বিশ্বজুৰি হতাশাগ্ৰস্ত লোকক চিনাক্ত কৰা অভিনৱ প্ৰযুক্তি উদ্ভাৱনত অৰিহণা যোগোৱা অসম সন্তান ৰাহুল ইছলাম

Story by  Ariful Islam | Posted by  Munni Begum • 4 h ago
ৰাহুল ইছলাম
ৰাহুল ইছলাম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
পূজাৰ আনন্দ-উত্‍সৱৰ মাজতে অসমবাসীলৈ আহিছে এক সুখবৰ। আমেৰিকাত গৱেষণা কৰি থকা এজন অসমীয়া সন্তানে লাভ কৰিছে এক উল্লেখনীয় সাফল্য। অসম সন্তানজনৰ নাম হৈছে ৰাহুল ইছলাম। 
 
আমেৰিকাৰ নিউ জাৰ্ছিৰ হোবোকেনত অৱস্থিত আগশাৰীৰ বিশ্ববিদ্যালয় স্টিভেনছ ইনষ্টিটিউট অব্ টেকন'লজিয়ে এক গৱেষণাৰ জৰিয়তে হতাশাত ভোগা ব্যক্তিসকলক চিনাক্ত কৰিব পৰা এক মোবাইল এপ অর্থাৎ এপ্লিকেচন উদ্ভাৱন কৰি উলিয়াইছে। এপটোৱে মানুহৰ মুখ আৰু চকু স্কেন কৰি তেওঁৰ মানসিক স্থিতি চিনাক্ত কৰিব পাৰিব।
 
গৱেষণাৰ কাম কৰি থকা মুহূৰ্তত ৰাহুল ইছলাম
 
আমাৰ বাবে গৌৰৱৰ কথা যে, বিশ্ববিদ্যালয়খনৰ এগৰাকী জেষ্ঠ অধ্যাপকৰ নেতৃত্বত সম্পন্ন হোৱা গৱেষণাৰ গুৰুত্বপূৰ্ণ অংশ হৈছে অসম সন্তান ৰাহুল ইছলাম। তেওঁৰ ঘৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কৰৰা এলেকাৰ ৰাধাকুছি গাঁৱত।
 
ৰাহুল ইছলামে গুৱাহাটীত থকা ভাৰতীয় তথ্য-প্রযুক্তি প্রতিষ্ঠানৰ (আই আই টি)ৰ পৰা 'কম্পিউটাৰ ছায়েন্স ইঞ্জিনীয়াৰিং' বিষয়ত স্নাতক ডিগ্রী অৰ্জন কৰাৰ পিচত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। স্কলাৰশ্বিপ লাভ কৰি ৰাহুলে আমেৰিকাত উচ্চশিক্ষা গ্ৰহণৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছিল। ৰাহুল ইছলামে ১৮৭০ চনতে স্থাপিত আমেৰিকাৰ অন্যতম পুৰণি বিশ্ববিদ্যালয়খনত জেষ্ঠ অধ্যাপক ছাং ৱন বায়েৰ অধীনত গৱেষণা কৰি আছে।
 
উল্লেখ্য যে, গোলমাহমুদ আলী আৰু চুলেমা বেগমৰ পুত্ৰ ৰাহুল ইছলামৰ শৈশৱ আৰু কৈশোৰ কাল ঘৰৰ বাহিৰতে অতিবাহিত হৈছে। ৰাহুলৰ পিতৃ গোলমাহমুদ আলী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ জোৱান আছিল। পিতৃৰ কৰ্মসূত্ৰে উচ্চতৰ মাধ্যমিকলৈ ৰাহুলে ভাৰতবৰ্ষৰ কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। ৰাহুল ইছলামে ডিমাপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মেধাবী ছাত্ৰ ৰাহুল ইছলামে ২০১০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭% নম্বৰেৰে উত্তৰ-পূৱৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাহুল ইছলামৰ পিতৃ গোলমাহমুদ আলীয়ে কয়; "সৰুৰে পৰা ৰাহুল পঢ়াত চোকা আছিল। দিনটোৰ অধিকাংশ সময় ৰাহুলে কিতাপ পঢ়িয়ে কটাইছিল। পিতৃ হিচাপে আজি মই যথেষ্ট আনন্দিত আৰু গৌৰবান্বিত হৈছোঁ। মোৰ এগৰাকী কন্যা সন্তানো আছে। ৰাহুল ডাঙৰ, ছোৱালীজনী সৰু। মোৰ ছোৱালীজনীও পঢ়াত ভাল। ৰাহুলে সৰুৰে পৰা পঢ়াৰ নামত যথেষ্ট কষ্ট কৰিছে। প্ৰতি বছৰে ডিচেম্বৰ মাহত ৰাহুল ঘৰলৈ আহে আৰু জানুৱাৰীত আমেৰিকালৈ উভতি যায়।"
 
ৰাহুল ইছলামৰ পিতৃ গোলমাহমুদ আলী আৰু মাতৃ চুলেহা বেগম
 
মন কৰিবলগীয়া যে, সম্প্ৰতি হতাশা মানৱ সমাজৰ বাবে এক নীৰৱ ঘাতক তথা মানসিক সুস্থিৰতাৰ প্ৰতি গুৰুতৰ ভাবুকি হিচাপে চিহ্নিত হৈছে। হতাশাত ভোগা ব্যক্তিসকলক মুক্ত কৰি তুলিবলৈ হ'লে তেওঁলোকক প্রাথমিক অৱস্থাতে চিনাক্ত কৰাটো অতি জৰুৰী। সেয়া কৰিলে প্রাথমিক অৱস্থাতে এনে ৰোগীক চিনাক্ত কৰিব পৰা যায়। কিন্তু বাস্তৱত এনে ৰোগীক প্রাথমিক অৱস্থাত চিনাক্ত কৰাটো যথেষ্ট কঠিন। কাৰণ হতাশাত ভোগা লোকে তেওঁলোকৰ আভ্যন্তৰীণ অস্থিৰতাৰ বহিঃপ্রকাশ হোৱাটো নিবিচাৰে আৰু মুখমণ্ডলত ইয়াৰ প্ৰতিফলন হ'বলৈ নিদিয়ে।
 
গতিকে স্টিভেনছ ইনষ্টিটিউট অব্ টেকন 'লজিৰ গৱেষকে দুটাকৈ ম'বাইল এপ আৱিষ্কাৰ কৰি উলিয়াইছে, যিয়ে কোনো ব্যক্তিৰ মুখমণ্ডল আৰু চকু স্কেন কৰি হতাশাত ভুগি থকাটো চিনাক্ত কৰিব পাৰে। এই ম'বাইল এপে কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) জৰিয়তে কাম কৰে। ইয়াৰে প্ৰথমটো এপে চকুৰ মণিৰ আকাৰ আৰু ইয়াৰ পৰিবৰ্তনৰ জৰিয়তে এনে ৰোগী ধৰা পেলায়। 
 
আনহাতে, FacePsy নামৰ দ্বিতীয়টো এপে মুখমণ্ডলৰ মাংসপেশীৰ গতিৰ পৰিবৰ্তন আৰু মস্তিষ্কৰ ভংগিমাৰ জৰিয়তে ব্যক্তিজনৰ আৱেগিক স্থিতিৰ অধ্যয়ন কৰি এনে ৰোগী চিনাক্ত কৰে। অসম সন্তানৰ এনে অভিনৱ আৱিষ্কাৰৰ বিষয়ে ইতিমধ্যে আমেৰিকাৰ বিভিন্ন বিজ্ঞান বিষয়ক আলোচনীৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো প্রকাশ পাইছে। অসমৰ এজন মেধাসম্পন্ন যুৱকে সমগ্ৰ মানৱ সমাজক উপকৃত কৰিব পৰা এক গুৰুত্বপূৰ্ণ উদ্ভাৱন কৰা খবৰে স্বাভাৱিকতে ৰাজ্যবাসীক গৌৰবান্বিত কৰিছে।