দয়াৰাম বশিষ্ঠ / ফৰিদাবাদ
“বিফলতা মাথোঁ এক শিক্ষা, জীৱনত ই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে,"-এই মন্তব্য ৰেহান আহমেদ নামৰ এজন উদ্যমী যুৱকৰ, যিয়ে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু ধৈৰ্য্যৰে কেৱল নিজকে নহয়, সমগ্ৰ পৰিয়ালটোক সফলতাৰ উচ্চতালৈ লৈ গৈছে। তেওঁৰ জীৱন এক প্ৰেৰণা, যিয়ে প্ৰমাণ কৰে যে যি পৰিস্থিতিতেই নহওক কিয়, এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে।
ৰেহান আহমেদৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাত। তেওঁৰ জীৱনটো কোনো সাধাৰণ ল’ৰাৰ দৰে নাছিল, কিয়নো তেওঁ কেতিয়াও খেলা-ধূলা বা স্বাভাৱিক শৈশৱ উপভোগ কৰিব পৰা নাছিল। তেওঁ কাঠৰ শিল্প অৰ্থাৎ কাঠৰ কাৰুকাৰ্য্য প্ৰদৰ্শনত সকলো সময় কটাইছিল। সৰুৰে পৰাই তেওঁ পিতৃ দিলছাদ মহম্মদৰ পৰা এই কষ্ট কৰাৰ দক্ষতা আয়ত্ত্ব কৰিছে আৰু এতিয়া ই তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে।
আজি ৰেহান আহমেদ কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ শিল্পৰ বাবে সন্মান কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ শিল্পৰ বাবে স্বীকৃতি লাভ কৰিছে।
চৰকাৰৰ ফালৰ পৰা সন্মান আৰু বঁটা পোৱা মুহূৰ্তত ৰেহান
তেওঁ মাত্ৰ সাত-আঠ বছৰ বয়সতে কাঠৰ শিল্প আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ দিলছাদ মহম্মদ নিজেই এজন বিখ্যাত কাঠৰ শিল্পী আছিল আৰু তেওঁ ৰেহানক এই শিল্পত পাকৈত কৰাৰ সপোন দেখিছিল। কিন্তু এই পথ ইমান সহজ নাছিল। কাঠৰ কাম কৰাৰ সময়ত ৰেহানৰ হাতত প্ৰায়ে ফোহা ওলাইছিল আৰু দেউতাকৰ গালিৰ সন্মুখীন হ’বলগীয়াও হৈছিল।
ইয়াৰ পিছতো ৰেহানৰ সপোন আছিল দেউতাকৰ দৰে কাঠৰ শিল্পত নাম উজলাই তোলা। ৰেহান আহমেদৰ এটা ডাঙৰ সংগ্ৰাম আছিল তেওঁৰ নিৰক্ষৰতা। তেওঁ কেতিয়াও স্কুলত পঢ়া নাছিল আৰু এই কাৰণেই তেওঁ মেলাত গ্ৰাহকৰ লগত কথা পাতিবলৈ দ্বিধাবোধ কৰিছিল। কিন্তু ৰেহানে প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ ব্যক্তিগত গুৰু ইৰছাদৰ পৰা এবিচিডি আৰু হিন্দী ভাষাৰ সাধাৰণ জ্ঞান আহৰণ কৰে।
ৰেহান আহমেদৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্প
ইয়াৰ বাবে তেওঁ বহু মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছিল। এতিয়া বাণিজ্য মেলাসমূহত ৰেহানে গ্ৰাহকৰ লগত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে কথা পাতিব পাৰে আৰু তেওঁৰ কাঠৰ শিল্পৰ বিষয়ে বুজাব পাৰে। আজি তেওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ভিত্তিত লাখ লাখ মূল্যৰ ব্যৱসায় কৰি আছে।
কঠোৰ পৰিশ্ৰমৰ বলত ৰেহান আহমেদে ২০০৬ চনত কাঠৰ কলাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই সন্মানক তেওঁ দেউতাকৰ পৰা পোৱা উপহাৰ বুলি গণ্য কৰিছে, কাৰণ দেউতাকে যদি তেওঁক কাঠৰ শিল্পৰ প্ৰতিটো দিশ বিতংভাৱে শিকাই নিদিলেহেঁতেন, তেন্তে হয়তো তেওঁ এই বঁটা লাভ কৰিব নোৱাৰিলেহেঁতেন।
ইয়াৰ পিছত তেওঁ ভাৰত আৰু বিদেশত কাঠ শিল্পৰ প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ লাভ কৰিবলৈ আৰম্ভ কৰে। ৰেহানে কঠোৰ পৰিশ্ৰমৰ বলত আজি নিজাকৈ ২০০ গজৰ এটা কাৰখানা নিৰ্মাণ কৰিব পাৰিছে, য’ত তেওঁ পাঁচজন শিল্পীক নিয়োগ কৰিছে। মেলাত তেওঁ বহুত অৰ্ডাৰ পায়, যিবোৰ তেওঁ নিজৰ কাৰখানাত প্ৰস্তুত কৰে। ৫০০ টকাৰে কাম আৰম্ভ কৰা ৰেহানে আজি লাখ লাখ টকা উপাৰ্জন কৰি কাঠ শিল্পৰ ক্ষেত্ৰখনত নিজৰ নাম উজলাইছে।
ৰেহানৰ সৃষ্টি
ৰেহান আহমেদ এতিয়া কেৱল ব্যৱসায়তেই নহয়, স্কুলীয়া ল’ৰা-ছোৱালীক কাঠৰ শিল্প শিকোৱাৰ ক্ষেত্ৰতো সক্ৰিয় হৈ পৰিছে। দিল্লীৰ চৰ্দাৰ পেটেল ইণ্টাৰনেশ্যনেল স্কুলত ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিবলৈ তেওঁ কেইবাবাৰো আমন্ত্ৰণ লাভ কৰিছে। এতিয়ালৈকে তেওঁ ৩০০ৰো অধিক ল’ৰা-ছোৱালীক কাঠৰ শিল্পৰ বিষয়ে শিকাইছে, যাতে ভৱিষ্যতে তেওঁলোকে এই কলা শিকি নিজৰ কেৰিয়াৰ গঢ়িব পাৰে।
ৰেহান আহমেদৰ মতে, হাৰিয়ানাৰ যুৱক-যুৱতীসকলে কাঠ শিল্পৰ বিশেষজ্ঞতা আহৰণ কৰাটো প্ৰয়োজন। যুৱক-যুৱতীসকলে এই কলা শিকিলে ভৱিষ্যতে তেওঁলোকৰ কৰ্মসংস্থাপনৰ কোনো সমস্যা নহ’ব। তেওঁ যুৱক-যুৱতীসকলক যিকোনো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে তেওঁলোকে নিজৰ লগতে আৰু নিজৰ পৰিয়ালক এক উন্নত জীৱন দিব পাৰে।
তেওঁৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ ৰেহানৰ খুলশালীয়েক হাইদৰেও দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈ তেওঁৰ সৈতে কাম শিকিবলৈ আৰম্ভ কৰে। আজি হাইদৰে তিনি বছৰত ৫০ শতাংশ কাঠৰ শিল্পকৰ্ম শিকিছে আৰু অতি সোনকালে বঁটাপ্ৰাপক শিল্পী হোৱাৰ সপোন দেখিছে।
ৰেহান আহমেদৰ কাহিনীয়ে প্ৰমাণ কৰে যে যদি এজন ব্যক্তিৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰাৰ ইচ্ছা থাকে, তেন্তে কোনো বাধাই তেওঁক সফলতাৰ দিশত আগবাঢ়ি যোৱাত হেঙাৰ হ'ব নোৱাৰে। তেওঁৰ এই যাত্ৰা কেৱল এজন শিল্পী হিচাপে সফলতাৰ কাহিনী নহয়, বৰঞ্চ জীৱনৰ কষ্ট অতিক্ৰম কৰি এক শক্তিশালী আত্মবিশ্বাস লাভ কৰাৰো প্ৰেৰণা। আজি ৰেহান আহমেদে নিজৰ শিল্পকলাৰ দ্বাৰা পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সমাজৰ বাবেও প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে।