অনিকা মহেশ্বৰী / নতুন দিল্লী
“মই মোৰ পৰিয়ালৰ প্ৰথমটো শিশু যিয়ে স্কুললৈ গৈছিলো। মোৰ দেউতা এজন খেতিয়ক। মই মোৰ নিজৰ অভিজ্ঞতাৰ বাবে এই সিদ্ধান্ত লৈছিলো যে কোনো শিশুৱেই যাতে কেতিয়াও শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে।”২০২১-২২ চনত এন এছ এছ (ৰাষ্ট্ৰীয় সমাজ সেৱা)ৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰা কিফায়াতুল্লাহ মালিকে এইদৰে কয়। কাশ্মীৰত সমাজ সেৱাৰ সৈতে জড়িত হৈ থকা মালিক হৈছে কাশ্মীৰৰ এখন সৰু গাঁও বান্দিপোৰাৰ বাসিন্দা। তেওঁ যুৱক-যুৱতীসকলক শিক্ষা আৰু সৱলীকৰণৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
২৫ বছৰীয়া কিফায়াতুল্লাহ মালিক এগৰাকী সমাজকৰ্মী, যুৱ নেতা আৰু পৰ্বতাৰোহী। 'আৱাজ-দ্য ভইচ'ৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত কিফায়াতুল্লাহ মালিকে কয় যে তেওঁৰ কাম হৈছে পাহাৰীয়া অঞ্চলত বাস কৰা শিশুসকলক বিদ্যালয়লৈ আহিবলৈ প্ৰেৰণা দিয়া। তেওঁ শিশুসকলক ক্ৰীড়াত যোগদান কৰিবলৈও উৎসাহিত কৰে, কাৰণ তেওঁৰ মিছনৰ অংশ হৈছে পিছপৰা অঞ্চলৰ শিশুসকলক উন্নীত কৰা।
কিফায়াতুল্লাই লাৱাইপোৰাৰ বয়জ মিডল স্কুলত পঢ়িছিল আৰু পিছলৈ শ্ৰীনগৰৰ অমৰ সিং কলেজৰ পৰা সমাজবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা ছ'চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা
কিফায়াতুল্লাহ মালিকে কয় যে তেওঁ সদায় দলীয় কাম-কাজৰ সৈতে জড়িত।
তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ বেছিভাগ সহপাঠীয়ে আৰ্থিক সমস্যা বা ঘৰুৱা বাধ্যবাধকতাৰ বাবে স্কুল এৰি দিছিল। কলেজত থাকোঁতে তেওঁ পঢ়া-শুনা বাদ দিয়া ছাত্ৰ-ছাত্ৰীসকলক স্কুললৈ ঘূৰি অহাত সহায় কৰিবলৈ এটা যুৱকৰ দল গঠন কৰিছিল।
কিফায়াতুল্লাই কয় যে যেতিয়া আপোনাৰ উদ্দেশ্য সঠিক হয়, তেতিয়া সকলোৱে আপোনাক সহায় কৰে। তেওঁ ক্ৰাউড-ফাণ্ডিঙৰ জৰিয়তে নিজৰ মিছন সম্প্ৰসাৰণ কৰিছিল। যিহেতু কিফায়াতুল্লাহ মালিক এজন পৰ্বতাৰোহী, সেয়েহে তেওঁ ছাত্ৰ-ছাত্ৰীক ট্ৰেকত লৈ গৈ সহায় কৰিছিল। বন্ধু-বান্ধৱীৰ পৰা পুৰণি পাঠ্যপুথি সংগ্ৰহ কৰি তেওঁ কিনিব নোৱাৰাসকলক সেইখিনি দি দিছিল।
কিফায়াতুল্লাহ মালিক স্মাৰ্টপুৰ প্ৰকল্পৰ অধীনত REACHA (Research and Extension Association for Conservation of Horticulture and Agro-forestry) ৰ জিলা সমন্বয়ক হিচাপেও কাম কৰি আছে। ইয়াৰ জৰিয়তে সংস্থাটোৱে কাশ্মীৰৰ দুৰ্গম অঞ্চলত ডিজিটেল বিভাজন দূৰ কৰিছে।
তেওঁৰ বাবে REACHA হৈছে দেশৰ প্ৰতিটো চুকত থকা মানুহৰ ওচৰলৈ গৈ ইতিবাচক পৰিৱৰ্তন অনাৰ এক অভিযান। কিফায়াতুল্লাহ মালিকে আৱাজ-দ্য ভইচক জনোৱা মতে, তেওঁ স্কুলত পঢ়ি থকাৰ সময়তে নিজৰ সামূহিক সেৱা আৰম্ভ কৰিছিল। তেওঁৰ সংগ্ৰাম আৰু প্ৰত্যাহ্বানসমূহে তেওঁক দুখীয়াৰ সমস্যাৰ কথা চিন্তা কৰি তেওঁলোকৰ সেৱা কৰাত সহায় কৰিছিল। কলেজীয়া জীৱনত তেওঁৰ সমাজ সেৱাই গতি লাভ কৰিছিল যেতিয়া তেওঁ আৰু প্ৰয়োজন নোহোৱা মানুহৰ পৰা পুৰণি কিতাপ সংগ্ৰহ কৰি অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল।
তেওঁৰ এই প্ৰচেষ্টাই অধিক আবেগিক ব্যক্তিক এই অভিযানৰ প্ৰতি আকৰ্ষণ কৰিছিল। ব্যক্তিগত দিশত কিফায়াতুল্লাহ বাণ্ডিপোৰাৰ প্ৰথমজন পেছাদাৰী পৰ্বতাৰোহী। কিফায়াতুল্লাহ মালিকে কয়, “মই ড্ৰপআউটৰ সমস্যা বুজিব বিচাৰো আৰু ইয়াৰ সমাধান কৰিব বিচাৰো। আমাৰ দলৰ সকলো সদস্যই অতিশয় শক্তিশালী। তেওঁলোকে বিশ্বাস কৰে যে যুৱক-যুৱতীসকল যিকোনো দেশৰ ভৱিষ্যত আৰু যেতিয়া তেওঁলোকে নিজৰ চিন্তা সলনি কৰি নিজৰ জীৱন উন্নত কৰে, তেতিয়াহে প্ৰকৃত পৰিৱৰ্তন আহিব পাৰে।"
কিফাতুল্লাহ মালিকে আৱাজ-দ্য ভইচক জনোৱা মতে, তেওঁ কেটচন, ডাখী, ডাংগাৰনাৰ, চিঞ্চাৰ আদি দুৰ্গম অঞ্চল পৰিদৰ্শন কৰি নিজৰ দলৰ সৈতে সজাগতা শিবিৰৰো আয়োজন কৰে। এই শিবিৰসমূহত তেওঁ মহিলাসকলৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁলোকক নিজকে সবলীকৰণত সহায়ক হোৱাকৈ চৰকাৰী আঁচনিসমূহৰ বিষয়ে বুজাই দিছিল। তেওঁ পৰিৱেশৰ বহনক্ষমতাৰ বিষয়েও মানুহক জ্ঞান দিছিল আৰু ড্ৰাগছ সেৱনৰ সজাগতা সৃষ্টি কৰিছিল।
এইদৰে কিফায়াতুল্লাৰ কাম তেতিয়াৰ পৰাই পৰিৱেশ সুৰক্ষা, শিক্ষা, নিচামুক্তকৰণ, পৰ্যটন প্ৰসাৰ, আৰু মানৱীয় সাহায্য আদি ক্ষেত্ৰত বিয়পি পৰিছে। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা সমাজসেৱা আৰু সামূহিক কল্যাণৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰে। কিফায়াতুল্লাই জম্মু-কাশ্মীৰৰ সামাজিক বন বিভাগৰ পৰা বৃক্ষৰোপণৰ বাবে শ্ৰেষ্ঠ বন বন্ধু বঁটা, সমগ্ৰ ভাৰতৰ ১০টা ভিন্ন ক্ষেত্ৰত প্ৰতি বছৰে ১০ জন ব্যক্তিক প্ৰদান কৰা মানৱতাৰ ৰাষ্ট্ৰদূত বঁটা, ২০২৪ চনত সামাজিক কামৰ বঁটা, গ্ল’বেল হিউমেন ৰাইটছ বঁটা, এডিজিৰ প্ৰশংসা বঁটা ২০১৯কে ধৰি অন্যান্য বঁটাও লাভ কৰিছে।