৪০০টা ভাষা পঢ়িব, লিখিব আৰু টাইপ কৰিব জনা বিৰল প্ৰতিভাৱান যুৱক মাহমুদ আক্ৰম

Story by  atv | Posted by  Munni Begum • 19 h ago
বিৰল প্ৰতিভাৱান যুৱক মাহমুদ আক্ৰম
বিৰল প্ৰতিভাৱান যুৱক মাহমুদ আক্ৰম
 
আৱাজ দ্য ভইচ অসম ব্যুৰ' 
 
মাত্ৰ ১৯ বছৰ বয়সতে চেন্নাইৰ এজন যুৱকে অসম্ভৱক সম্ভৱ কৰি তুলিছে। মাহমুদ আক্ৰম নামৰ বিৰল প্ৰতিভাৱান যুৱকজনে ৪০০টা ভাষা পঢ়িব, লিখিব আৰু টাইপ কৰিব পাৰে আৰু ইয়াৰে ৪৬টা ভাষা তেওঁ সাৱলীলভাৱে ক'ব জানে। এই দক্ষতাৰ বলত মাহমুদে বিশ্ব অভিলেখৰ লগতে কেইবাটাও বঁটা আৰু বিশ্বৰ ভাষাবিদসকলৰ বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। যুৱকজনৰ কাহিনীয়ে কেৱল তেওঁৰ সফলতাৰ বিষয়ে কোৱাই নহয়, বৰঞ্চ মানুহক একত্ৰিত কৰা ভাষাৰ বৈচিত্ৰ্যকো তেওঁ প্ৰসাৰিত কৰিছে।
 
মাহমুদ আক্ৰামৰ ভাষাৰ প্ৰতি আকৰ্ষণ আৰম্ভ হৈছিল শৈশৱতে। তেওঁৰ পিতৃ শ্বিলবী মোজিপ্ৰিয়মে পৰা আক্ৰমৰ মনত ভাষা শিকাৰ আগ্ৰহ জন্ম পাইছিল, যিয়ে নিজেই ১৬টা ভাষা ক'ব পাৰে। অন্যান্য ডিগ্ৰীৰ লগতে জ্ঞানমূলক মনোবিজ্ঞানতো ডক্টৰেট ডিগ্ৰীধাৰী শ্বিলবীয়ে কয়, “মই যথেষ্ট সংগ্ৰাম কৰিছিলোঁ, কাৰণ মই কোনো বিশেষ ৰাজ্য বা দেশৰ ভাষা নাজানিছিলো যেতিয়া মোৰ চাকৰিৰ বাবে ইজৰাইল, স্পেইনৰ দৰে ঠাইলৈ গুচি যাবলগীয়া হৈছিল।
 
মাহমুদ আক্ৰম তেওঁৰ পিতৃ শিলবী মোজিপ্ৰিয়ানৰ সৈতে (ছবি: মাহমুদ আক্ৰাম)
 
“মই বিচৰা নাছিলো যে মোৰ ল’ৰাটোক ভাষাৰ ওপৰত ভিত্তি কৰি পোৱা সুযোগৰ পৰা কাঢ়ি লোৱা হওক। মোৰ পত্নীয়ে যেতিয়া আক্ৰামক গৰ্ভধাৰণ কৰিছিল, তেতিয়া আমি ভাষাৰ বিষয়ে কথা পাতিছিলো এই আশাত যে সেইবোৰে কেঁচুৱাটোৰ আগ্ৰহ জগাই তোলাত সহায় কৰিব। আক্ৰামৰ ক্ষেত্ৰত ই কাম কৰা যেন লাগে।"-শ্বিলবীয়ে লগতে কয়। 
 
ইফালে, আক্ৰামে শৈশৱৰ কথা স্মৰণ কৰি কয়, “মোৰ যাত্ৰা আৰম্ভ হৈছিল চাৰি বছৰ বয়সৰ পৰা। মোৰ মা-দেউতাই মোক তামিল আৰু ইংৰাজী বৰ্ণমালা শিকাবলৈ আৰম্ভ কৰিছিল, আৰু মই ৬ দিনত ইংৰাজী বৰ্ণমালা আয়ত্ত কৰিছিলোঁ। তেওঁলোক আচৰিত হৈ পৰিল।”
 
আক্ৰামৰ যোগ্যতা ইয়াতেই শেষ নহ’ল৷ তেওঁ মাত্ৰ তিনি সপ্তাহতে তামিল ভাষাৰ ২৯৯টা বৰ্ণমালা শিকিলে, যিটো কামত সাধাৰণতে কেইবামাহো লাগে। পিতৃৰ তত্ত্বাৱধানত তেওঁ ভাটেলুট্টু, গ্ৰন্থা, তামিঝিৰ দৰে প্ৰাচীন তামিল লিপিৰ সৈতে পৰিচয় লাভ কৰে, যিবোৰ আক্ৰমে অতি সোনকালে আয়ত্ত কৰিছিল। “মোৰ ছয় বছৰ বয়সলৈকে মই দেউতাৰ জ্ঞানক অতিক্ৰম কৰি নিজাববীয়াকৈ অধিক ভাষা অন্বেষণ কৰিব বিচাৰিছিলো।”-তেওঁ কয়।
 
৬ৰ পৰা ৮ বছৰ বয়সৰ ভিতৰত আক্ৰামে নিজৰ জ্ঞান-বুদ্ধিৰে ৫০টা ভাষা আয়ত্ত কৰিছিল। আক্ৰমে কয়, “সেই সময়ত বিভিন্ন ভাষা শিকিবলৈ মই কেইখনমান পাঠ্যপুথি আৰু অম্নিগ্লট (Omniglot)ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। Omniglot হৈছে ভাষা লিখা আৰু পঢ়াৰ বাবে ব্যৱহাৰ হোৱা এক অনলাইন বিশ্বকোষ।
 
আক্ৰাম গ্ল’বেল লেংগুৱেজ ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি থকা এক দৃশ্য (চিত্ৰ: মাহমুদ আক্ৰাম)
 
এইদৰে তেওঁ মাত্ৰ আঠ বছৰ বয়সতে আটাইতকৈ কম বয়সীয়া বহুভাষিক টাইপিষ্ট হিচাপে প্ৰথমটো বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। “মই বিভিন্ন ভাষা টাইপ কৰি আৰু পঢ়ি ইউটিউবত এটা ভিডিঅ’ আপলোড কৰিছিলোঁ। পঞ্জাৱৰ এটা বিশ্ব অভিলেখ সংস্থাই মোক অভিলেখ গঢ়িবলৈ আমন্ত্ৰণ জনাইছিল, যিটো মই সফলতাৰে সম্পূৰ্ণ কৰিলোঁ।"-তেওঁ স্মৰণ কৰে। ১০ বছৰ বয়সত আক্ৰামে এঘণ্টাৰ ভিতৰতে ২০টা ভাষাত ভাৰতীয় জাতীয় সংগীত লিখি দ্বিতীয় বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়।
 
ভাষিক উৎকৰ্ষতাৰ প্ৰতি তেওঁৰ আগ্ৰহ অব্যাহত থাকিল আৰু ১২ বছৰ বয়সলৈকে তেওঁ ৪০০টা ভাষা পঢ়িব, লিখিব আৰু টাইপ কৰিব পৰা হয়। জাৰ্মানীত ৭০ জন ভাষা বিশেষজ্ঞৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তৃতীয়টো বিশ্ব অভিলেখ অৰ্জন কৰে।
 
“আমি তিনি মিনিটৰ ভিতৰতে যিমান পাৰো ভাষালৈ এটা বাক্য অনুবাদ কৰিব লাগিছিল। আটাইতকৈ বেছি অনুবাদ কৰাৰ বাবে মই জাৰ্মানী ইয়ং টেলেণ্ট বঁটা লাভ কৰিলোঁ। আনকি বিশেষজ্ঞসকলেও মোৰ গতিৰ লগত খাপ খাব পৰা নাছিল।"- আক্ৰমে গৌৰৱেৰে উল্লেখ কৰে।
 
ভাষাৰ প্ৰতি আক্ৰামৰ আকৰ্ষণ বাঢ়ি অহাৰ লগে লগে ই তেওঁৰ গতানুগতিক শিক্ষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। পঞ্চম শ্ৰেণীলৈকে চেন্নাইত পঢ়িছিল যদিও অতি সোনকালেই উপলব্ধি কৰিছিল যে তেওঁৰ আগ্ৰহ আৰু ইচ্ছাক এক বেলেগ দিশ দিয়াৰ প্ৰয়োজন আছে। “কেৱল ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা স্কুল এখনত পঢ়িব বিচাৰিছিলো, কিন্তু ভাৰতত এনে স্কুল এখনো বিচাৰি নাপালোঁ। শেষত ইজৰাইলৰ এখন স্কুলত অনলাইনত অধ্যয়ন কৰিলোঁ আৰু আৰবী, স্পেনিছ, ফৰাচী, হিব্ৰু আদি মূলসুঁতিৰ ভাষাসমূহ শিকিলোঁ।”-আক্ৰামে কয়।
 
মাহমুদ আক্ৰম (ছবি: মাহমুদ আক্ৰাম)
 
সফলতা লাভ কৰাৰ পিছতো আক্ৰামে স্বীকাৰ কৰে যে তেওঁ জীৱনত শৈক্ষিক প্ৰমাণপত্ৰৰ গুৰুত্ব উপলব্ধি কৰিছে আৰু ই কেতিয়াবা প্ৰতিভাতকৈও অধিক গুৰুত্বপূৰ্ণ হ’ব পাৰে। ‘যেতিয়া মই নিয়মীয়া স্কুলত যোগদান কৰিব বিচাৰিছিলো, তেতিয়া ভাৰতৰ কোনেও মোক গ্ৰহণ কৰা নাছিল। তেওঁলোকে জোৰ দিছিল যে মই ষষ্ঠ শ্ৰেণীৰ পৰা আকৌ আৰম্ভ কৰিব লাগে। গতিকে মই নেশ্যনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিঙৰ জৰিয়তে পঢ়াৰ সিদ্ধান্ত লৈছিলো আৰু সেইদৰেই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ।’- আক্ৰমে কয়।
 
তেওঁ টেলেণ্ট শ্ব’ত অংশগ্ৰহণ কৰিছিল, আৰু ইউৰোপৰ যিকোনো দেশতে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ পাইছিল। আক্ৰামে কয়, “মই অষ্ট্ৰিয়াৰ ভিয়েনাৰ ডানুবে ইণ্টাৰনেশ্যনেল স্কুলত বৃত্তিৰে হাইস্কুল শিক্ষা আৰম্ভ কৰিছিলো। এই অভিজ্ঞতাই মোক থলুৱা ভাষীসকলৰ সৈতে কথা-বতৰা পাতিবলৈ আৰু ভাষিক দক্ষতা বৃদ্ধি কৰিবলৈ সুবিধা কৰি দিলে। কেৱল মোৰ শ্ৰেণীকোঠাতে ৩৯জন পৃথক দেশৰ শিক্ষাৰ্থী আছিল। সহপাঠীসকলৰ সৈতে কথা পতাটোৱে মোক বহু ভাষাত সাৱলীল হোৱাত সহায় কৰিছিল।"
 
আজি আক্ৰামে একাধিক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। যেনেঃ ব্ৰিটেইনৰ মিল্টন কেইনছৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ভাষাবিজ্ঞান, ইংৰাজী সাহিত্যত বি এ আৰু চেন্নাইৰ আলাগাপ্পা বিশ্ববিদ্যালয়ৰ পৰা এনিমেচনত বিজ্ঞানত স্নাতক ডিগ্ৰী। “যিহেতু মই ভাষা শিকি আহিছো, গতিকে মোৰ ভাষাবিজ্ঞান আৰু সাহিত্যৰ ডিগ্ৰী দুয়োটাৰে বাবে কোনো প্ৰস্তুতিৰ প্ৰয়োজন নাথাকে, যাৰ ফলত ডিগ্ৰীসমূহ লাভ কৰাটো মোৰ বাবে সহজ হৈ পৰে। মই মোৰ পৰীক্ষাৰ বাবে প্ৰায়ে আলাগাপ্পা বিশ্ববিদ্যালয়লৈ যাওঁ, তেওঁলোকে মোক মাজে মাজে ক্লাছত উপস্থিত হোৱাটো বিচাৰে। ভাষা জনাটো মোৰ প্ৰতিভা, কিন্তু এনিমেচন মোৰ আগ্ৰহ,” তেওঁ হাঁহি হাঁহি কয়।
 
আক্ৰমে স্বীকাৰ কৰে যে, “১৪ বছৰ বয়সলৈকে মই বেছিভাগ ভাষাতে ‘হেল্ল’ বা ‘গুড মৰ্নিং’ৰ দৰে এৰাব নোৱাৰা বাক্যাংশহে ক’ব পাৰিছিলো। কিন্তু আজি মই ১৫টা ভাষা সাৱলীলভাৱে আৰু বাকীবোৰ ভাষা চলি যোৱাকৈ ক'ব পাৰো। পঢ়া আৰু লিখাটো এটা বেলেগ কথা, কিন্তু ভাষা এটা ক’বলৈ হ’লে উপভাষা আৰু উচ্চাৰণ বুজিব লাগিব।”
 
বছৰ বছৰ ধৰি শিকি অহা অসংখ্য ভাষাৰ সৈতে যোগাযোগ ৰাখিবলৈ তেওঁ ছ’চিয়েল মিডিয়া আৰু মনোৰঞ্জনৰ মাধ্যমো ব্যৱহাৰ কৰে। আক্ৰামে লগতে কয়, “মই কেতিয়াবা মোৰ ছ’চিয়েল মিডিয়াৰ ভাষা ৰাছিয়ানলৈ সলনি কৰো, ডেনিছ ভাষাত ইউটিউব শ্বৰ্ট আৰু আৰবী ভাষাত ফেচবুক ভিডিঅ’ চাওঁ। মই আয়ত্ত কৰা ভাষাসমূহৰ ভিতৰত তামিল ভাষা মোৰ সবাতোকৈ প্ৰিয় ভাষা। এয়া মোৰ মাতৃভাষা আৰু ই মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। জাপানী ভাষা মোৰ বাবে আচৰিত ধৰণে সহজ আছিল কাৰণ ইয়াৰ ব্যাকৰণ আৰু উচ্চাৰণ তামিলৰ সৈতে মিল আছে। আনহাতে, চেক, ফিনিছ, ভিয়েটনামী আদি ভাষাবোৰ মোৰ বাবে আয়ত্ত কৰাটো আটাইতকৈ কঠিন আছিল।”
 
মাহমুদ আক্ৰম তেওঁৰ পিতৃ শিলবী মোজিপ্ৰিয়ানৰ সৈতে (ছবি: মাহমুদ আক্ৰাম)
 
আক্ৰামৰ বাবে ভাষা শিকাটো যোগাযোগতকৈও অধিক; ই সংযোগ সাধন কৰে। “মই যদি আপোনালোকৰ মাতৃভাষাত কথা কওঁ, তেন্তে আপুনি হৃদয়েৰে উত্তৰ দিব। কিন্তু মই ইংৰাজী ব্যৱহাৰ কৰিলে, আপুনি মগজুৰে কথা পাতিব৷ এই সকলোবোৰ ভাষা শিকাৰ আঁৰৰ প্ৰেৰণা সেইটোৱেই।”
 
তেওঁৰ সপোন হৈছে থিৰুক্কুৰাল আৰু থলকাপ্পিয়ামৰ দৰে তামিল সাহিত্যিক সম্পদসমূহ যিমান পাৰি সিমান ভাষালৈ অনুবাদ কৰা। “বৰ্তমান ৫০টা ভাষা কোৱা লোকেহে থিৰুক্কুৰাল বুজিব পাৰে। মই বিচাৰো যে বিশ্বৰ দৰ্শকে তামিলৰ চহকী ঐতিহ্যক ওচৰৰ পৰা জানক।”
 
আক্ৰামে আশা কৰিছে যে তেওঁৰ এই কামে আনকো ভাষিক বৈচিত্ৰ্যতা প্ৰসাৰিত কৰিবলৈ অনুপ্ৰাণিত কৰিব। "মই এখন প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ ভাষাৰ অধ্যাপক আৰু আনৰ বাবে আদৰ্শ হ’ব বিচাৰো। এটা ভাষা জনাটোৱেই মানুহক ঘৰত থকাৰ দৰে অনুভৱ কৰা এক শক্তিশালী উপায়।”