নকুল শিৱানী / নতুন দিল্লী
কাশ্মীৰ এতিয়া সলনি হৈছে। এটা সময়ত বোমা-বাৰুদৰ ক'লা ধোৱাই ছানি ধৰা কাশ্মীৰৰ আকাশত এতিয়া প্ৰতিধ্বনিত হৈছে উপত্যকাটোৰ যুৱ-প্ৰজন্মৰ খেলুৱৈসকলৰ আনন্দ আৰু হৰ্ষোল্লাসৰ শব্দ। হিংসা আৰু ৰাজনৈতিক অনিশ্চয়তাই দশক দশক ধৰি অস্থিৰ কৰি ৰখা কাশ্মীৰ আজি ক্ৰীড়াক্ষেত্ৰখনত বহু দূৰ আগবাঢ়ি গৈছে।
শেহতীয়াকৈ শ্ৰীনগৰত অনুষ্ঠিত জি-২০ বৈঠকৰ সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলে ফ্লাডলাইটৰ তলত ক্ৰীড়া ইভেণ্ট আয়োজনৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে কাশ্মীৰৰ ক্ৰীড়াৰ পৰিৱেশে চৰ্চা লাভ কৰিছে। উপত্যকাটোৰ জনসাধাৰণে নিশালৈকে বাহিৰত থাকি ফুটবল আৰু হকী মেচ উপভোগ কৰাৰ এক সুন্দৰ পৰিৱেশ তাত বিৰাজ কৰিছে।
এইখিনিয়েই যথেষ্ট নহয়, শ্ৰীনগৰৰ বিভিন্ন প্ৰান্তত থকা অসংখ্য খেলপথাৰত সৰু সৰু ল’ৰা-ছোৱালীবোৰে বিভিন্ন খেলত অংশ লৈ হৰ্ষোল্লাস কৰি থকা দেখি আপুনি হয়তো আচৰিত হ’ব। ক্ৰীড়া আজি ইয়াৰ মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। চৰকাৰে ক্ৰীড়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগে লগে এতিয়া অধিক সংখ্যক যুৱক-যুৱতীয়ে ইয়াক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি লৈছে। কোনোবাই ইয়াক গঠনমূলক চখ হিচাপে গ্ৰহণ কৰিছে, আৰু আন কোনোবাই খেলক পেছা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে নিৰন্তৰ অনুশীলন চলাই আছে।
হিজাব পৰিধান কৰি এগৰাকী যুৱতীয়ে অনুশীলন কৰি আছে
জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ সম্পাদক নুজাট গালে কয় যে তেওঁলোকৰ লক্ষ্য হৈছে কাশ্মীৰৰ ৭০ লাখ লোকক ক্ৰীড়াৰ সৈতে জড়িত কৰা। উপত্যকাটোত এতিয়া প্ৰায় দৈনিক কিবা নহয় কিবা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। বিদ্যালয় পৰ্যায়ৰ, জিলা পৰ্যায়ৰ চেম্পিয়নশ্বিপ নিয়মীয়াকৈ চলি আছে।
নুজাটে লগতে কয়, “আমি ইয়াত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ় দিব বিচাৰিছো। সেয়ে শিশুসকলকো খেলৰ মাজলৈ লৈ আহিছো। মহিলামুখী ক্ৰীড়াক বিশেষ গুৰুত্ব দিয়া হৈছে আৰু আমি চৰকাৰী কৰ্মচাৰীকো এই প্ৰচেষ্টাত জড়িত কৰিছো।”
অঞ্চলটোৰ পৰিস্থিতি অধিক শান্তিপূৰ্ণ হৈ পৰাৰ লগে লগে চৰকাৰে কাশ্মীৰৰ যুৱক-যুৱতীসকলক দেশৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ তৈয়াৰ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ বাবে নতুন নতুন ট্ৰেক আৰু খেলপথাৰ মুকলি কৰিছে।‘মাই য়ুথ মাই প্ৰাইড’ নামৰ এক পদক্ষেপ আৰম্ভ কৰা হৈছে য’ত কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে দূৰ-দূৰণিৰ গাঁৱৰ কণমানি ল’ৰা-ছোৱালীসকলক জম্মু-কাশ্মীৰক দেশৰ ক্ৰীড়াৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত অন্তৰ্ভুক্ত কৰিবলৈ সহযোগিতা আগবঢ়ায়। অভিভাৱক আৰু গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ সৈতে যোগাযোগ কৰি যুৱ প্ৰজন্মৰ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত খেলৰ গুৰুত্বৰ বিষয়ে বাৰ্তা বিয়পাই দিয়া হয়।
শ্ৰীনগৰত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ মুহূৰ্ত
"ইয়াত বহুত প্ৰতিভা আছে। মাত্ৰ ইয়াক চিনাক্ত কৰি আগুৱাই নিব লাগিব আৰু তেওঁলোকক এখন মঞ্চ প্ৰদান কৰিব লাগিব। আমি উপত্যকাটোৰ যুৱক-যুৱতীসকলক খেলৰ সৈতে জড়িত কৰিছো। এতিয়া তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত ঠাই আছে আৰু সন্ধিয়া দেৰিলৈকৈ ওলাই যাব পাৰে।”-নুজাট গালে কয়।
উল্লেখ্য যে, এটা সময়ত সন্ত্ৰাসবাদীৰ ৰম্যভূমি হিচাপে পৰিচিত কাশ্মীৰ উপত্যকাৰ যুৱক-যুৱতীসকলক সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত ক্ৰীড়াই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সেয়ে, চৰকাৰে ইয়াত উন্নত আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।
হকীৰ বাবে শেহতীয়াকৈ এষ্ট্ৰ’-টাৰ্ফ স্থাপন কৰা হৈছে, প্ৰতিখন জিলাতে খেলো ইণ্ডিয়া কেন্দ্ৰ আছে য’ত থকা শ্ৰেষ্ঠ প্ৰশিক্ষকসকলে বিশ্বমানৰ সুবিধাৰে সম্ভৱনাময় ক্ৰীড়াবিদসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত সম্প্ৰতি দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক খেলো ইণ্ডিয়া কেন্দ্ৰ আছে। ইয়াত ৪০০০ৰো অধিক উচ্চাকাংক্ষী খেলুৱৈয়ে কিছুমান শ্ৰেষ্ঠ প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইয়াৰ উপৰিও জম্মু আৰু কাশ্মীৰ ক্ৰীড়া পৰিষদে অঞ্চলটোত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (Sports Authority Of India)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
কাশ্মীৰৰ এখন মাৰ্চিয়েল আৰ্টছ একাডেমীত প্ৰশিক্ষণত ব্যস্ত দুগৰাকী যুৱতী
ভাৰতৰ হৈ খেলাৰ সপোন দেখা বহুকেইগৰাকী হিজাব পৰিহিত উদীয়মান ফেন্সাৰ, ভাৰোত্তোলক আৰু ফুটবলাৰে এদিন দেশৰ জাৰ্চি পিন্ধাৰ লক্ষ্যৰে অনুশীলন অব্যাহত ৰাখিছে। লগতে আধুনিক আন্তঃগাঁথনিৰে গঠিত ষ্টেডিয়ামসমূহত নিয়মীয়াকৈ যোগাসন চলি আছে। আচৰিত কথাটো হ’ল কাশ্মীৰত ক্ৰীড়াক জীৱনশৈলী হিচাপে গ্ৰহণ কৰাত কণমানি ছোৱালীসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
দেশৰ একমাত্ৰ হিজাব পৰিহিত ভাৰোত্তোলকসকলৰ ভিতৰত অন্যতম ছালবীনাই কয়,’ “আগতে ইয়াত কোনো আন্তঃগাঁথনি নাছিল। অভিভাৱকসকলেও নিজৰ ছোৱালীক বাহিৰলৈ পঠিয়াবলৈ ভয় কৰিছিল। কিন্তু যোৱা দুই-তিনি বছৰত কথাবোৰ সলনি হৈছে। মইও মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখিব পাৰিছো”।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈ ইনায়ত হুছেইনে কয়, “আগতে হকী দলৰ কেন্দ্ৰস্থল আছিল জম্মু। উপত্যকাটোত আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হকীৰ বাবে কোনো আন্তঃগাথনি প্ৰায় নাছিলেই। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। আজিৰ তাৰিখত এই সুবিধাসমূহ বিশ্বমানৰ, যিয়ে অধিক সংখ্যক যুৱক-যুৱতীক আকৰ্ষণ কৰিছে।”
এখন মহিলা ক্ৰিকেট খেল
কেৱল উপত্যকাটোত ১৫টাতকৈও অধিক হকী ক্লাব থকাটোৱে ইতিবাচক পৰিৱৰ্তনৰ কথাকে প্ৰমাণ কৰে। হকীক জম্মু আৰু কাশ্মীৰৰ ক্ৰীড়া সংস্কৃতিৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে। শ্ৰীনগৰৰ মাজমজিয়াত থকা প্ৰখ্যাত প’ল’ খেলপথাৰখনক বিশ্বমানৰ এষ্ট্ৰ’-টাৰ্ফলৈ ৰূপান্তৰিত কৰা হৈছে।
ইয়াৰ জনসাধাৰণে দৈনন্দিন জীৱনৰ সৈতে ক্ৰীড়াক একত্ৰিত কৰি তোলাৰ আন এক প্ৰমাণ হ'ল চলিত বৰ্ষৰ আৰম্ভণিতে গুলমাৰ্গত শীতকালীন খেলৰ সফল আয়োজন। এই ইভেণ্টত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী প্ৰামানিকে খেলৰ সামৰণি অনুষ্ঠানত উপত্যকাটোৰ প্ৰতিখন গাঁৱত ক্ৰীড়া আন্তঃগাথনি বিকশিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰিছিল।
প্ৰামানিকে কয়, "যোৱা দুবছৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাতে ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছে, ইয়াৰ উপৰিও প্ৰতিখন পঞ্চায়ততে খেলপথাৰ নিৰ্মাণ কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ খেলুৱৈসকলে বিভিন্ন শাখাত সৰ্বাধিক পদক লাভ কৰা প্ৰতিযোগিতাখনৰ সফল পৰিসমাপ্তিয়ে পুনৰবাৰ দেশৰ ‘শীতকালীন ক্ৰীড়াৰ ৰাজধানী’ হিচাপে কাশ্মীৰৰ সুনাম প্ৰতিষ্ঠা কৰে।"
শ্ৰীনগৰত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় শিবিৰত কেইগৰাকীমান উশ্বু খেলুৱৈ
কাশ্মীৰত সমৰকলাৰ প্ৰশিক্ষক হিচাপে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ২০২২ চনত পদ্ম বঁটা বিজয়ী ফৈজাল ডাৰে কয় যে যোৱা দুবছৰত চৰকাৰে এনে ব্যৱস্থা স্থাপনৰ প্ৰচেষ্টা চলাইছে, যাতে উপত্যকাটোৰ খেলুৱৈসকলে সঠিক আৰু শ্ৰেষ্ঠ সুবিধা লাভ কৰে।
“কাশ্মীৰী যুৱক-যুৱতীসকলে তেওঁলোকৰ নিয়ন্ত্ৰণত নথকা পৰিস্থিতিৰ বাবে নিজৰ আটাইতকৈ গঠনমূলক বছৰবোৰ অপচয় হোৱা দেখিছিল। অৱশেষত তেওঁলোকে ক্ৰীড়াক জীৱনশৈলী হিচাপে গ্ৰহণৰ এক সুযোগ লাভ কৰিছে।” তেওঁ কয়।
উপত্যকাটোৰ বিভিন্ন জিলাসমূহত ৩৫খনকৈ সমৰকলাৰ একাডেমী পৰিচালনা কৰা ফৈজাল ডাৰে কয়, “এতিয়া আমাক যি মঞ্চ প্ৰদান কৰা হৈছে, সেই মঞ্চই কাশ্মীৰৰ সন্ত্ৰাসজৰ্জিৰত জিলাসমূহৰ যুৱক-যুৱতীসকলক সপোন আৰু আকাংক্ষাৰে সবল কৰি তোলাত সহায় কৰিছে।”
শ্ৰীনগৰত ফ্লাডলাইটৰ তলত অনুষ্ঠিত এখন হকী খেল
অৰ্জুন বঁটা বিজয়ী সমৰকলাৰ প্ৰশিক্ষক কুলদীপ হাণ্ডুৱে কয় যে আজি ইয়াত যি ডাঙৰ পৰিৱৰ্তন দেখা পাইছো, সেয়া হ’ল আমাৰ সৰু ল’ৰা-ছোৱালীবোৰে ডাঙৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। ইয়াত আপুনি কথা পতা প্ৰতিজন উচ্চাকাংক্ষী ক্ৰীড়াবিদে ভাৰতৰ জাৰ্চি পৰিধান কৰাৰ সপোনৰ কথা কয়। আৰু প্ৰতিজন প্ৰশিক্ষকে ভাৰতৰ হৈ অলিম্পিকৰ পদক জয় কৰিব পৰা ক্ৰীড়াবিদ জন্ম দিয়াৰ সপোন দেখে।
ফৈজাল ডাৰে কাশ্মীৰক লৈ তেওঁ সততে দেখা এটা সপোনৰ কথা এইদৰে কয়, “কল্পনা কৰকচোন, এজন কাশ্মীৰীয়ে ভাৰতৰ হৈ অলিম্পিকৰ পদক লাভ কৰিছে। সেই দিনটো কিমান ধুনীয়া আৰু স্মৰণীয় হ’ব, যিদিনা মোৰ এজন প্ৰশিক্ষাৰ্থীয়ে ভাৰতৰ হৈ অলিম্পিকত পদক লাভ কৰিব।”