কাঠৰ বুলেট: জুনাইদ ছাইফীৰ সৃষ্টিয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ

Story by  atv | Posted by  Munni Begum • 9 d ago
জুনাইদ ছাইফী
জুনাইদ ছাইফী
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
অভাৱে আৱিষ্কাৰৰ মূল। উত্তৰ-প্ৰদেশৰ জলিলপুৰ ব্লকৰ ধীনৱাৰপুৰা গাঁৱৰ নিবাসী মহম্মদ জুনাইদ ছাইফী ইয়াৰ অন্যতম শ্ৰেষ্ঠ উদাহৰণ। তেওঁৰ ঘৰত পূৰ্বপুৰুষৰ দিনৰ পৰাই কাঠ শিল্পৰ কাম কৰা হয়। উদ্যোগীসকলৰ পৰা লাভ কৰা অৰ্ডাৰ অনুসৰি তেওঁলোকে কাঠৰ সামগ্ৰী তৈয়াৰ কৰে। 
 
কিন্তু লকডাউনৰ সময়ত যেতিয়া অৰ্ডাৰ অহা বন্ধ হৈ গ’ল, তেতিয়া জুনাইদে নতুনকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিলে। ইয়াৰ পিছত তেওঁ এখন কাঠৰ চাইকেল আৰু অন্যান্য কিছুমান সা-সামগ্ৰীও তৈয়াৰ কৰিছিল। এইবোৰ ৰাইজে আদৰি লোৱাত তেওঁ এই হস্তশিল্পৰ কামটো গভীৰভাৱে কৰিবলৈ লয়। 
 
 
বাইকৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত জুনাইদৰ শেহতীয়া এক হস্তশিল্প ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সদায়ে নতুন কিবা এটা কৰাৰ প্ৰতি আগ্ৰহী যুৱকজনে এখন কাঠৰ বুলেট প্ৰস্তুত কৰিছে। জুনাইদে এই কাঠৰ বুলেটখন মাত্ৰ ৯৫,০০০ টকাত সাজি উলিয়াইছে। বুলেটখন পেট্ৰ’লেৰে চলালে ৫০ কিলোমিটাৰ মাইলেজ দিয়ে। অভিনৱ ধৰণৰ বুলেটখন ক্ৰয় কৰিবলৈ সম্প্ৰতি জুনাইদে মুম্বাই, গুজৰাট আৰু দিল্লীৰ পৰা বহু গ্ৰাহকৰ অহৰহ ফোনকল পাই আছে।
 
অৱশ্যে, তেওঁৰ যাত্ৰা সহজ নাছিল। আচলতে জুনাইদ ছাইফীয়ে ছ’চিয়েল মিডিয়াত বিদেশীয়ে কাঠৰ চাইকেল আৰু অন্যান্য ধুনীয়া সা-সামগ্ৰী তৈয়াৰ কৰা দেখিছিল। তেতিয়া তেঁৱো কাঠৰ চাইকেল এখন বনোৱাৰ কথা ভাবিছিল যদিও ঘৰত বা গাঁৱৰ কোনেও এই কথা ভবা নাছিল। যোৱা বছৰ জুনাইদে ইণ্টাৰনেটৰ পৰা কাঠৰ চাইকেল আদি বনোৱাৰ কাম শিকিছিল আৰু ঘৰত পৰি থকা মজবুত ছিশম কাঠত খোদিত কৰি চাইকেলখনত ব্যৱহাৰ কৰে। 
 
ইয়াৰ লগতে তেওঁ কাঠৰ শিকলি, গীটাৰ আৰু এটা ডাঙৰ ঘড়ীও তৈয়াৰ কৰিছিল। কাঠৰ কামৰ সৈতে জড়িত উদ্যোগীসকলে জুনাইদৰ সামগ্ৰী ভাল পাইছে আৰু তেওঁ অৰ্ডাৰো লাভ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ ছিশম আৰু পাইন কাঠৰ পৰা সামগ্ৰী তৈয়াৰ কৰি আছে। পেছাত কাঠমিস্ত্ৰী বিজনোৰৰ জলিলপুৰ গাঁৱৰ নিবাসী মহম্মদ জুনাইদ ছাইফীয়ে কেৱল কাঠৰ বুলেট বনোৱাই নহয়, হেলমেটটোও কাঠেৰে তৈয়াৰ কৰিছে। এইটো সুৰক্ষাৰ ক্ষেত্ৰতো অতি শক্তিশালী।
 
মহম্মদ জুনাইদ ছাইফীয়ে বনোৱা কাঠৰ বুলেট 
 
জুনাইদে বনোৱা শিকলি থকা ডাঙৰ ঘড়ীটো দেখি গুৰুদ্বাৰা কমিটীৰ লোকে তেওঁৰ লগত যোগাযোগ কৰি ঘড়ী এটা বনাই গুৰুদ্বাৰত স্থাপন কৰিছে। তেওঁ বনোৱা চাইকেলখন ৰাস্তাত সুকলমে চলি আছে। এইবাৰ তেওঁ বনোৱা কাঠৰ বুলেটে ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা লাভ কৰিছে। 
 
জুনাইদ ছাইফীয়ে প্ৰায় তিনিমাহত এই মডিফাইড বুলেট বাইকখন প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ বাবে তেওঁৰ প্ৰায় ৮০ৰ পৰা ৯০ হাজাৰ টকা ব্যয় হৈছে। বাইকখন জুনাইদে অতি সোনকালে বৈদ্যুতিক বাইকলৈ ৰূপান্তৰিত কৰিব। ইয়াৰ উপৰিও ছোৱালীসকলে চলাব পৰা বিশেষ বাইকৰো অৰ্ডাৰো আহিবলৈ আৰম্ভ কৰিছে। এই কৃতিত্বৰ বাবে জুনাইদে যথেষ্ট প্ৰশংসা লাভ কৰিছে।
 
আচলতে, যদি এজন ব্যক্তিৰ কিবা এটা কৰাৰ আবেগ থাকে তেন্তে ডাঙৰ কামটোও সহজ হৈ পৰে। প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী জুনাইদেও একেধৰণৰ কাম কৰিছে।