নাহিদ আফ্ৰিনৰ নতুন যুঁজঃ অসমৰ বাল্য বিবাহৰ সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন আদায়ৰ লক্ষ্য

Story by  Munni Begum | Posted by  Munni Begum • 7 Months ago
ইউনিচেফৰ ব্ৰেণ্ড এম্বেছেদৰ অভিনেত্ৰী কৰিণা কাপুৰৰ সৈতে নাহিদ আফ্ৰিন আৰু অন্য ইয়ুথ এডভোকেটসকল (বাঁফালে) আৰু  কৰিণা কাপুৰৰ ফুলাম গামোছাৰে আদৰণি জনোৱাৰ এক দৃশ্য (সোঁফালে)
ইউনিচেফৰ ব্ৰেণ্ড এম্বেছেদৰ অভিনেত্ৰী কৰিণা কাপুৰৰ সৈতে নাহিদ আফ্ৰিন আৰু অন্য ইয়ুথ এডভোকেটসকল (বাঁফালে) আৰু কৰিণা কাপুৰৰ ফুলাম গামোছাৰে আদৰণি জনোৱাৰ এক দৃশ্য (সোঁফালে)
 
মুন্নী বেগম / গুৱাহাটী

অতি কম বয়সতে সংগীতেৰে সমগ্ৰ ভাৰতবৰ্ষত অসমৰ নাম উজ্জ্বলাই তোলাৰ পিছত এইবাৰ আন্তৰাষ্ট্ৰীয় মঞ্চত আন এক সফলতাৰে অসমবাসীক গৌৰবান্বিত কৰিছে সংগীত শিল্পী নাহিদ আফ্ৰিনে। কিয়নো, এইবাৰ নাহিদ আফ্ৰিনে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিছে। শেহতীয়াকৈ তেওঁ ইউনিচেফ ইণ্ডিয়া (UNICEF INDIA)ৰ য়ুথ এডভোকেট (youth advocate) হিচাপে নিৰ্বাচিত হৈছে। 
 
য়ুথ এডভোকেট হিচাপে নাহিদে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব। কিয়নো, কৰিণা কাপুৰে উইনিচেফ ইণ্ডিয়াৰ এম্বেছাদৰ হিচাপে নিযুক্তি পাইছে।  অতি কম বয়সতে ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ইণ্ডিয়ান আইডলৰ খিতাপ জয় কৰাৰ পৰা উইনিচেফ ইণ্ডিয়াৰ য়ুথ এডভোকেট হোৱালৈকে নাহিদৰ যাত্ৰা বহু ঘাট-প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে। 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নাহিদে তেওঁৰ জীৱন আৰু কেৰিয়াৰৰ বহু কথা প্ৰকাশ কৰে।  সাক্ষাৎকাৰটোৰ সম্পূৰ্ণ অংশ তলত উল্লেখ কৰা হ'লঃ

 
প্ৰশ্ন: নাহিদ  তোমাক শেহতীয়াভাৱে ইউনিচেফ ইণ্ডিয়াই ইয়ুথ এডভোকেট হিচাপে বাচনি কৰিছে। য'ত তুমি বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিনা কাপুৰৰ সৈতে কাম কৰাৰ সুযোগ পাবা। তোমাক এই দ্বায়িত্বৰ বাবে কিয় বাচনি কৰা হৈছে আৰু এই নতুন দ্বায়িত্বত তোমাৰ ভুমিকা কেনেকুৱা হব? 
 
উত্তৰ: প্ৰথমে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছো, যিসকলে মোক শুভেচ্ছাবাণী আৰু আশীৰ্বাদৰ বাৰ্তা প্ৰেৰণ কৰিছে। লগতে মই ইউনিচেফ ইণ্ডিয়াকো ধন্যবাদ জনাব বিচাৰিছো, কিয়নো তেওঁলোকে মোক তেওঁলোকৰ ইয়ুথ এডভোকেট হিচাপে নিৰ্বাচিত কৰিছে। এইখিনিতে মই এটা সৰু ঘটনা আপোনালোকৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছো যে, ২০১৮ চনত ইউনিচেফ ইণ্ডিয়াই মোক উত্তৰ পূৰ্বাঞ্চলৰ বাবে 'ছাইল্ড ৰাইট চেম্পিয়ন' হিচাপে নিৰ্বাচন কৰিছিল। সেই দ্বায়িত্ব গ্ৰহণ কৰি ইউনিচেফ ইণ্ডিয়াৰ সৈতে অসমৰ হৈ মই দুবছৰ কাম কৰিছিলো। সেই সময়ত মই বাল্য বিবাহৰ ওপৰত কাম কৰি আছিলো। মই অসমৰ বিভিন্ন ঠাইলৈ গৈ বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰো বহু প্ৰয়াস কৰিছো। 
 
সেই সময়তে অসম বিধান সভাত ইউনিচেফে বাল্য বিবাহ সন্দৰ্ভত এক অনুষ্ঠান আয়োজন কৰিছিল। এই অনুষ্ঠানত বাল্য বিবাহে সমাজত পেলোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে বিধান সভাৰ অধ্যক্ষৰ ওচৰত এক প্ৰতিবেদন দাঙি ধৰা হৈছিল আৰু কেনেদৰে ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰি, সেই সন্দৰ্ভত আলোচনা কৰা হৈছিল। ২০২০ চনলৈ মই এই কামৰ সৈতে জড়িত হৈ আছিলো। ইয়াৰ পিছত শেহতীয়াকৈ অৰ্থাৎ ২০২৩ চনত ইউনিচেফ ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা মোলৈ এটা ফোন আহিছিল আৰু মোক তেওঁলোকৰ য়ুথ এডভোকেট হিচাপে মনোনিত কৰা হৈছে বুলি জনাইছিল। তেওঁলোকে এই পদবীৰ বাবে মোৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা মোৰ দৰে কেইবাগৰাকীও যুৱক-যুৱতীক মনোনীত কৰিছে। ইয়াৰ পিছত আমাৰ এবছৰীয়া এক কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু অসমৰ বাবে তেওঁলোকে মোক এই দায়িত্ব প্ৰদান কৰিছিল।   
 
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে নাহিদ আফ্ৰিন
 
প্ৰশ্ন: ইউনিচেফ বুলি ক'লে আমি সাধাৰনতে বুজো যে, ই শিশুৰ মানসিক আৰু শাৰীৰিক উন্নয়নৰ বাবে কাম কৰা এটা আন্তৰাষ্ট্ৰীয় সংস্থা। য়ুথ এডভোকেট হিচাপে তুমি, বৰ্তমান শিশুসকলে বিশেষকৈ কন্যা শিশুসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব প্ৰদান কৰিবা?   
 
উত্তৰঃ মই আগতেও কৈছো যে, যোৱা কেইটামান বছৰ অসমত বাল্য বিবাহৰ সমস্যাৰ ওপৰত কাম কৰি আহিছো। আৰু বৰ্তমান যিহেতু মোক ইউনিচেফে তেওঁলোকৰ ইয়ুথ এডভোকেট হিচাপে নিৰ্বাচিত কৰিছে, সেয়েহে এতিয়াটো মই এখন আন্তৰাষ্ট্ৰীয় মঞ্চত এই বিষয়ে কাম কৰিবলৈ সুযোগ লাভ কৰিম, য'ত মই অসমৰ এই বাল্য বিবাহৰ দৰে সমস্যা সমাধানৰ বাবে এখন ডাঙৰ মঞ্চ পাম। 
 
কন্যা শিশু বুলি ক'লে সাধাৰনতে আমাৰ মনলৈ শিক্ষা আৰু স্বাস্থ্য আৰু বিকাশৰ কথা আহে। সেয়ে এইবাৰ মই বাল্য বিবাহৰ লগতে শিশুৰ মানসিক স্বাস্থ্য সন্দৰ্ভতো কাম কৰাৰ চিন্তা কৰি আছো। কাৰণ আজিকালি প্ৰায়ে দেখা যায় যে, আমাৰ বয়সৰ যিসকল ছাত্ৰ-ছাত্ৰী বা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ অধিকাংশই মানসিকভাৱে হতাশগ্ৰস্ত হোৱা দেখা যায়। বিশেষকৈ ১৩-১৯ বছৰীয়া ল'ৰা-ছোৱালীসকলে অধিক মানসিক চাপত ভোগে। কিয়নো, বৰ্তমান সময়খিনি তেওঁলোকৰ বাবে খুবেই বেছি প্ৰতিযোগীতামূলক, ইয়াৰোপৰি তেওঁলোকৰ ওপৰত অভিভাৱকৰ হেঁচা, সমাজিক চাপ থকাৰ লগতে তেওঁলোক নিজৰ কেৰিয়াৰক লৈ ইমানেই বেছি চিন্তা কৰে যে, অৱশেষত তেওঁলোকে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাও দেখা যায়। মই ভাৱো যে ইউনিচেফ ইণ্ডিয়াৰ য়ুথ এডভোকেট হিচাপে এই ক্ষেত্ৰত মোৰো কিছু দ্বায়িত্ব থাকিব আৰু যিহেতু মই কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগতে ডিগ্ৰী কৰি আছো, সেয়ে মই মানসিক চাপত ভোগা লৰা-ছোৱালীবোৰক কেনেদৰে বুজাব পাৰো আৰু তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিম।  
 
 
ইউনিচেফৰ ব্ৰেণ্ড এম্বেছেদৰ কৰিণা কাপুৰৰ সৈতে বিভিন্ন ৰাজ্যৰ য়ুথ এডভোকেটসকল
 
দ্বিতীয়তে, মই শিশুৰ বিকাশৰ ওপৰত কাম কৰাৰ কথা ভাবি আছো। কিয়নো গ্ৰাম্যঞ্চলত প্ৰায়ে দেখা যায় যে শিশু এটি জন্ম হোৱাৰ পিছত, শিশুটিৰ পুষ্টি সন্দৰ্ভত বৰ বিশেষ গুৰুত্ব নিদিয়ে, কিয়নো শিশুটিৰ পুষ্টিৰ ক্ষেত্ৰত গ্ৰাম্যঞ্চলৰ লোকৰ মাজত সঠিক জ্ঞানৰ অভাৱ। শিশু এটিৰ  জন্মৰ পিছতে ব্ৰেষ্ট ফিডিং কিমান যে গুৰুত্বপূৰ্ণ, সেয়াও তেওঁলোকে নাজানে। য়ুথ এডভোকেট হিচাপে মোৰ দ্বায়িত্ব থাকিব যে আমি তেওঁলোকৰ মাজত কেনেদৰে সজাগতা সৃষ্টি কৰিব পাৰিব। 
 
প্ৰশ্নঃ য়ুথ এডভোকেট হিচাপে তোমাৰ ভূমিকা কি হ'ব। অসমত কাম কৰাৰ সুযোগ লাভ কৰিবা নে তুমি? 
 
উত্তৰঃ ইউনিচেফ ইণ্ডিয়াৰ এটা আঞ্চলিক কাৰ্যালয় অসমতো আছে। মই যোৱা ২০১৮চনৰ পৰা ২০২০ চনলৈ তেওঁলোকৰ সৈতে কাম কৰি আছিলো। আৰু এতিয়া যদি য়ুথ এডভোকেট হিচাপে দায়িত্ব লাভ কৰিও মই ইয়াতে কাম নকৰো, এইটো কেনেকুৱা কথা হ'ব। মোৰ প্ৰথম গুৰুত্ব অসমে থাকিব। ইয়াৰোপৰি, দেশৰ অন্য ৰাজ্যত শিশুসকলৰ মাজত কি হৈ আছে, সেই বিষয়ে মই নিজেও গৱেষণা কৰিব লাগিব আৰু বহিঃৰাজ্যৰ আঞ্চলিক কাৰ্যালয়সমূহৰ পৰা সেই সন্দৰ্ভত মোৰ ওচৰলৈ তথ্যও আহিব। ৰাজস্থানত বাল্যবিবাহৰ প্ৰভাৱটো বহু বেছি, সেয়ে মই কেতিয়াবা কেতিয়াবা তালৈও যাব লাগিব।   
 
প্ৰশ্নঃ তুমি কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী হোৱাৰ লগতে এগৰাকী গায়িকা আৰু এতিয়া ইউনিচেফ ইণ্ডিয়াৰ পৰা য়ুথ এডভোকেট হিচাপেও এক নতুন দায়িত্ব লাভ কৰিছা, এই ক্ষেত্ৰত তুমি তোমাৰ দায়িত্বসমূহ কেনেদৰে পালন কৰিবা? 
 
উত্তৰঃ আজিলৈ মই সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি আহিছো। বৰ্তমান মই যিটো বিষয় পঢ়ি আছো, সেটো বিষয় মই পঢ়ি মই খুব ভাল পাওঁ। আচলতে পঢ়াক লৈ মই কেইয়াও বিৰক্তি অনুভৱ নকৰো। কিন্তু এবাৰ মই কিবা এটা কাৰণত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিলো, তেতিয়া মোক মোৰ বিশ্ববিদ্যালয় আৰু শিক্ষাগুৰুসকলে যথেষ্ট সহায় কৰিছিল। আৰু আশা কৰো আগন্তুক দিনতো মোক মোৰ শিক্ষাগুৰুসকলে সহায় কৰিব। যাতে মই মানুহৰ বাবে ভাল কাম কৰি যাব পাৰো। 
 
নাহিদ আফ্ৰিনে সংগীতানুষ্ঠানত গীত পৰিবেশন কৰি থকা মূহুৰ্ত
 
প্ৰশ্নঃ তুমি যিহেতু ২০১৮ চনৰ পৰাই অসমৰ শিশুৰ বাবে কাম কৰি আহিছা। তেনে পৰিপ্ৰেক্ষিতত অসমত শিশুৰ প্ৰধান সমস্যা কি বুলি তুমি ভাবা? 
 
উত্তৰঃ অসমত বাল্যবিবাহৰ সমস্যা বহু বেছি। সেয়েহে এইটো সমস্যা সমাধান কৰাটো মোৰ এটা লক্ষ্যও। মই এতিয়া যিহেতু ইউনিচেফ ইণ্ডিয়াৰ য়ুথ এডভোকেট হিচাপে দায়িত্ব পাইছো, সেয়েহে মই এই সমস্যা বিস্তৃতভাৱে বিয়পি থকা ঠাইসমূহলৈ যাম আৰু তাৰে তথ্যসমূহ সংগ্ৰহ কৰিম, আৰু বিষয়াসকলৰ সৈতে আলোচনা কৰি কি ধৰণে কাম কৰিলে ফলপ্ৰসূ হ'ব, সেই ধৰণে কাম কৰি যাম। আৰু এটা কথা এইবাৰ ভাৰতৰ ৰাজধানী দিল্লীত থকা ইউনিচেফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত কেনেয়াৰ এগৰাকী বিষয়াক লগ পাইছিলো। তেওঁ মোক কৈছিল যে, তেওঁ অতি সোনকালে অসমত আহি মোৰ সৈতে অসমৰ বাল্যবিবাহৰ সমস্যাৰ ওপৰত কাম কৰিব। 
 
মনোস্বাস্থ্যৰ কথা ক'বলৈ গ'লে মই যি দেখিছো গ্ৰাম্যাঞ্চলৰ ল'ৰা-ছোৱালীতকৈ নগৰাঞ্চলৰ ল'ৰা-ছোৱালীহে এই সমস্যাত অধিক আক্ৰান্ত হোৱা দেখা যায়। বৰ্তমান অভিভাৱকৰ হেঁচা, সমাজৰ হেঁচা পাই ল'ৰা-ছোৱালীবোৰে মানসিকভাৱে বহু সমস্যাত ভোগে। আনহাতে, একাংশ ল'ৰা-ছোৱালীয়ে সংগ দোষৰ বাবে কিছু বদ অভ্যাস যেনে, মদ-ভাং-ড্ৰাগছ আদিৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈ পৰে। তেনে ল'ৰা-ছোৱালীসকলে আচলতে নাজানে যে তেওঁলোকে কোন দিশে গতি কৰি আছে বা এই বদ অভ্যাসে যে তেওঁলোকৰ ভৱিষ্যতৰ বিৰূপ প্ৰভাৱ পেলাব। আচলতে তেওঁলোকক ভালকৈ বুজোৱাৰ বাবে তেওঁলোকৰ ওচৰত কোনো নাই, তেনেক্ষেত্ৰত মই তেওঁলোকৰ কণ্ঠ হব বিচাৰো আৰু তেওঁলোকক সহায় কৰিব বিচাৰো। 
 
এক অনুষ্ঠানত নহিদ আফ্ৰিনে ৰেম্প ৱাক কৰাৰ দৃশ্য (বাওঁফালে) আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে নাহিদ আফ্ৰিন (সোঁফালে)
 
প্ৰশ্নঃ তুমি বহুমুখী প্ৰতিভাৰ বাবে পূৰ্বেও বাতৰিৰ শিৰোনাম দখল কৰিছা। ইণ্ডিয়ান আইডলৰ খিতাপ অৰ্জন কৰাৰ পৰাই  ইউনিচেফ ইণ্ডিয়াৰ য়ুথ এডভোকেট হিচাপে তোমাৰ এই যাত্ৰা কিমান প্ৰত্যাহ্বানমূলক আছিল?  
 
উত্তৰঃ মই ভাবো যে, যিকোনো ধৰণৰ যাত্ৰা কেতিয়াও সহজ নহয়। জীৱনত সফলতা লাভ কৰাৰ বাবে সকলোৱে কিবা নহয় কিবা এটা কৰিব লাগিব আৰু কিবা এটা কৰাৰ বাবে নিজৰ লক্ষ্যৰ দিশে যেতিয়া আগবাঢ়ি যোৱা হয়, তেতিয়া সেই বাটত বহু ঘাট-প্ৰতিঘাটৰ সন্মুখীন হবলগীয়া হয়। কিন্তু সেই ঘাট প্ৰতিঘাটবোৰ জীৱনত অহাটো খুবেই জৰুৰী। এটা সময়ত খুব বেয়া লাগে বা দুখ লাগে যে, কিয় মোৰ লগতে এনেকুৱা হৈ আছে। কিন্তু আজি মই যি হৈছো, সেই ঘাট প্ৰতিঘাটবোৰৰ বাবেই হৈছো। সেইবোৰ প্ৰত্যাহ্বান নাহিলে আজি চাগে মই আপোনাৰ সৈতে বহি কথা ক'ব নোৱাৰিলো হয়। এই ক্ষেত্ৰত মোৰ মা-দেউতা তথা মোৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যও জড়িত হৈ আছে। কিয়নো তেওঁলোকে মোক সদায়ে সকলো ক্ষেত্ৰতে সমৰ্থন কৰি আহিছে কেতিয়াও হতাশ হৈ ভাগি পৰিব দিয়া নাই। তেওঁলোকৰ সমৰ্থনৰ বাবে মই এক মানসিক শক্তি লাভ কৰো যিয়ে মোক আগবাঢ়ি যোৱাত সহায় কৰে।  
 
প্ৰশ্নঃ তুমি অসমীয়া চিনেমাৰ লগতে বলিউডৰ চিনেমাতো কণ্ঠদান কৰিছা, আৰু তুমি বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী, এনে পৰিপ্ৰেক্ষিতত ভৱিষ্যতে তুমি নিজকে কি বুলি পৰিচয় দিবলৈ ভাল পাবা? 
 
উত্তৰঃ বহুতে মোক এই কথাটো সোধে। আচলতে মই সংগীত, শিক্ষা আৰু সমাজসেৱা সকলো ক্ষেত্ৰতে সাধানা কৰি গৈ আছো। কিন্তু মই ভাবো সাধনা এটা পৰ্যায়লৈহে কৰা যায়, কিন্তু অন্তিমত তুমিনো কি হ'বা....,কিন্তু ময়ো জনা নাছিলো যে, মই ইউনিচেফৰ ইয়ুথ এডভোটেত হিচাপে নিৰ্বাচিত হম আৰু সেই বুলি নিজকে চিনাকী দিব পাৰিম। মই এটায়ে কথাই ভাবো মই কৰ্ম কৰি যাম। সংগীতৰ ক্ষেত্ৰত আছো সাধানা কৰি যাম। মনোবিজ্ঞান পঢ়ি আছো তাতো সাধনা কৰি যাম, কাৰন মোৰ বাবে শিক্ষাটো বহু প্ৰয়োজন। সমাজসেৱাৰ কামত আহিছো মানুহৰ বাবে কাম কৰি যাম। অন্তিমত ভাগ্যৰো কিছু কথা থাকে আল্লা বা ভগৱানে যি লিখিছে সেয়াই হ'ব। কিন্তু আমি এগৰাকী ভাল মানুহ হবলৈ চেষ্টা কৰিব লাগে। নিজকে ভাল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে। সেয়ে, মইয়ো ভাল কাম কৰি যাম, যাৰ বাবে মানুহ বা সমাজখন উপকৃত হয়। মই বিচাৰো মোৰ মৃত্যুৰ পিছত মোৰ কামে যাতে মানুহক উপকৃত কৰে আৰু মানুহে মোৰ ভাল নাম লয় যে নাহিদ এজনী ভাল ছোৱালী আছিল।
 
এক অনুষ্ঠানত নাহিদ আফ্ৰিনে বঁটা লাভ কৰাৰ এক মূহুৰ্ত
 
প্ৰশ্নঃ ল'ৰাৰ তুলনাত ছোৱালীৰ সফলতাৰ পথটো অতিকে প্ৰত্যাহ্বানমূলক হয়, তুমি এনে প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিলা নেকি? যদি হৈছা তুমি কেনেদৰে মোকাবিলা কৰিছা? 

উত্তৰঃ সোভাগ্যক্ৰমে মই নিজৰ ব্যক্তিগত জীৱনত কেতিয়াও লিংগ বৈষম্যতাৰ সন্মুখীন হোৱা নাই। মোক এগৰাকী ছোৱালী বুলি মোক মোৰ পৰিয়ালে কেতিয়াও কোনো কামত বাধা দিয়া নাই। কিন্তু মোৰ এনে বহুতো বন্ধু-বান্ধৱী আছে, যিসকলে এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে। মই এইটো ক্ষেত্ৰত ল'ৰা-ছোৱালীবোৰক কেতিয়াও ভূল ধৰিব নোৱাৰো বা বেয়া সিহঁতক বেয়া বুলি কব নোৱাৰো। কিয়নো আমাৰ অভিভাৱকসকলে লৰা-ছোৱালীৰ সন্মুখত এইটো পাৰ্থক্য লৈ আহে। যাৰ বাবে বহু ছোৱালীয়ে আত্মবিশ্বাস হেৰুৱাই নিজে কৰিব পৰা কামটোও নকৰি ঘৰতে বহি থাকে। কিন্তু আমাৰো এই ক্ষেত্ৰত দায়িত্ব থাকে যে আমি তেনে পৰিয়াললৈ গৈ আভিভাৱকসকলক বুজাব লাগে। তেওঁলোকে  ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নকৰি দুয়োগৰাকীকে সমানে আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিব লাগে। কোনো কামতে লিখা নাথাকে যে এইটো ল'ৰাই কৰিব পাৰিব ছোৱালীয়ে নোৱাৰে আৰু এইটো ছোৱালীয়ে কৰিব লাগিব ল'ৰাই নালাগে। এই ক্ষেত্ৰত আমাৰ অভিভাৱক সকলেহে সজাগ হোৱাৰ দৰকাৰ।   
 
প্ৰশ্নঃ যুৱ সমাজৰ বাবে তুমি এগৰাকী ৰ'ল মডেল। বৰ্তমানৰ যুৱ সমাজৰ বিশৃংখলতা আৰু অন্যান্য নেতিবাচক দিশ বিলাকৰ প্ৰতি লক্ষ্য ৰাখি তুমি  কি বাৰ্তা দিব বিচৰা।  
 
উত্তৰঃ কেতিয়াবা মইয়ো মানসিকভাৱে ভাগি পৰো, মোৰো চিন্তা আহে যে কি হ'ব বা কি হৈ আছে। কিন্তু মই বহু সফল আৰু অভিজ্ঞলোকক লগ পাইছো। তেওঁলোকে মোক এটায়ে কথা কৈছিল যে, নাহিদ তুমি সদায় যি কৰিছা সততাৰে কৰিবা 'Be truthfull to yourself'। কোনো লোককে নকল কৰি নচলিবা। সেয়ে মই কোনো লোককে নকল কৰি নচলো। কাৰোবাৰ পৰা অনুপ্ৰাণিত হোৱাটো বেলেগ কথা বা কাৰোবাৰ দৰে হ'ব বিচৰাটো বেলেগ কথা। কিন্তু এই প্ৰেৰণাটো নিজৰ ভিতৰতে ৰাখি নিজৰ সুকীয়া লক্ষ্যৰ দিশে মই আগবাঢ়ি যাওঁ। 
 
 
এক সাংস্কৃতিক অনুষ্ঠানত কণ কণ শিশুৰ সৈতে নাহিদ আফ্ৰিন
 
মোৰ বয়সৰ যিসকল ল'ৰা-ছোৱালী আছে বা মোতকৈ সৰু যিসকল ভাইটি-ভণ্টী আছে, মই তেওঁলোকক ক'ব বিচাৰো যে, নিজৰ সত্তাটোক জীয়াই ৰাখিব লাগিব, আনক নকল কৰিব নালাগে। আৰু আনৰ সৈতে প্ৰতিযোগীতাও কৰিব নালাগে। যদি মই নিজেই কেতিয়াবা আনৰ সৈতে প্ৰতিযোগীতা কৰিব গৈছো, তেন্তে মই নিজে অশান্তিত ভুগিছো। যিটোত মোৰ ব্যক্তিগত অভিজ্ঞতা আছে।  সদায় নিজৰ লগতে প্ৰতিযোগিতা কৰিব লাগে আৰু কালিতকৈ আজি মই আৰু ভাল কৰিম বুলি আগবাঢ়ি যাব লাগে। কোনো ব্যক্তিয়ে যিমানে সফলতা লাভ নকৰক কিয় নিজে সদায়ে অমায়িক হৈ থাকিব লাগে, কেতিয়াও অহংকাৰী হ'ব নালাগে, কিয়নো অহংকাৰে পতনৰ মূল বুলি আমি সকলোৱে জানো।