মেহক বান্দে / নতুন দিল্লী
উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাংগিশাৰ্ট (Hangishart) গাঁৱৰ ২১ বছৰীয়া ওৱাইছ মনজুৰে অঞ্চলটোৰ প্ৰথমজন কমাৰ্চিয়েল পাইলট হৈ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। শৈশৱৰে পৰা নীল আকাশত উৰাৰ সপোন দেখা যুৱকজনে শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াত যোগদান কৰিছে।
এই প্ৰতিবেদকে মনজুৰৰ শৈশৱ আৰু তেওঁৰ কেৰিয়াৰ সন্দৰ্ভত মতামত জানিবলৈ ইমেইলৰ জৰিয়তে কেইটামান প্ৰশ্ন প্ৰেৰণ কৰিছিল। এই বাৰ্তালাপত ওৱাইছ মনজুৰে তেওঁৰ সফলতাৰ যাত্ৰা আৰু প্ৰত্যাহ্বানসমূহ আৱাজ দ্য ভইচৰ সন্মুখত প্ৰকাশ কৰে।
প্ৰশ্নঃ পাইলট হোৱাটো আপোনাৰ শৈশৱৰ সপোন আছিল নেকি? পাইলট হোৱাৰ যাত্ৰা আৰু এই যাত্ৰাপথত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে আমাক জনাওক।
উত্তৰঃ হয়, মোৰ শৈশৱৰ সপোন আছিল। আগতে ককপিটটো চাই মই বৰ মুগ্ধ হৈছিলোঁ আৰু সদায় ভাবিছিলোঁ যে বিমানখন কেনেকৈ উৰি যায়। মই মোৰ স্কুলীয়া শিক্ষা কাশ্মীৰত সম্পূৰ্ণ কৰিলোঁ, আৰু দ্বাদশ শ্ৰেণীৰ হোৱাৰ পিছতে মই ডিজিচিএ পৰীক্ষাত উত্তীৰ্ণ হৈ বিমান পৰিবহণ খণ্ডত যোগদান কৰিলোঁ, আৰু কৰ্ণাটকৰ ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীৰ পৰা ২০০ ঘণ্টাৰ উৰণ সম্পূৰ্ণ কৰিলোঁ।তাৰ পিছত এয়াৰ ইণ্ডিয়াৰ খালী পদৰ বাবে আবেদন কৰি ক্লিয়াৰ কৰিলোঁ।
প্ৰশ্নঃ লক্ষ্যত উপনীত হোৱাত আপোনাৰ পিতৃ-মাতৃয়ে কিমান সহায় কৰিছিল?
উত্তৰঃ মা-দেউতা হৈছে মোৰ মেৰুদণ্ড। মোৰ গোটেই বিমান যাত্ৰাত তেওঁলোকে মোক অপৰিসীম সহায় কৰিছিল।
প্ৰশ্নঃ কাশ্মীৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা এয়াৰ ইণ্ডিয়ালৈ—এই যাত্ৰা কেনেকুৱা আছিল?
উত্তৰঃ মোৰ যাত্ৰাপথ অসীম ধৈৰ্য্যৰে ভৰা যাত্ৰা আছিল। কিয়নো বিমান পৰিবহণ খণ্ডই আমাক সেইটোৱেই শিকাই আৰু পৰীক্ষা কৰে।
প্ৰশ্নঃ যিহেতু আপুনি উৰাজাহাজ চলাব বিচাৰিছিল, গতিকে ভাৰতীয় বায়ুসেনাত যোগদান কৰাৰ কথা কেতিয়াবা ভাবিছিল নে?
উত্তৰঃ আমাৰ দেশৰ সেৱা আগবঢ়োৱা সেনা জোৱানসকলৰ প্ৰতি মোৰ অপৰিসীম সন্মান থাকিলেও মোৰ একমাত্ৰ লক্ষ্য হৈছে বাণিজ্যিক বিমান সংস্থাৰ বাবে উৰাজাহাজ চলোৱা।
প্ৰশ্নঃ বাণিজ্যিক বিমান উৰুওৱাৰ অৰ্থ হ’ল সকলো যাত্ৰীৰ সম্পূৰ্ণ দায়িত্ব লোৱা। এই প্ৰত্যাহ্বানৰ সৈতে আপুনি কেনেকৈ মোকাবিলা কৰে?
উত্তৰঃ ই অভিজ্ঞতা আৰু সময়ৰ লগে লগে গঢ় লৈ উঠা আত্মবিশ্বাসৰ সৈতে আহে। কোনোৱেই নিখুঁত নহয়, কিন্তু যিকোনো বস্তুকে আয়ত্ত কৰিব পাৰি। বিমান আৰু যাত্ৰী উভয়ৰে সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ সক্ষমতা থকা বুলি মই আত্মবিশ্বাস অনুভৱ কৰোঁ।
প্ৰশ্নঃ কাশ্মীৰৰ নৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে?
উত্তৰঃ মোৰ বাৰ্তা হ’ল ধৈৰ্য্য ধৰিবলৈ শিকক, এটা লক্ষ্য নিৰ্ধাৰণ কৰক, আৰু লক্ষ্য পূৰণৰ বাবে অবিৰতভাৱে কাম কৰক। আমি যিকোনো সফলতা অৰ্জন কৰিব পাৰো যদিহে আমি তাৰ ওপৰত মনোনিৱেশ অটুট ৰাখিব পাৰো। আন কথাবোৰে যাতে আমাক মন-মগজু গ্ৰাস কৰিব নোৱাৰে, সেয়া লক্ষ্য ৰাখিব লাগিব।