ফটোৰে বন্যপ্ৰাণী সংৰক্ষণৰ কথা কোৱা নেজিব আহমেদ জিলিকিছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত

Story by  atv | Posted by  [email protected] • 2 Years ago
নেজিব আহমেদ
নেজিব আহমেদ
আৰিফুল ইছলাম / গুৱাহাটী
 
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলিছে দৰঙৰ দলগাওঁৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ (Wildlife Photographer) নেজিব আহমেদ। শেহতীয়াকৈ Nature in Focus নামৰ অনুষ্ঠানটোৱে বেংগালুৰুত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতাত তেওঁ বিজয়ী হ'বলৈ সক্ষম হৈছে। ২০০৮ চনৰ পৰা Wild life photography আৰম্ভ কৰা নেজিব আহমেদে যিখন ফটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিযোগিতাখনত বিজয়ী সন্মান অৰ্জন কৰিছে, সেই ফটোখন শোণিতপুৰ জিলাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৰছলা গাঁওৰ। 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেজিব আহমেদে কয়; "যিখন ফটো মই তুলিছিলোঁ, সেই ঠাইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত। সেই অঞ্চলত আগে-পিছেও বাঘ ওলায়ে থাকে। ফটো উঠোৱাৰ দিনটো আছিল উৰুকাৰ দিন। তাৰ আগতেও মই তাত বিভিন্ন সজাগতামূলক কাম-কাজৰ বাবে গৈছিলোঁ। লগতে WWF আৰু Aranyakৰ সৈতেও মই কাম কৰোঁ আৰু National tiger conservation authority ৰ লগতো মই অলপ জড়িত।'
 
আন্তঃৰাষ্ট্ৰীয় খিতাপ পাবলৈ সক্ষম হোৱা নেজিব আহমেদৰ ফটোখন
 
'গতিকে সেই অঞ্চলবোৰত বাঘ সম্পৰ্কীয় সজাগতামূলক অনুষ্ঠানত মোক আমন্ত্ৰণ কৰে। তালৈ মই প্ৰায়ে যাও। সেইদিনা মই যোৱা সময়তে তাত এটা ওলাইছিল। তাত গৈ দেখিলো পৰিস্থিতি ভয়ংকৰ। বহু ডাঙৰ এখন খালী পথাৰ আৰু চাৰিওফালে মানুহ। আৰক্ষী আৰু বনবিভাগৰ কৰ্মচাৰীয়ে মানুহক সুৰক্ষা দিবৰ বাবে চেষ্টা কৰি আছে। কিন্তু সকলোৰে মানসিকতা একে নহয়। অঞ্চলটোৰ কেইজনমান লোকে মূৰ্খৰ দৰে বাঘটোক খেদিব গৈছিল। ভাগ্য ভাল তেওঁলোকৰ একো নহ'ল। সেই খেদা-খেদি কৰি থকা সময়তে মই ফটোখন তুলিবলৈ সক্ষম হৈছিলোঁ।" তেওঁ পুনৰ কয়।
 
নেজিব আহমেদৰ কেমেৰাত বন্দী হোৱা ময়ূৰৰ মনোমোহা দৃশ্য
 
উল্লেখ্য যে, Wild Life ফটোগ্ৰাফাৰ হোৱাৰ উপৰিও নেজিব আহমেদে জীৱ-জন্তু সংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। "জীৱ-জন্তুৰ লগত মানুহৰ সংঘাত হোৱাৰ একমাত্ৰ কাৰণ হৈছে জীৱ-জন্তুৰ বাসস্থান হেৰুওৱা। যিটো আমাৰ মানুহৰ বাবেই হৈ আছে। সমগ্ৰ ভাৰতবৰ্ষতে জীৱ-জন্তু আৰু মানুহৰ মাজত হোৱা সংঘাতৰ কাৰণ হৈছে মানুহ। হাতী-মানুহৰ সংঘাত আমি প্ৰায়ে দেখিবলৈ পাওঁ। হাতীৰ যিটো ৰাস্তা থাকে, সেইটো যিমান পুৰণি নহওক কিয়, সদায় হাতীয়ে সেই ৰাস্তাই ব্যৱহাৰ কৰে। সেই ৰাস্তাত যেতিয়া ডাঙৰ ডাঙৰ দেৱাল বা উদ্যোগ গঢ়ি উঠিব। তেতিয়া হাতীৰ সমস্যা হ'বই। সেই সংঘাত সমূহ দূৰ কৰিবলৈ মানুহে বহু কাম কৰিব পাৰে। জীৱ-জন্তু সংৰক্ষণত বৈজ্ঞানিক পদ্ধতিৰো সহায় ল'ব পাৰে। মানুহে যিমানেই জীৱ-জন্তুৰ বাসস্থান ভাঙিব, সিমানেই মানুহৰ লগত সংঘাত হ'ব। মানুহৰ মাজত এই বিষয়বোৰকলৈ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। নহ'লে সমস্যা সমাধান হোৱাৰ বিপৰীতে বৃদ্ধিহে হৈ থাকিব।"
 
নেজিব আহমেদে তোলা ফটো
 
Wild Lifeৰ বিভিন্ন কামকাজৰ উপৰিও 'ফটোগ্ৰাফাৰ অফ দ্য ৱৰ্ল্ড' প্ৰতিযোগিতাতো নেজিব আহমেদে অংশগ্ৰহণ কৰিছে। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি ফটোগ্ৰাফাৰজনে কয়; "আমাৰ ইয়াতে উলুমৰা নামৰ এবিধ চৰাই দেখিবলৈ পোৱা যায়। এই চৰাইটো কাজিৰঙা, মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো পোৱা যায়। শেহতীয়া তথ্য অনুসৰি, উলুমৰা চৰাইটো বৰ্তমান বিশ্বজুৰি এক হাজাৰতকৈ কম সংখ্যক আছে। সেই চৰাইটোৰ ওপৰত যদি মই কিবা এটা কৰিব পাৰো তেন্তে মই নিজেই সন্তোষ পাম। আনহাতে, আমাৰ এই অঞ্চলবোৰত ৰামশিয়াল আৰু শিয়ালৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে। মই যেতিয়া দলগাওঁলৈ ওলাই যাওঁ, মই দেখা পাওঁ যে ৰাস্তাত এটা-দুটা শিয়াল মৰি থাকে। সেই কথাটোত বৰ্তমান কাৰো দৃষ্টিগোচৰ হোৱা নাই। গতিকে এইবোৰ বস্তুৰ ওপৰত যদি আমি গুৰুত্ব নিদিও, তেন্তে এই জন্তুবোৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব।"
দৰং জিলাৰ অন্তৰ্গত দলগাওঁৰ অলিপুৰ ৰোডৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক মহম্মদ নাজিমুদ্দিন আহমেদৰ পুত্ৰ নেজিব আহমেদ লিখা-মেলাৰ লগতো জড়িত। নেজিব আহমেদ আৰু চম্পক গোস্বামীয়ে Wild Life and Ecotourism শীৰ্ষক এখন কিতাপ লিখি উলিয়াইছিল। কিতাপখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্গত। Births of Orang শীৰ্ষক আৰু এখন কিতাপ ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু গ্ৰন্থখন এই সপ্তাহতে মুকলি কৰাৰ চিন্তাচৰ্চা কৰা হৈছে।
নেজিব আহমেদে কয় যে ফটোগ্ৰাফীতকৈ সংৰক্ষণ অত্যন্ত বেছি প্ৰয়োজন। এই পৃথিৱীত প্ৰত্যেকটো জীৱ-জন্তু থকাৰ প্ৰয়োজন আছে। সেয়া লাগিলে প্ৰত্যক্ষ ভাবেই হওক বা পৰোক্ষ ভাবেই হওক। জীৱ-জন্তু জীয়াই থাকিলেহে ফটোগ্ৰাফৰে ফটো উঠাব পাৰিব।