আনোৱাৰ, ছামচুল আৰু চাত্তাৰৰ প্ৰৱল ইচ্ছাশক্তিৰ ওচৰত হাৰ মানিলে শাৰীৰিক বাধাই

Story by  Ariful Islam | Posted by  Munni Begum • 2 d ago
নিজৰ কৰ্তব্যত ব্যস্ত তিনিওগৰাকী বিশেষভাৱে সক্ষম যুৱক
নিজৰ কৰ্তব্যত ব্যস্ত তিনিওগৰাকী বিশেষভাৱে সক্ষম যুৱক
 
আৰিফুল ইছলাম / গুৱাহাটী 
 
ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰা কাম একোৱে নাই। সপোন খেদি আগুৱাই যোৱাটোৱে জীৱন। পৰাজয় স্বীকাৰ নকৰি জীৱনক আগুৱাই নিয়াৰ বাবেই নিতৌ বহুতেই কৰি আছে জীৱন সংগ্ৰাম। গুৱাহাটী মহানগৰীৰ চুকে-কোনে জীয়াই থকাৰ বাবে বহুজনে কৰি আছে সংগ্ৰাম। ঠিক তেনেদৰে শাৰীৰিক বাধা থকাৰ পিছতো জীৱনত যুদ্ধত আগবাঢ়ি আহিছে তিনিজন যুৱক। গুৱাহাটীত জমেটো ডেলিভাৰীৰ কাম কৰি নিজৰ লগত পৰিয়ালকো পোহপাল দি আহিছে।   
 
আনোৱাৰ হুছেইন, চামচুল হক আৰু চাত্তাৰ আলী বিশেষভাৱে সক্ষম। শৰীৰৰ নিম্নাংশ কাম নকৰাৰ পিছতো ট্ৰাই চাইকেল লৈ জমেটো ডেলিভাৰীৰ কাম কৰে তেওঁলোকে। তেওঁলোকে দিনে ৮ পৰা ১২ ঘণ্টা মানুহৰ পদূলিয়ে পদূলিয়ে খাদ্য যোগান ধৰি আহিছে। তেওঁলোকে কাম কৰা দেখি অধিকাংশ গ্ৰাহকে তেওঁলোকক উৎসাহিত আৰু মৰম কৰে।   
 
 
আনোৱাৰ হুছেইন আৰু চামচুল হকে পথ দুৰ্ঘটনাৰ ফলত নিজৰ শৰীৰৰ নিম্নাংশৰ শক্তি হেৰুৱাই পেলায়। আনহাতে চাত্তাৰ আলী গছৰ পৰা পৰি ৰাজহাড় ভঙাৰ ফলত  শৰীৰৰ নিম্নাংশৰ শক্তি হেৰুৱাইছে। তিনিওজন যুৱকৰে জীৱনৰ একো-একোতা দুৰ্ঘটনাই যেন তেওঁলোকৰ বাবে কাল অমানিশা নমাই আনিছিল। ইয়াৰ পিছতো মানসিকভাৱে ভাগি নপৰি তেওঁলোকে জীৱনটো আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। 
 
আনোৱাৰ হুছেইনে কয়; "এবছৰৰ পৰাই মই 'Zomato' ডেলিভাৰীৰ কাম কৰি আহিছোঁ। ইয়াৰ আগতে মই দোকান দিছিলোঁ আৰু কোম্পানী এটাৰ ক'লিং এজেন্ট হিচাপেও কাম কৰিছিলোঁ। ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ মই কাম কৰোঁ। মাজত ২ ঘণ্টা মই জিৰণি লওঁ। বেয়া ৰাস্তাৰ বাবে অলপ কষ্ট হয়, কিন্তু যেতিয়া আমি গ্ৰাহকৰ খাদ্য যোগান ধৰিব যাওঁ, তেতিয়া মানুহে আমাক যথেষ্ট মৰম কৰে আৰু কাম কৰি থকাৰ বাবে উৎসাহিত কৰে। খাদ্য ডেলিভাৰী কৰা অন্য সুস্থ যুৱকৰ দৰে আমি মানুহৰ ঘৰৰ দুৱাৰদলিত খাদ্য যোগান ধৰিব নোৱাৰো। আমি বাহিৰৰ পৰা ফোন কৰি কওঁ যে 'দাদা/বাইদেউ অলপ ওলাই আহিব নেকি? মই শাৰীৰিকভাৱে সক্ষম নহয়, মই উঠি যাব নোৱাৰিম।' তেতিয়া গ্ৰাহকজন তললৈ নামি আহি আমাৰ পৰা খাদ্য লয় আৰু আমাৰ কামক প্ৰশংসা কৰে।" 
 
ধুবুৰীৰ বিলাসীপাৰাৰ চিৰাকূটা দ্বিতীয় খণ্ডৰ যুৱক আনোৱাৰ বৰ্তমান কর্মসূত্ৰে গুৱাহাটীৰ সিজুবাৰীৰ বাসিন্দা। ২০১৫ চনৰ ৯ মাৰ্চত মেট্ৰিকৰ শেষৰটো পৰীক্ষা দি ঘৰলৈ গৈ থকা অৱস্থাত এটা পথ দুর্ঘটনাত আহত হৈছিল আনোৱাৰ হুছেইন। মৃত্যুৰে যুঁজ কৰি কোনোমতে ৰক্ষা পৰিল যদিও ৰাজহাড়ৰ আঘাতত চিৰদিনৰ বাবে পংগু হৈ পৰিল যুৱকজন। গুৱাহাটী, পাটনা, কোচবিহাৰ আদি সকলোতে প্রায় চাৰিবছৰ চিকিৎসা কৰাৰ পাছতো সুস্থ হৈ নুঠিল তেওঁ। এই সময়ছোৱাত আনোৱাৰৰ একমাত্ৰ লগৰী হৈ পৰিল মাথোঁ বিছনাখন। বিছনাতেই প্রস্রাৱ-পায়খানা কৰা  যুৱকজন পৰৱৰ্তী সময়ত হতাশগ্রস্ত হৈ পৰাত তেওঁক লৈ চিন্তিত হৈ পৰে পিতৃ চামচুল হক আৰু মাতৃ মালেকা বিবি।
 
আনোৱাৰ হুছেইন
 
"২০১৫ চনত মেট্ৰিক পৰীক্ষাৰ শেষৰ পৰীক্ষাৰ দিনা মোৰ পথ দুৰ্ঘটনা হৈছিল আৰু তেতিয়াৰ পৰাই মোৰ শৰীৰৰ তলৰ অংশই কাম নকৰা হৈ পৰে। মই এতিয়া দৈনিক ১০০০ টকাৰ পৰা ১৫০০ টকালৈ উপাৰ্জন কৰোঁ। এদিন মই ১৯০০ টকালৈও উপাৰ্জন কৰিছোঁ। ইয়াতে নিজে চলা আৰু ভাড়াঘৰৰ ভাড়াৰ উপৰিও ঘৰৰ খৰছৰ বাবেও পইচা দিব লাগে। এইখন ট্ৰাই চাইকেল মই নিজেই ক্ৰয় কৰিছিলো, ইয়াৰে আগতে এখন আছিল, যিখন মই চৰকাৰৰ ছাবচিডিত লাভ কৰিছিলোঁ, এতিয়া সেইখন পুৰণি আৰু বেয়া হৈছে।", আনোৱাৰে কয়। 
 
দিনৰ পাছত দিন, মাহৰ পাছত মাহ এনেদৰেই সময় পাৰ হোৱাত অতিষ্ঠ হৈ তেওঁ দুবাৰকৈ আত্মহত্যাৰো চেষ্টা চলাইছিল, যদিও সৌভাগ্যক্রমে কিন্তু ৰক্ষা পৰে। মানসিক অস্থিৰতাত ভোগা আনোৱাৰ দুমাহৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ভর্তি হ'বলগীয়া হৈছিল। ক্রমাৎ কিছু সুস্থ হৈ উঠাত তেওঁক ঘৰৰ কাষতে পিতৃয়ে এখন গেলামালৰ দোকান খুলি দিয়ে যদিও ডেৰ-দুবছৰৰ ভিতৰতে তেওঁ দোকানখনো বন্ধ কৰিবলগীয়া হয়।     
 
ইয়াৰ পাছত 'ৱৰ্ক ইণ্ডিয়া' নামৰ এটা সংস্থাৰ অধীনত অনলাইন প্রশিক্ষণ লৈ তেওঁ ঘৰৰ পৰাই 'ছুইগী'-'জমেটো'ৰ কল চেণ্টাৰত কাম কৰাৰ সুযোগ লাভ কৰে। কিন্তু এই কামত উপার্জন ভাল নোহোৱাত পুনৰ দিকভ্রান্ত হৈ পৰে আনোৱা। পৰৱৰ্তী সময়ত চিকিৎসাৰ বাবে গুৱাহাটীত দীঘলীয়াকৈ থাকিবলগীয়া হোৱাত ছ'চিয়েল মিডিয়াত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰে। 
 
চাত্তাৰ আলী
 
ছামচুল হকে কয়; "মোৰ এই কাম কৰা এবছৰ হৈ গ'ল। কাম কৰাটো নিজৰ মনৰ ওপৰত কথা। কষ্ট বুলি ভাবিলে কষ্ট হ'ব, কষ্ট নাই বুলি ভাবিলে কষ্ট নহয়। মোৰ যিহেতু শৰীৰৰ তলৰ অংশই কাম নকৰে গতিকে মই জিৰণি লৈ লৈ কাম কৰোঁ। দিনটোৰ কাৰণে ওলাই যাও যদিও মাজতে ৩ ঘণ্টা মই জিৰণি লওঁ। ২০০৯ চনত ভেটাপাৰা চাৰিআলিত হোৱা মোৰ পথ-দুৰ্ঘটনাৰ ফলতে মোঅৰ শৰীৰৰ তলৰ অংশই কাম নকৰা হৈছে। মোৰ উপাৰ্জনৰ টকাৰে মোৰ ভৰণ-পোষণ হৈ যায়। ৯৫% মানুহৰ ভাল সমৰ্থন পাওঁ। বহুতে মৰমো কৰে।"  
 
ছামচুল হক গুৱাহাটীৰ হাতীগাঁওৰ বাসিন্দা। তেওঁ হাতীগাঁওৰ ঘৰত পৰিয়ালৰ লগত বাস কৰে। দিনটোত যিখিনি উপাৰ্জন কৰে সেই টকাৰে ধুনীয়াকৈ পৰিয়ালটো পোহপাল দি আছে। ২০০৯ চনৰ ভেটাপাৰা চাৰিআলিত হোৱা এটা পথ দুৰ্ঘটনাই ছামচুলৰ জীৱন একেবাৰে সলাই পেলালে। তেতিয়াৰ পৰাই ছামচুলৰ শৰীৰৰ নিম্নাংশ কাম নকৰে।   
 
"মানুহ দুই ধৰণৰ অক্ষম থাকে। এটা হৈছে শাৰীৰিক অক্ষমতা, আনটো মানসিক অক্ষমতা। মানসিক অক্ষম হ'লে বহুত বেয়া কথা। মানসিকভাৱে অক্ষম হ'লে জীৱনটোৱে বেয়া হৈ যায়। জীৱনৰ পথত চৰ্তকাট বিচাৰিলে আপুনি বিপথে পৰিচালিত হ'ব আৰু আপোনাৰ বিপদ অনিবাৰ্য। আমাৰ যুৱ সমাজে কাম কৰিব লাগে আৰু জীৱন পথত আগুৱাব লাগে। আমাৰ নিচিনা আৰু বহু মানুহ আছে যিসকলে ভিক্ষা খুজি খাই, আমাৰ তেওঁলোকক দেখা পালে বেয়া লাগে। আমাৰ তিনিজনৰ এটা পৰিকল্পনা আছে, যাতে আমি তেওঁলোকক প্ৰশিক্ষণ দি যিকোনো কামত নিয়োজিত কৰিব পাৰোঁ।" ছামচুলে কয়।
 
ছামচুল হক
 
চাত্তাৰ আলীয়ে কয়; "যোৱা ছয় মাহৰ পৰাই মই এই কাম কৰি আহিছোঁ। আগতে মই গাড়ী চলাইছিলোঁ। ২০১৫ চনৰ মাৰ্চৰ ২৫ তাৰিখে গছৰ পৰা পৰিছিলো আৰু তেতিয়াৰ পৰাই মোৰ শৰীৰৰ তলৰ অংশ কাম নকৰে। মই ৮ বছৰ ঘৰতে আছিলোঁ। তাৰ পিছত ছামছুল আৰু আনোৱাৰক লগ পালোঁ আৰু তেওঁলোকে মোক ক'লে যে তুমিও দেখোন Zomato ৰ কাম কৰিব পাৰা। তেতিয়াৰ পৰাই মই এই কৰি আছোঁ। দিনত ৮ ৰ পৰা ৯ ঘণ্টা মই কাম কৰোঁ। মাজতে অলপ জিৰণি লওঁ। আমি গ্ৰাহকক যেতিয়া কওঁ যে আমি উঠি যাব নোৱাৰো, তলত আহি খাদ্য সামগ্ৰীখিনি লৈ যাব পাৰিব নেকি? তেতিয়া কিছুমানে বৰ ধুনীয়াকৈ আমাক উৎসাহিত কৰে। কিছু সংখ্যক মানুহ আছে, যিসকলে কয় যে যদি উঠি আহিব নোৱাৰা এইবোৰ কাম কৰিবলৈ নালাগে। অধিকাংশৰ সহযোগ পাওঁ বাবেই এই কামটো কৰি আছো। ইচ্ছাশক্তি থাকিলে সকলো কামেই কৰিব পাৰি। যিসকলে নোৱাৰিম বুলি কাম নকৰে তেওঁলোকও ওলাই আহি কাম কৰিব লাগে। আমাৰ নিচিনা মানুহে যিহেতু কাম কৰি আছো, গতিকে সকলোৱে কাম কৰিব পাৰিব।" 
 
কৰ্মসূত্ৰে গুৱাহাটীৰ সাতগাঁও নোৱাপাৰাৰ বাসিন্দা চাত্তাৰ আলী। ২০১৫ চনৰ ২৫ মাৰ্চত চাত্তাৰ আলীয়ে গছৰ পৰা পৰিছিল। তেতিয়া তেওঁৰ ৰাজহাড় ভাঙি যায় আৰু শৰীৰৰ নিম্নাংশ বিকল হৈ পৰে। বিগত ৬ মাহৰ পৰা  Zomato ডেলিভাৰীৰ কাম কৰি তেওঁৰ পত্নী আৰু কন্যাক পোহপাল দি আহিছে। 
 
গুৱাহাটীত  Zomato-ৰ শাৰীৰিক প্ৰতিবন্ধী ডেলিভাৰী বয় আনোৱাৰেই হৈছে প্ৰথম। শাৰীৰিক প্রতিবন্ধকতাৰ বাবে  Zomato-ৱে তেওঁলোকক কিছুমান বিশেষ সুবিধা প্রদান কৰি আহিছে। বহু সময়ত বহু গ্রাহকে ৰুক্ষ ব্যৱহাৰ কৰে যদিও সেইবোৰলৈ মন-কাণ নাই আনোৱাৰ, ছামচুল, চাত্তাৰহঁতৰ। ইয়াৰ বিপৰীতে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে আটাইকেইজন উদ্যমীযুৱকে। জীৱন জয়ৰ দুৰ্বাৰ হেঁপাহৰ বাবে কোনো হোটেলৰ স্বত্বাধিকাৰীয়ে আকৌ তেওঁলোকক ব্যক্তিগতভাৱেও 'টিপছ' দিয়ে।