ছানিয়া জেহৰাক কিয় কাশ্মীৰৰ মৌ ৰাণী বুলি কোৱা হয়

Story by  atv | Posted by  Munni Begum • 7 h ago
কাশ্মীৰৰ মৌ ৰাণী ছানিয়া জেহৰা
কাশ্মীৰৰ মৌ ৰাণী ছানিয়া জেহৰা
 
বচিত জাৰ্গাৰ/শ্ৰীনগৰ 
 
বৰ্তমান সময়ত উদ্যোগৰ ক্ষেত্ৰখনত পুৰুষ আৰু মহিলাৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। উভয়ে কাম কৰি সমানে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তেনেক্ষেত্ৰত কাশ্মীৰত মহিলাসকলে কাম কৰিব নোৱাৰে বা ব্যৱসায় কৰিব নোৱাৰে বুলি প্ৰচলিত কথাষাৰ যে, মিছা সেই কথা প্ৰমাণিত কৰিছে কাশ্মীৰৰ একাংশ মহিলাই। বিভিন্ন বাধাৰ প্ৰাচীৰ ভাঙি ব্যৱসায়ত নিজৰ স্থান দখল কৰি কাশ্মীৰী মহিলাসকলে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। তেনে এক প্ৰেৰণাদায়ক উদাহৰণ হৈছে বলহামাৰ বাসিন্দা ছানিয়া জেহৰা।  
 
হয়, ২০ বছৰীয়া ছানিয়া জেহৰাই মৌ পালনৰ ক্ষেত্ৰখনত নিজকে চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিছে। কিয়নো ছানিয়া জেহৰা কেৱল তেওঁৰ পৰিয়ালৰ দীৰ্ঘদিনীয়া ব্যৱসায়ৰ গুৰি ধৰোতাই নহয়, তেওঁৰ সমগ্ৰ কাশ্মীৰৰ বাবে এক উৎকৃষ্ট আদৰ্শস্বৰূপ। ছানিয়াই কয় যে মৌপালন তেওঁৰ ককাকে আৰম্ভ কৰা ব্যৱসায় আছিল, যি পিছলৈ তেওঁৰ দেউতাকে অধিগ্ৰহণ কৰিছিল আৰু সম্প্ৰতি তেওঁ তৃতীয় প্ৰজন্ম হিচাপে এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে।
 
ছানিয়া জেহৰাই পালন কৰা মৌ-মাখি
 
ছানিয়াই কয়, "প্ৰথমে এই কামত মই মোৰ দেউতাক সহায় কৰিছিলো। কিন্তু এই কাম কৰি মই প্ৰায়ে বিৰক্ত অনুভৱ কৰিছিলো আৰু কেৱল মাত্ৰ সময় কটাবলৈহে চেষ্টা কৰিছিলো। মই কেতিয়াও ভবা নাছিলো যে, মই এই কামৰ প্ৰতি আগ্ৰহী হ'ম, কিন্তু আজি মই ইমানেই আবেগিক যে, মৌপালনৰ পৰা আৰম্ভ কৰি ইয়াৰ বিপণনলৈকে সকলো কাম মই নিজেই পৰিচালনা কৰি আহিছো।"        
 
ছানিয়াই কয় যে মৌপালন ব্যৱসায়ৰ পৰা হোৱা লাভালাভে তেওঁক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সক্ষম কৰি তুলিছে আৰু বৰ্তমান তেওঁ আমদানি-ৰপ্তানিৰ কাম-কাজতো জড়িত হৈ আছে। আনহাতে আন বহু ব্যৱসায়ৰ সুযোগ থকাৰ পিছতো মৌপালন কৰাৰ কামটোৱে তেওঁ কিয় বাছি লৈছিল সেই সন্দৰ্ভত ছানিয়াই বিস্তাৰিতভাৱে কয়, "কোৰানত মৌপালন কৰাৰ কথা উল্লেখ আছে। মৌপালন কৰিলে আল্লাহৰ পৰা মহান কৃপা লাভ কৰিব পৰা যায়। মই ছোৱালী হোৱাটো কোনো ডাঙৰ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, কামটো কৰিব পৰা ক্ষমতা থকাটোহে। ব্যক্তিগতভাৱে মই বিশ্বাস কৰোঁ যে মৌপালন এটা সন্মানীয় বৃত্তি আৰু ইয়াৰ বহু চিকিৎসামূলক গুণো আছে।"  
 
ছানিয়া জেহৰাই পালন কৰা মৌ-মাখিৰ বাকচবোৰ
 
বিশেষকৈ কাশ্মীৰত মহিলাৰ বাবে কোনো যাত্ৰা সহজ নহয় বুলি কোৱা কথাষাৰ ছানিয়াই স্বীকাৰ কৰে। তেওঁ কয়, "প্ৰথম অৱস্থাত মোক বহুতে বহু সমালোচনা কৰিছিল, আনকি ঘনিষ্ঠ আত্মীয়ৰ পৰাও মই কটু মন্তব্য শুনিবলৈ পাইছিলো। কিন্তু আল্লাহু আকবৰ, মই কেতিয়াও সাহস হেৰুৱাই হতাশ হৈ পৰা নাছিলো। মই সদায় মোৰ কামত মনোনিৱেশ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলো আৰু আজি মই মোৰ কামত সঁচাকৈয়ে সন্তুষ্ট।"
 
ছানিয়াই কয় যে তেওঁ কেৱল ভাল উপাৰ্জন কৰাই নহয়, তেওঁৰ মৌপালন ব্যৱসায়ে তেওঁক অন্যান্য উদ্যোগতো সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰিছে। তেওঁ কয়, "মৌপালনৰ জৰিয়তে মই সৌন্দৰ্য্য সামগ্ৰী, মম আৰু সেউজীয়া পৰাগও প্ৰস্তুত কৰোঁ।"
 
ছানিয়া জেহৰাই পালন কৰা মৌ-মাখি
 
তেওঁ কয় যে, চৰকাৰে তেওঁক এই ব্যৱসায়ৰ বাবে যথেষ্ট সহায় আগবঢ়াইছে, যিকোনো ইচ্ছুক ব্যক্তিয়ে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি মৌপালন আঁচনিসমূহৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে বুলিও ছানিয়াই জনায়। ছানিয়াই তেওঁৰ বাৰ্তাত কয়, "কোনো কামেই সৰু নহয়। সকলোৱে নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগে, কাৰণ আল্লাহে সৰু সৰু প্ৰচেষ্টাতো উন্নতি আৰু সফলতা দান কৰে।"   
 
কাশ্মীৰত মহিলাসকল ব্যৱসায়ৰ প্ৰতি খুবেই আগ্ৰহী। কিন্তু যুগ যুগ ধৰি মহিলাসকলে ৰন্ধা-বঢ়া, ঘৰ চাফ-চিকুণ কৰা তথা পৰিয়ালৰ যত্ন লোৱা আদি কামৰ মাজতে আৱদ্ধ হৈ আহিছে। অৱশ্যে নতুন প্ৰজন্মৰ যুৱতী উদ্যোগীসকলে এই সকলো ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি ওলাই আহি ব্যৱসায়ৰ ক্ষেত্ৰখনত যোগদান কৰা দেখা গৈছে। 
 
ছানিয়া জেহৰা তেওঁ প্ৰস্তুত কৰা মৌ
 
তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ নিয়োগ নিশ্চয়তা কাৰ্যসূচী (পিএমইজিপি)ৰ অধীনত যোৱা তিনি বছৰত মহিলাসকলে ১৪,৯৪৩টা প্ৰকল্প স্থাপন কৰিছে। এই পদক্ষেপে কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।