কেৱল ছাৰ ছৈয়দৰ প্ৰশংসাই মুছলমান সকলক সহায় নকৰেঃ ৱালী ৰহমানী

Story by  atv | Posted by  [email protected] • 4 d ago
ৱালী ৰহমানী
ৱালী ৰহমানী
 
কলকাতা

ছাৰ ছৈয়দ আহমদ খানে আলিগড় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰিছিল, কিন্তু এই প্ৰতিষ্ঠানৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত সফলতাক শিক্ষাৰ অন্তিম লক্ষ্য হিচাপে লৈছে আৰু প্ৰতিষ্ঠাপকগৰাকীৰ দৰে সমাজক ঘূৰাই দিয়াৰ মনোভাৱ গ্ৰহণ নকৰে।
 
কলকাতা মুছলিম ইনষ্টিটিউটত ছাৰ ছৈয়দ বঁটা লাভ কৰাৰ সময়ত এই গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰে ৱালি ৰহমানীয়ে। ২৬ বছৰ বয়সত ৱালী ৰহমানীয়ে ১০ দিনত এখন বিদ্যালয় নিৰ্মাণৰ বাবে ১০ কোটি টকা সংগ্ৰহ কৰি চমক সৃষ্টি কৰিছিল। একেদৰে, তেওঁ ৫০ কোটি টকাৰ অনুদানৰে মুছলমান শিশুৰ বাবে বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ এবছৰ সময় লৈছিল।
 
এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত ৰহমানীয়ে মুছলমান শিশুৰ বাবে ৫০ কোটি টকাৰ বৃত্তি ঘোষণা কৰিছে। বিৰল প্ৰতিভাৱান আৰু মেধাসম্পন্ন যুৱকজনে লগতে কালাম শিক্ষণ কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰে।
বঁটা লাভ কৰাৰ পিছত ৰহমানীয়ে কয় যে ছাৰ ছৈয়দ আহমেদ খানে খুৱ কম কথা কৈছিল আৰু সমাজৰ সেৱা কৰাই তেওঁৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল। কিন্তু আজি মানুহে মাথো কথা কয়, কোনোৱেই ছাৰ ছৈয়দৰ সমাজসেৱাৰ মনোভাৱৰ কাষ চাপিব পৰা নাই। 
 
"প্ৰতিষ্ঠাপক ছাৰ ছৈয়দ আহমেদ খানৰ এই সপোন নাছিল যে বিশ্ববিদ্যালয়খনত পঢ়া শিক্ষাৰ্থীসকলে এইখন শিক্ষানুষ্ঠানৰ হৈ কাম কৰি ইয়াতে অৱসৰ লঁওক। বৰ্তমান প্ৰযুক্তিৰ যুগ, আৰু মই ভাবো এই ক্ষেত্ৰত এ এম ইউৰ আটাইতকৈ সফল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান কি।"-ৱালী ৰহমানীয়ে কয়।
ৱালী ৰহমানীয়ে আৰু কয় যে আমি শিক্ষাক ধন উপাৰ্জনৰ সৈতে সংযোগ কৰি শেষ কৰিছো, যিটো ছাৰ ছৈয়দ আহমেদ খানৰ দৃষ্টিভংগী নাছিল। "তেওঁ নিজৰ পেট ভৰোৱাৰ মাধ্যম হিচাপে শিক্ষা গ্ৰহণ কৰা নাছিল। তেওঁ কৈছিল যে শিক্ষা কেৱল জীৱিকাৰ বাবেই নহয়; ইয়াৰ উদ্দেশ্য সমাজৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰা।"-ৱালীয়ে পুনৰ কয়।
 
ৱালী ৰহমানীয়ে কয় যে প্ৰযুক্তিয়ে পৃথিৱীখন সলনি কৰি আছে। আমি যদি কেৱল ছাৰ ছৈয়দৰ প্ৰশংসা গাই থাকো আৰু তেওঁৰ দৃষ্টিভংগীৰ প্ৰচাৰৰ বাবে একো নকৰো, তেন্তে আমি পিছ পৰি থাকিম। আমি আগবাঢ়ি যাব লাগিব আৰু প্ৰযুক্তিক আকোৱালি ল’ব লাগিব। আজি মুছলমানসকলে প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব, আমাক এনে এজন ব্যক্তি লাগে যিয়ে হোৱাটছএপৰ দৰে এপ এটা প্ৰস্তুত কৰিব পাৰে। 


শেহতীয়া খবৰ