১৫ ছেপ্টেম্বৰত ৰাজ্যত বৃহৎ নিযুক্তি পৰীক্ষা; ৩ হাজাৰ পদৰ বিপৰীতে ১১ লাখ পৰীক্ষাৰ্থী

Story by  atv | Posted by  [email protected] • 6 d ago
১৫ ছেপ্টেম্বৰত ৰাজ্যত বৃহৎ নিযুক্তি পৰীক্ষা
১৫ ছেপ্টেম্বৰত ৰাজ্যত বৃহৎ নিযুক্তি পৰীক্ষা
 
গুৱাহাটী
 
নিবনুৱা সমস্যাৰ ভয়ংকৰ ৰূপটো প্রকট কৰি অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত তিনি সহস্রাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হ'ব ১১ লক্ষাধিক প্রার্থী। অর্থাৎ একোটা পদৰ বাবে গড় হিচাপত ৩৬৭ জন প্রার্থীয়ে কঠিন প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ'ব লাগিব।
 
স্বাভাৱিকতেই চৰকাৰৰ নিয়োগ সংস্থাপনৰ বৰ বৰ শ্ল'গানৰ মাজত তিনি সহস্রাধিক পদৰ বিপৰীতে ১১ লক্ষাধিক প্রার্থী অবতীর্ণ হ'বলগীয়া ঘটনাই অসমৰ নিবনুৱা সমস্যাৰ জটিল ৰূপটো স্পষ্টভাৱে উদঙাই দিছে। ইয়াৰ মাজতে বুধবাৰে খানাপাৰাত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে। সংবাদমেল সম্বোধন কৰি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা, প্রশ্নকাকত ফাদিলকে ধৰি অন্যান্য অসৎ উপায় অৱলম্বন কৰাটো প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন, ২০২৪ ৰূপায়ণ কৰিছে।
 
এই আইনৰ অধীনত নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে সংশ্লিষ্ট প্রার্থীয়ে ন্যূনতম তিনি বছৰৰ পৰা সর্বোচ্চ ১০ বছৰপর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ'ব। একেদৰে আইনৰ অধীনত ন্যূনতম ১ লাখ টকাৰ পৰা সর্বোচ্চ ১০ কোটি টকাপর্যন্ত জৰিমনা বিহাৰ বিধান আছে। এইক্ষেত্ৰত সামাজিক মাধ্যমৰ ওপৰত শেনদৃষ্টি ৰখা বুলি উল্লেখ কৰি অধ্যক্ষ তিৱাৰীয়ে কয় যে ধুবুৰীৰ ছাহিল খান ওৰফে সূৰয জামাল নামৰ এজন যুৱকে নিযুক্তি পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱা বুলি সামাজিক মাধ্যমত এক প'ষ্ট দিছিল।
 
লগে লগে উক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দি অধ্যক্ষ তিৱাৰীয়ে কয় যে সমাজবিৰোধী চক্ৰৰ ওপৰতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। ইপিনে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা বুলি সংবাদমেলত সদৰী কৰে অধ্যক্ষ অজয় তিৱাৰীয়ে। তেওঁ পুনৰ কয় যে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত সৰ্বমুঠ ১১,২৩,২০৪ গৰাকী প্রার্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত ৪২৯ টা কেন্দ্ৰ স্পৰ্শকাতৰ বুলি উল্লেখ কৰি অধ্যক্ষ তিৱাৰীয়ে কয় যে এনে কেন্দ্রসমূহত অতিৰিক্ত আৰক্ষী, গৃহৰক্ষী জোৱান মোতায়েন কৰা হ'ব।
 
লগতে গাঁওৰক্ষী বাহিনীৰো সহায়-সহযোগ বিচৰা হৈছে। অধ্যক্ষ তিৱাৰীয়ে পুনৰ কয় যে পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত অন্য লোকৰ প্ৰৱেশত বাধা নিষেধ আৰোপ কৰা হৈছে। পৰীক্ষাৰ্থীৰ বাহিৰে কোনো লোক পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰিব।
 
আৰক্ষীৰ তালাচীৰ মাজেদিহে পৰীক্ষাৰ্থীসকল পৰীক্ষা গৃহৰ ভিতৰলৈ যাব পাৰিব বুলি উল্লেখ কৰি তিৱাৰীয়ে কয়- 'প্রার্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম'বাইল, বেগ, পানীৰ বটল, ঘড়ী আদি নিব নোৱাৰিব। তদুপৰি যিসমূহ পৰীক্ষা কেন্দ্ৰত চি চি টিভি কেমেৰা নাই তাত তিনিজনকৈ ভিডিঅ'গ্ৰাফাৰ থাকিব। একেদৰে প্ৰশ্নকাকত ৰখাৰ বাবে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে। তাতো চি চি টিভি কেমেৰা সংস্থাপনৰ লগতে ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা ৰখা হৈছে।'
 
সংবাদমেলত অধ্যক্ষ তিৱাৰীয়ে পুনৰ কয় যে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে আয়ুক্ত-সচিব, সচিব পর্যায়ৰ একোজন বিষয়া নিয়োগ কৰা হৈছে। তদুপৰি প্ৰত্যেকটো কেন্দ্রত এজন ৰাজপত্রিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক ছুপাৰভাইজৰ হিচাপে নিযুক্তি প্রদান কৰা হৈছে। ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে পৰীক্ষা সন্দৰ্ভত নিৰন্তৰভাৱে বৈঠক অনুষ্ঠিত কৰা বুলি অধ্যক্ষ তিৱাৰীয়ে জানিবলৈ দিয়ে। পৰীক্ষাৰ দিনটোত প্রার্থীসকলৰ যাতায়াতৰ দিশটোৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি অধ্যক্ষ তিৱাৰীয়ে কয় যে ১৫ ছেপ্টেম্বৰৰ দিনটোত স্থানীয় বাছ, টেম্প', পৰিবহণ নিগমৰ বাছৰ চলাচল পর্যাপ্ত ৰূপত কৰোৱাৰ ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হৈছে।
 
তদুপৰি এন এফ ৰে'লৱেৰ সৈতেও যোগাযোগ কৰা হৈছে। প্রার্থীসকলৰ সুবিধাৰ বাবে এন এফ ৰে'ল কর্তৃপক্ষই ১২ খন অতিৰিক্ত ৰে'লৰ ব্যৱস্থা কৰিব। তদুপৰি ১৫ ছেপ্টেম্বৰৰ দেওবাৰৰ দিনটোত অনুষ্ঠিত বজাৰসমূহৰ দিন পৰীক্ষাৰ্থীসকলৰ হ'ব লগা ভিৰৰ প্ৰতি লক্ষ্য ৰাখি সলনি কৰিবলৈ অধ্যক্ষ তিৱাৰীয়ে জিলা আয়ুক্তসকলক আহ্বান জনায়।
 
আনহাতে সমগ্ৰ পৰীক্ষা ব্যৱস্থা পৰিচালনা কৰা ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে প্রার্থীৰ সংখ্যা অধিক হোৱাৰ বাবেই সকলোকে যিমান পাৰি সোনকালে নিজ নিজ কেন্দ্রত উপস্থিত থাকিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে পূর্বে পৰীক্ষাত ১০০টা প্রশ্ন আছিল। কিন্তু এইবাৰ ১৫০টা প্রশ্ন থাকিব। প্রত্যেকটো প্ৰশ্নৰ বিপৰীতে থাকিব এক নম্বৰকৈ। একেদৰে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাও ১৫০ নম্বৰৰ হ'ব যদিও ইয়াত ১২৫টা প্রশ্ন ১ নম্বৰৰ আৰু বাকীখিনি প্রশ্নৰ বাবে থাকিব ২ নম্বৰ। ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৩৫টা প্রশ্ন থাকিব। অধ্যক্ষ জৈনে পুনৰ কয় যে নিযুক্তি পৰীক্ষাত এইবাৰ নিগেটিভ নম্বৰৰ ব্যৱস্থা থাকিব। এনে পৰিস্থিতিত পৰীক্ষাত উত্তৰ কৰাৰ ক্ষেত্ৰত প্রার্থীসকলক অতি সাৱধান হ'বলৈ তেওঁ আহ্বান জনায়।
 
উল্লেখ্য যে আয়োগে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ১৫ ছেপ্টেম্বৰৰ পিচতে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত ৫,২৯,৯৮৯ জন, তৃতীয় বৰ্গৰ চালক পদত ২,০৪০৯১ জন, ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেট্রিক পৰ্যায়ৰ চতুর্থ গোট পৰীক্ষাত ৮,২৭,১৩০ জন, অষ্টম শ্রেণী পৰ্যায়ৰ পৰীক্ষাত ৫,৫২,০০২ জন প্রার্থী অৱতীৰ্ণ হ'ব। অর্থাৎ তৃতীয়-চতুর্থ বৰ্গৰ মুঠ ১২,৬০০ পদৰ বাবে অৱতীৰ্ণ হ'ব ৩২ লক্ষাধিক প্রার্থী।