আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে চিত্ৰ আৰু ভাস্কৰ্য্য শিল্পক ব্যতিক্ৰমী ৰূপ দিছে জেহেৰুল হকে

Story by  Ariful Islam | Posted by  Munni Begum • 2 Months ago
জেহেৰুল হক
জেহেৰুল হক
 
আৰিফুল ইছলাম / গুৱাহাটী 
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আনুষ্ঠানিক প্ৰশিক্ষণে একমাত্ৰ আহিলা হ'ব নোৱাৰে। এই কথা প্ৰমাণ কৰিলে দৰং জিলাৰ এজন যুৱকে। চিত্ৰকলাৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ জেহেৰুল হক নামৰ যুৱকজনে চিত্ৰশিল্প আৰু ভাস্কৰ্য্য শিল্পক এক ব্যতিক্ৰমী ৰূপ দিছে। কাঠ কাটি তেওঁ অংকন কৰিছে বহু ছবি।  
 
দৰং জিলাৰ দুমুনিচকীৰ নিবাসী জেহেৰুল হকে নিজৰ ঘৰতে কাঠ কাটি ভাস্কৰ্য্য শিল্প আৰু চিত্ৰশিল্পৰ সংমিশ্ৰণেৰে এক ব্যতিক্ৰমী ৰূপত 3D চিত্ৰ প্ৰস্তুত কৰি আহিছে। জেহেৰুলে সৰুৰে পৰাই চিত্ৰশিল্পৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল, যদিও কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল। আৰম্ভণিতে জেহৰুলে পেঞ্চিল আৰ্ট কৰিছিল। আৰম্ভণিতে কাঠ কাটি চিত্ৰ প্ৰস্তুত কৰাটো জেহেৰুলৰ বা এক অতি কঠিন কাম আছিল। কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে বিদেশৰ শিল্পীসকলক চাই চাই তেওঁ অতি সোনকালে এই বিদ্যা আয়ত্ত কৰি লৈছিল।  
 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেহেৰুল হকে কয়, "মই চিত্ৰশিল্পৰ প্ৰতি সৰুৰে পৰাই আগ্ৰহী আছিলোঁ। একাদশ শ্ৰেণীৰ পৰা মই পেঞ্চিল আৰ্ট কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই কাঠত 3D আৰ্ট বনাবলৈ শিকিলোঁ আৰু এতিয়া এনেকৈ কৰি আছোঁ। কাঠৰ বৰ্ডবোৰ ক্ৰয় কৰিবলৈ মই অৰ্ডাৰ কৰো আৰু সেইবোৰৰ ওপৰত প্ৰস্তুত কৰিবলগীয়া ছবিখনৰ কাটিং কৰোঁ। অংকন কৰিবলৈ লোৱা ফটোখন প্ৰথমতে বৰ্ডখনত পেঞ্চিলেৰে আঁকি লওঁ, তাৰপিছত বোৰ্ডখন কাটি ছবিখন প্ৰস্তুত কৰি উলিয়াও। মই যদি ৰাতিপুৱাৰ পৰা কাম কৰোঁ তেনেহলে এদিনত মাত্ৰ দুখনহে ফটো প্ৰস্তুত কৰিব পাৰো। কিয়নো এখন ফটো প্ৰস্তুত কৰি উলিয়াবলৈ কমেও ৫-৬ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।"  
 
সামাজিক মাধ্যমত জেহেৰুলৰ কামক সকলোৱে প্ৰশংসা কৰাৰ উপৰিও আঁকোৱালি লৈছে। সামাজিক মাধ্যমৰ যোগেদি বহুতে নিজৰ নিজৰ ফটো প্ৰস্তুত কৰি দিয়াৰ বাবে জেহেৰুলক অৰ্ডাৰো দি আহিছে। এখন ফটো বনাই দিয়াৰ বাবদ জেহেৰুলে ১০০০-২০০০ টকালৈ মাচুল লয়। ইতিমধ্যে জেহেৰুলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্নজন গণ্য-মান্য ব্যক্তিত্বৰ ছবি।    
 
জেহেৰুল হকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কেইখন মান 3D চিত্ৰ
 
জেহেৰুলে কয়, "যাৰ মনত কলা থাকে বা যিসকলে কলাৰ সাধনা কৰে তেওঁলোকে কাৰো অধীনত থাকিব নিবিচাৰে। মই এই কামটো কৰি মনত সুখ অনুভৱ কৰোঁ, সেইকাৰণে এইটোকে মই মোৰ পেছা হিচাপত বাছি ললোঁ। এতিয়ালৈকে মই ১৫০ ৰো অধিক চিত্ৰ প্ৰস্তুত কৰিছোঁ। তাৰে ভিতৰত কিছুমানক মই উপহাৰ হিচাপেও দিছোঁ আৰু কিছুমান অৰ্ডাৰ অনুযায়ী প্ৰস্তুত কৰিছোঁ। ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা মই কাঠত 3D আৰ্ট কৰা শিকিছিলো, যদিও প্ৰায় ৬ মাহলৈ মই অনুশীলনহে কৰি আছিলোঁ। তাৰপিছৰ পৰা ভালদৰে তথা নিখুঁতভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু অৰ্ডাৰ অনুযায়ী কাম কৰিব ল'লোঁ।"    
 
বৰ্তমান জেহেৰুল হকে নিজৰ 3D আৰ্টটো আৰু অধিক উন্নীতকৰণৰ ক্ষেত্ৰত কাম কৰি আছে। নতুন নতুন ৰঙৰ সংযোজনেৰে 3D আৰ্টসমূহ আৰু অধিক আকৰ্ষণীয় কৰি তুলিব বুলি প্ৰতিভাৱান যুৱকজনে উল্লেখ কৰে। জেহেৰুল হকে তেওঁৰ কামসমূহ আৰু অধিক অত্যাধুনিক কৰি তুলিবলৈ ঘৰতে এটা ষ্টুডিঅ' নিৰ্মাণ কৰি আছে।  
 
বৰষা ৰাণী বিষয়া আৰু নিতুমণি শইকীয়াক চিত্ৰ উপহাৰ দিয়া মুহূৰ্তত
 
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে জেহেৰুল হকে তেওঁৰ স্কুলীয়া শিক্ষাৰ অন্ত পেলাই। তাৰপিছত এবছৰ তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু এখন দোকানো দিছিল। কিন্তু আৰ্টত বাহিৰে তেওঁ অন্য কাম কৰাত মনোযোগ দিব নোৱাৰিলে। সেয়েহে পিছত সকলোবোৰ বাদ দি জেহেৰুলে একান্তভাৱে আৰ্টকে নিজৰ পেছা হিচাপে বাছি ল'লে।   
 
আৰ্টৰ উপৰিও জেহেৰুলে খাদ্য বনাই আৰু খাই ভাল পাই। ভৱিষ্যতে তেওঁৰ এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা আছে। ইয়াৰোপৰি জেহেৰুল বৰ্তমান বহু লৰা-ছোৱালীক শিল্পকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে। ভৱিষ্যতে তেওঁ নিজকে এগৰাকী ছছিয়েল মেডিয়া ইনফ্লুয়েন্সাৰ হিচাপেও চাব বিচাৰে।