো।’
ব্যৱসায়ৰ বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যতৰ বিষয়ে সোধাত তেওঁ কয়, ‘মই কাশ্মীৰৰ পৰা কেঁচামাল আনি বেট বনাওঁ। বৰ্তমান মই প্ৰতিমাহে ১০০ৰ পৰা ২০০খন বেট বিক্ৰী কৰো। 'কেটি এডিচন' আৰু 'প্লেয়াৰ এডিচন'ৰ মূল্য ৩৫০০ টকা, আনহাতে গোল্ড এডিচনৰ মূল্য ৩০০০ টকা। আগন্তুক সময়ত মোৰ বেটৰ ব্যৱসায় সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যলৈ লৈ যাব বিচাৰো। মই নিজৰ ব্ৰেণ্ড তৈয়াৰ কৰিব বিচাৰো। সকলো ৰাজ্যতে মোৰ ব্ৰেণ্ডৰ বেট থকাটো মোৰ এক সপোন।”