যুৱ প্ৰজন্মক ৭০ ঘণ্টাকৈ কাম কৰাৰ পৰামৰ্শ নাৰায়ণ মূৰ্তিৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
নাৰায়ণ মূৰ্তি
নাৰায়ণ মূৰ্তি
 
নতুন দিল্লী
 
চীনৰ দৰে দেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ভাৰতৰ যুৱ প্ৰজন্মই সপ্তাহত কমেও ৭০ ঘণ্টাকৈ কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব বুলি পৰামৰ্শ আগবঢ়াইছে প্রসিদ্ধ উদ্যোগপতি নাৰায়ণ মূৰ্তিয়ে। 
 
ইনফ’ছিছৰ সহযোগী প্ৰতিষ্ঠাপক নাৰায়ণ মূর্তিয়ে কয় যে ভাৰতৰ কৰ্মসৃষ্টিশীলতা বিশ্বৰ বিকশিত দেশসমূহৰ তুলনাত এতিয়াও নিম্ন স্তৰতে আছে। ইনফ'ছিছৰ প্ৰাক্তন চি এফ অ' মোহন দাসৰ পাইৰ সৈতে হোৱা এক সাক্ষাতত এই কথা উল্লেখ কৰে নাৰায়ণ মূর্তিয়ে। 
 
এই সন্দৰ্ভত মূর্তিয়ে কয়, "যদিহে আমি চীন আৰু জাপানৰ দৰে দ্রুতগতিত বিকশিত দেশসমূহৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বিচাৰো, তেতিয়া হ'লে আমাৰ কৰ্ম সৃষ্টিশীলতা বৃদ্ধি কৰিব লাগিব। বৰ্তমান আমাৰ কৰ্মসৃষ্টিশীলতাৰ পৰিমাণ যথেষ্ট কম। এইক্ষেত্ৰত চৰকাৰেও আমোলাতন্ত্ৰৰ দুৰ্নীতি ৰোধ কৰি ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব লাগিব। আমাৰ যুৱ প্ৰজন্মই সপ্তাহত কমেও ৭০ ঘণ্টাকৈ কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব।" 
 
মূর্তিয়ে এক প’ডকাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰি পাইৰ আগত উল্লেখ কৰে যে ভাৰতৰ যুৱ প্ৰজন্মই নিজৰ দেশৰ অৰ্থনীতিক আগুৱাই নিয়াৰ মানসকিতাৰে কাম কৰি যাব লাগিব। এইক্ষেত্ৰত এক উদাহৰণ দাঙি ধৰি তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত জাৰ্মানী আৰু জাপানৰ নাগৰিকসকলে নিজৰ দেশৰ স্বাৰ্থত পূৰ্বৰ তুলনাত অধিক সময় কামত নিয়োজিত হৈ আছিল।