স্কুল ড্ৰপআউট আছিফ শ্বেইখ বৰ্তমান কোটি টকাৰ কোম্পানীৰ মূৰব্বী

Story by  atv | Posted by  Munni Begum • 2 Years ago
টেমছ ইনফোটেকৰ প্ৰতিষ্ঠাপক শ্বেখ আচিফে তেওঁৰ এখন কিতাপৰ সৈতে
টেমছ ইনফোটেকৰ প্ৰতিষ্ঠাপক শ্বেখ আচিফে তেওঁৰ এখন কিতাপৰ সৈতে
শ্বাহ ইমৰাণ হাছান / নতুন দিল্লী
 
এটা বহুজাতিক অথবা আগশাৰীৰ ব্যক্তিগত কোম্পানীৰ CEOৰ আসনত অধিষ্ঠিত লোকসকল উচ্চ শিক্ষিত হোৱাটো একপ্ৰকাৰ বাঞ্ছনীয়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে আধাতে স্কুল এৰা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ এজন দক্ষ যুৱক। 
 
মানচেষ্টাৰৰ আগশাৰীৰ কোম্পানী টেমছ ইনফ’টেক(Thames Infotech)ৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপক হিচাপে কৰ্মৰত শ্ৰীনগৰৰ যুৱকজন হ’ল আছিফ শ্বেইখ। ৫ কোটি টকাৰ টাৰ্ণঅভাৰ হোৱা কোম্পানীটোৰ মূৰব্বীৰ দায়িত্ব লাভ কৰা শ্বেইখৰ বয়স মাত্ৰ ২৮ বছৰ। 
 
শ্বেখ আচিফে ব্যৱসায়ৰ ওপৰত এটা বক্তৃতা দিয়া এক মূহুৰ্ত
 
"মই বিশ্বাস কৰোঁ যে কঠোৰ পৰিশ্ৰম কৰা, নিষ্ঠা আৰু সততাৰ সৈতে কাম কৰা ব্যক্তি সদায় সফল হয়; কোনো পৰিস্থিতিতে তেওঁ হাৰ নামানে আৰু সাহস নেহেৰুৱায়। ময়ো বিফলতাৰ সন্মুখীন হৈছিলো আৰু এটা সময়ত মই সাহস হেৰুওৱা যেন অনুভৱ কৰিছিলো, কিন্তু মই আশা এৰি দিয়া নাছিলো," শ্বেইখ আছিফে এক টেলিফোনিক সাক্ষাৎকাৰত আৱাজ-দ্য ভইচ'ক কয়।
দুৰ্বল শৈক্ষিক পটভূমি স্বত্তেও আছিফে শীৰ্ষ ডিগ্ৰীধাৰী সকলে বিচাৰি থকা এক উচ্চ পদবীত অধিষ্ঠিত হোৱাটো প্ৰকৃতাৰ্থত অসাধাৰণ হিচাপে চিহ্নিত হৈছে। এজন সফল উদ্যোগী হোৱাৰ উপৰিও আছিফ এজন পেছাদাৰী ৱেব ডিজাইনাৰ, ৱেব ডেভালাপাৰ, গ্ৰাফিক ডিজাইনাৰ, ডিজিটেল মাৰ্কেটাৰ আৰু লেখক। তেওঁ সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষাদান দি সমাজক সেৱা আগবঢ়াই আছে।
মনকৰিবলগীয়া যে, শ্বেইখ আছিফৰ কামৰ প্ৰ'ফাইল অত্যন্ত আকৰ্ষণীয়। তেওঁ এটা ট্যুৰ এণ্ড ট্ৰেভেল কোম্পানীৰ সৈতে জড়িত আছিল, এটা কোম্পানীৰ বাবে চিকিৎসা সঁজুলি বিক্ৰী কৰিছিল, আৰু এয়াৰটেল, ভোডাফোন আৰু এয়াৰচেলৰ দৰে টেলিকম কোম্পানীৰ হৈ কাম কৰিছিল।
 
২০০০ চনত শ্বেইখ আচিফৰ বয়স ৮ বছৰ আছিল যেতিয়া তেওঁৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেওঁৰ দেউতাক এজন হেড কনিষ্টবল আছিল। দেউতাকৰ অসুস্থতাৰ বাবে তেওঁলোকৰ পৰিয়ালটোৰ আৰ্থিক স্থিতি দূৰ্বল হৈ পৰিছিল। শ্বেখ আছিফে কয় যে তেওঁৰ দেউতাকৰ অসুস্থতা এক ৰহস্য হৈ পৰিছিল। কিয়নো পৰিয়ালটোৱে বিশেষজ্ঞ আৰু বিশিষ্ট চিকিৎসকৰ পৰামৰ্শ লৈছিল যদিও কোনেও ৰোগ ইয়াক নিৰ্ণয় কৰিব পৰা নাছিল।
শ্বেইখ আচিফে ‘আৱাজ-দ্য ভইচ’ক কয় যে তেওঁৰ মাতৃয়ে বেছিভাগ ঘৰুৱা সম্পত্তি বিক্ৰী কৰি দেউতাকৰ চিকিৎসাৰ বাবে ঋণ লৈছিল। সেই দিনবোৰৰ কথা মনত পেলাই প্ৰতিভাৱান যুৱকজনে কয় যে তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত এটা নিৰ্দিষ্ট দিন কেতিয়াও পাহৰিব নোৱাৰে, যেতিয়া পৰীক্ষা লিখিলৈ তেওঁৰ কোনো কলম নাছিল। "মই পৰীক্ষা গৃহলৈ গৈ আছিলো আৰু চিন্তিত হৈ পৰিছিলো। মোৰ মায়ে মোৰ চিন্তাৰ কাৰণ জানিব পাৰিছিল, তেওঁ মোক কলম কিনি দিবলৈ পাকঘৰত থকা তামৰ বাচন এটা বিক্ৰী কৰিছিল।" আছিফে কয়।
তেওঁ কয় যে তেওঁৰ মাতৃয়ে প্ৰায়ে পৰিয়ালৰ বাবে ঘৰুৱা সামগ্ৰী বিক্ৰী কৰিছিল, বিশেষকৈ শিশুসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ। শ্বেখ আচিফে পঢ়া শুনা অব্যাহত ৰখাৰ বাবে ঘৰৰ পৰিস্থিতি অনুকূল নাছিল। তেওঁ স্কুল এৰিছিল আৰু তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিল।
 
"মই মোৰ মাৰ ইচ্ছাৰ বিপৰীতে গৈছিলো, কিয়নো তেওঁ কাশ্মীৰৰ বেছিভাগ পিতৃ-মাতৃয়ে বিচৰা ধৰণে ময়ো চিকিৎসক হোৱাটো বিচাৰিছিল। কিন্তু মই আৰ্থিকভাৱে ভাঙি পৰা পৰিয়ালটোক সহায় কৰিবলৈ পঢ়া-শুনা এৰি দিছিলো," আছিফে কয়। উল্লেখ্য যে, ২০০৮ চনত ১৫ বছৰ বয়সত তেওঁ এক অদ্ভূত কাম কৰি নিজৰ পৰিয়ালৰ বাবে উপাৰ্জন আৰম্ভ কৰিছিল।
 
শ্বেইখ আছিফ সদায় কম্পিউটাৰৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সেইবোৰত যথেষ্ট সময় অতিবাহিত কৰিছিল। ইয়াৰ বাবে তেওঁ ১৬ বছৰ বয়সত স্থানীয় ট্যুৰ এণ্ড ট্ৰাভেল কোম্পানীৰ সৈতে ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে প্ৰথম চাকৰি লাভ কৰে। ইয়াৰ পৰা তেওঁ ১৫০০ টকা দৰমহা উপাৰ্জন কৰিছিল। শ্বেইখ আছিফে কয় যে তেওঁৰ আগ্ৰহ দেখি তেওঁৰ দেউতাকে তেওঁক কম্পিউটাৰ এটা কিনিবলৈ বেংকৰ পৰা ঋণ লৈছিল। তেওঁ বিবিচিত মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ এটা সাক্ষাৎকাৰ চাইছিল আৰু সেয়াই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল।
 
শ্বেখ আচিফে শিক্ষাৰ্থীসকলক অনলাইন শিকোৱা এক মূহুৰ্ত
 
তেওঁ নিজৰ কম্পিউটাৰটোৰ সম্পূৰ্ণ সুবিধা আদায় কৰিছিল যদিও কাশ্মীৰত উচ্চ গতিৰ ব্ৰডবেণ্ড সুবিধাৰ অভাৱ তেওঁৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল। যেতিয়া বাকী বিশ্বই ৪-জি ইণ্টাৰনেট চলাই আছিল, তেতিয়া তেওঁৰ অঞ্চলত কেৱল ২-জি ইণ্টাৰনেট উপলব্ধ আছিল। তেওঁ দুমাহৰ ভিতৰত প্ৰথম চাকৰিটো এৰিছিল আৰু চাৰি বছৰৰ বাবে বিক্ৰেতা হিচাপে স্থানীয় দোকান এখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াত তেওঁ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু গ্ৰাফিক্স ডিজাইনিং, ৱেব ডিজাইনিং আদিকে ধৰি সকলো মৌলিক বিষয় শিকিছিল।
এই সময়তে তেওঁ জীৱনত আন এক কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। কিয়নো, ২০১৪ চনৰ কাশ্মীৰৰ বানপানীয়ে তেওঁলোকৰ ঘৰটো উটুৱাই নিছিল। তেওঁ নিজৰ সকলো সঞ্চয়ৰ ধন ঘৰ পুনৰ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। পৰিয়ালটোৱে সকলো নতুনকৈ আৰম্ভ কৰিব লগা হৈছিল, কিয়নো তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছিল আৰু পানীত উটি গৈছিল। "২০১৪ চনৰ বানপানীৰ ফলত আমাৰ ঘৰটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল আৰু বানপানীৰ পিছত আমি একেৰাহে চাৰি বছৰৰ বাবে ইয়াক মেৰামতি কৰিব লগা হৈছিল আৰু অৱশেষত ২০১৮ চনত ঘৰটো বিক্ৰী কৰিব লগা হৈছিল," তেওঁ কয়।
ইয়াৰ মাজতে তেওঁ ২০১৫ৰ এপ্ৰিলৰ পৰা OLXৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে, আৰু তাৰ পৰা তেওঁক তাজিন্দৰ সিঙৰ মালিকানাধীন ব্ৰিটেইনৰ কোম্পানী ট্ৰাইমেক্স প্ৰিণ্টিং এণ্ড গ্ৰাফিক্সত চাকৰিৰ প্ৰস্তাৱ দিয়া হৈছিল। তেওঁ হেইজ হাৰ্লিংটন কোম্পানীৰ বাবে কাম কৰি আছিল। কোম্পানীটোৱে এখন অনলাইন দোকান চলায় আৰু তেতিয়ালৈকে ইয়াত গ্ৰাফিক ডিজাইনিঙৰ কোনো উপাদান নাছিল।
 
শ্বেইখ আছিফে আৱাজ-দ্য ভইচক কয়, "মই চন্দা ট্ৰাইমেক্স প্ৰিণ্টিংছ এণ্ড গ্ৰাফিক্সৰ বাবে কাম কৰিছিলো। ইফালে, কাশ্মীৰত এজন উগ্ৰপন্থীৰ হত্যাত উপত্যকাটো প্ৰায় তিনি মাহ ধৰি লকডাউন হৈ আছিল। এই কাৰণে মই দিল্লীলৈ ৰাওনা হ'লো।"
যেতিয়া তেওঁ দিল্লীত তাজিন্দৰ সিঙক লগ পাইছিল, তেতিয়া তেওঁ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হৈছিল। কম বিক্ৰীৰ বাবে তাজিন্দৰৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছিল। আছিফৰ প্ৰতিভাৰ উমান লাভ কৰি তাজিন্দৰ সিঙে তেওঁক ইউকেৰ হাৰ্লিংটনৰ হেইজত চাকৰিৰ প্ৰস্তাৱ দিছিল, য'ত তাজিন্দৰৰ ভাতৃসকলে ইতিমধ্যে কাম কৰি আছিল। 
শ্বেইখ আছিফে কয় যে তেওঁ ইউকেএলৰ চাকৰি বাছনি কৰাৰ আগতে মাকৰ পৰামৰ্শ লৈছিল। তেওঁ ১৮ মাহ একেৰাহে কাম কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছিল। "কোম্পানীটো মোক কৈছিল যে তেওঁলোকে ২০১৬ৰ ১৬ জুনত ট্ৰাইমেক্স প্ৰিণ্টিংছ আৰু গ্ৰাফিক্সৰ নাম টেমছ ইনফোটেকলৈ সলনি কৰিছিল," আছিফে কয়। 
 
শ্বেখ আচিফ
 
উল্লেখ্য যে, কোম্পানীটোত চাকৰি কৰিবলৈ তেওঁ ২০১৬ চনৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত ভৰি ৰাখিছিল। অৱশ্যে, ব্যৱসায়টোৱে তাতো ইতিবাচক ফলাফল প্ৰদৰ্শন কৰা নাছিল, সেয়েহে তাজিন্দৰৰ ভাতৃয়ে তেওঁক তেওঁৰ ব্যয় পূৰণ কৰিবলৈ ইউকেত পাৰ্ট টাইম চাকৰি বিচাৰিবলৈ পৰামৰ্শ দিছিল। "যেতিয়া মই পাৰ্ট টাইম চাকৰি বিচাৰি আছিলো, তেতিয়া মই উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ এজন কাশ্মীৰী ব্যক্তি ৰিজৱানক লগ পাইছিলো, যি ২০০০ চনত মানচেষ্টাৰলৈ আহিছিল আৰু এতিয়া ৰিজ স্পাইচেছ নামৰ এখন ৰেষ্টুৰেণ্ট চলায়।
শ্বেখ ৰিজৱানে আছিফক তেওঁৰ ৰেষ্টুৰেণ্টত এটা পাৰ্ট টাইম কামৰ সুযোগ দিছিল। তেওঁ কয়, "দুমাহৰ পিছত মই গুগলৰ এজন জ্যেষ্ঠ ছফ্টৱেৰ অভিযন্তা হামজা চেলিমক লগ পাইছিলো, যিয়ে মোক তেওঁৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ বাবে এটা ৱেবছাইট নিৰ্মাণ কৰিবলৈ কৈছিল। তেওঁ মোক এই চৰ্ত দিছিল যে মোৰ কাম ভাল পালেহে তেওঁ মোক ধন পৰিশোধ কৰিব।"
অৱশেষত, আছিফে তেওঁৰ ৱেবছাইট সুন্দৰকৈ ডিজাইন কৰি হামজা চেলিমৰ মন জয় কৰে। ইয়াৰ পিছত হামজা চেলিমে আছিফক তেওঁৰ ফাৰ্মত ৫০ শতাংশ ইকুইটিৰ প্ৰস্তাৱ দিয়ে। এই সময়ছোৱাত আছিফে দেশ-বিদেশৰ বহু লোকক লগ পায়, আৰু সুযোগ বিচাৰি থাকিল। 
 
তেনে এজন ব্যক্তি আছিল ৰড্ৰিগো ৰুইজ কাৰ্ভাজাল, যিয়ে ৰেষ্টুৰেণ্টখনত সঘনাই গৈছিল। তেওঁ মোক যথেষ্ট সুবিধাজনক ঠাই এখন আগবঢ়াই দিলে। তেওঁ মোক ক’লে যে তেওঁৰ দেউতাকে তাৰ পৰাই ব্যৱসায় আৰম্ভ কৰিছে। “মই মোৰ প্ৰথম অৰ্ডাৰ পাইছিলো এটা ল’গ’ৰ বাবে যাৰ বাবে মোক ৫০০ পাউণ্ড দিয়া হৈছিল আৰু মই মাত্ৰ ৩০-৪০ পাউণ্ডহে আশা কৰিছিলোঁ। তেওঁলোকে মোক এটা ৱেবচাইট বনাবলৈ আন এটা অৰ্ডাৰ দিলে যাৰ বাবে মোক ৭০০০ পাউণ্ড দিয়া হ’ল। মই ভাবি আছিলো এয়া সপোননে সঁচা ? ইমান বেছি পাৰিতোষিক কেতিয়াও আশা কৰা নাছিলো। এই অৰ্ডাৰ লণ্ডনৰ জাবকা নামৰ আটাইতকৈ ডাঙৰ ফুড চেইনৰ পৰা আহিছিল,”আছিফে কয়।
উল্লেখ্য যে, ২০১৬ চনৰ ৯ জুনত আছিফে টেমছ ইনফ’টেক মানচেষ্টাৰ ইউ কে কোম্পানীটোৰ দায়িত্ব লয়, যাৰ বৰ্তমানৰ ব্যৱসায় কমেও ৫ কোটি টকা। ইয়াৰ কাৰ্যালয় কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগামত এডভেন্ট কলনীত আছে। ৱেবছাইট ডিজাইনিং আৰু ডেভেলপমেণ্ট, ডিজিটেল মাৰ্কেটিং, গ্রাফিক্স ডিজাইনিং, পাৰ্ছনেল ব্ৰেণ্ডিং, ছ’চিয়েল মিডিয়া হেণ্ডলিং আদিৰ বাবে তেওঁ ব্ৰিটেইনৰ ৩২ জন আৰু কাশ্মীৰৰ ৩ জনকে ধৰি ৩৫ জন স্থানীয় লোকক নিযুক্তি দিছে।
শ্বেইখ আছিফে ‘আৱাজ-দ্য ভইচ’ক জনোৱা মতে তেওঁৰ কোম্পানীটো এটা আগশাৰীৰ ৱেব ডিজাইনিং কোম্পানী আৰু ই ২০১৭, ২০১৮, ২০১৯, আৰু ২০২০ চনৰ থ্ৰী বেষ্ট ৰেটেড ইউ কে হিচাপে বঁটা লাভ কৰিছে, আৰু টপ ডেভেলপাৰ্ছ ইউ এছ এৰ উদ্যোগত ২০১৮, ২০১৯ চনৰ শ্ৰেষ্ঠ আই টি সেৱা প্ৰদানকাৰী কোম্পানীৰ বঁটা লাভ কৰিছে। 
 
শ্বেখ আচিফৰ শ্ৰীনগৰ কাৰ্যালয়
 
পৰিশ্ৰমী আৰু দক্ষ যুৱকজনে লগতে কয় যে তেওঁ এই পৰ্যন্ত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ লগতে কোভিড মহামাৰীৰ মাজত ৪০টা ব্যৱসায়িক প্ৰতিষ্ঠানক সহায় কৰিছে আৰু তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ গ্ৰন্থ তিনিখন হ’লঃ Digitization In Business, Online Business Idea, আৰু Start a Business।
 
শ্বেইখ আছিফে দ্য ফায়াৰবক্সৰ ফালৰ পৰা ২০২২ চনৰ বৰ্ষশ্ৰেষ্ঠ উদ্যোগী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে, ২০১৮ চনত গুগলে তেওঁক ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট হিচাপে সন্মানিত কৰে। যুৱক-যুৱতীসকলৰ বাবে শ্বেখ আছিফে কয় যে তেওঁলোকে কেতিয়াও আশা হেৰুৱাব নালাগে আৰু সদায় ব্যৱসায়ত মনোনিৱেশ কৰিব লাগে। দ্বিতীয়তে, তেওঁলোকে ড্ৰাগছ পৰিহাৰ কৰা উচিত। তেওঁ কয়, “আপোনাৰ ব্যক্তিত্ব আপোনাৰ পৰিচয়”।