বিশ্বৰ দ্রুততম তথা অত্যাধুনিক হাইপাৰলুপ ৰে'ল প্ৰকল্পৰ নেতৃত্বত অসমৰ সিদ্ধার্থ বৰুৱা

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিশ্বৰ দ্রুততম তথা অত্যাধুনিক হাইপাৰলুপ ৰে'ল প্ৰকল্পত ওতঃপ্রোতভাৱে জড়িত হৈ পৰিছে অসমৰ এগৰাকী তৰুণ অভিযন্তা। ঘণ্টাত সর্বাধিক ১,২০০ কিঃমিঃ বেগী হাইপাৰলুপ ৰে'লৰ ছফ্টৱেৰ প্ৰগ্ৰেমিঙত নেতৃত্ব লোৱা অভিযন্তাগৰাকী হ'ল বর্তমানে মাদ্রাজ আই আই টিৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ সিদ্ধার্থ বৰুৱা।  
 
লখিমপুৰৰ ঘিলামৰাৰ ৰাইদঙীয়া গাঁৱৰ সন্তান সিদ্ধার্থই ছাত্রাৱস্থাতে জড়িত হৈ পৰিছে ভাৰতৰ অভিলাষী হাইপাৰলুপ ৰে'ল প্ৰকল্পত; দেওবাৰে মাদ্রাজ আই আই টি চৌহদত থকা ডিস্ক'ভাৰী কেম্পাছত সিদ্ধার্থ বৰুৱাৰ আৱিষ্কাৰ ক্লাবৰ সতীৰ্থসকলে নিৰ্মাণ কৰি উলিওৱা ৪১০ মিটাৰ দৈৰ্ঘ্যৰ হাইপাৰলুপ টেষ্ট কৰিডৰ পৰিদৰ্শন কৰি এই সফল উদ্ভাৱনৰ পৰা বিজ্ঞানী-অভিযন্তা দলক ভূয়সী প্রশংসা কৰে কেন্দ্ৰীয় ৰে'ল, তথ্য-সম্প্ৰচাৰ আৰু তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে। 
 
ৰে'ল বিভাগৰ পুঁজিৰে আৰম্ভ হোৱা এই প্ৰকল্পৰ পিচতে দেশত বাণিজ্যিকভাৱে প্রথমে ৫০ কিঃমিঃ পথত হাইপাৰলুপ ৰে'ল চলাচলৰ দিশত কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। ৪১০ মিটাৰৰ এই হাইপাৰলুপ কৰিডৰ এছিয়াৰ দীর্ঘতম টেষ্ট কৰিডৰ। দেশীয় প্রযুক্তি ব্যৱহাৰেৰে টেষ্টিং ব্যৱস্থা উদ্ভাৱন কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- হাইপাৰলুপৰ ইলেক্ট্রনিক ব্যৱস্থা নিৰ্মাণ কৰা হ'ব চেন্নাইৰ ইন্টেগ্রেল কণ্ঠ ফেক্টৰীত (আই চি এফ)। এই কাৰখানাতে দ্রুতবেগী বন্দে ভাৰত ৰে'লৰ ইলেক্ট্রনিক ব্যৱস্থা প্রস্তুত কৰা হৈছিল। মাদ্রাজ আই আই টিক হাইপাৰলুপ প্ৰকল্পৰ পৰীক্ষাৰ বাবে ৰে'ল বিভাগে দুটা পর্যায়ত ৯ কোটি টকাকৈ অনুদান আগবঢ়াই প্রকল্পলৈ সমর্থন আগবঢ়াই আহিছে। 
 
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰত প্ৰথমটো পৰীক্ষা সম্পন্ন কৰিছিল মাদ্রাজ আই আই টিয়ে। সম্প্রতি বিশ্বত আঠটা বৃহৎ হাইপাৰলুপ ৰে'ল প্ৰকল্পৰ কাম চলি আছে। ঘিলামৰাৰ বাইদভীয়া গাঁৱৰ সিদ্ধার্থ বৰুৱাৰ এই বিৰল সাফল্যই পিতৃ তথা আৰ পি এফৰ প্ৰচিকিউচ্চন চেলৰ পৰিদৰ্শক সত্য বৰুৱা আৰু মাতৃ শুৱলা বৰগোহাঞি, ককাক আইতাক নৰেন বৰুৱা আৰু প্রতিভা বৰুৱাৰে নাম উজ্জ্বল কৰা নাই, দেশৰ প্ৰথমটো অভিলাষী ৰে'ল প্রকল্পত আসমৰ নাম সাঙোৰ খুৱাই ৰাজ্যবাসীকে গৌৰৱান্বিত কৰি তুলিছে। 
 
হাইপাৰলুপ ৰে'লৰ কন্ট্র'ল পেনেল উদ্ভাৱনৰ মূল দায়িত্বত থাকি মাদ্রাজ আই আই টিৰ ইলেক্ট্রিকেল বিভাগৰ চূড়ান্ত ষান্মাসিকৰ ছাত্র সিদ্ধার্থ বৰুৱাই সমগ্র হাইপাৰলুপ প্রকল্পক আগুৱাই নিয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতত হাইপাৰলুপ ৰে'লৰ সাফল্যৰ কাহিনী। কিয়নো হাইপাৰলুপৰ সাফলাই ভাৰতীয় ৰে'লত সূচনা কৰিব বৈপ্লৱিক পৰিবর্তনৰ।